কমলপুৰ,15 জুলাই : কামৰূপ জিলাৰ কমলপুৰ আৰক্ষী থানাৰ অন্তৰ্গত কলাজলত জাল নোট আৰু নকল সোণৰ সৈতে আটক এগৰাকী প্ৰৱঞ্চক । গোপন সূত্ৰৰ পম খেদি কমলপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মৃণাল কুমাৰ দাসৰ নেতৃত্বত যোৱা এটি আৰক্ষী দলে চন্দ্ৰোদয় ধাবাত অভিযান চলায় আটক কৰিবলৈ সক্ষম হয় প্ৰৱঞ্চক গৰাকীক । ধৃত জাহিৰ খান নামৰ বিহাৰৰ প্ৰৱঞ্চক গৰাকীক আটক কৰাৰ লগতে আৰক্ষীয়ে লোকজনৰ পৰা কেইবাটাও পাঁচশ টকীয়া জাল নোটৰ বাণ্ডিল,নকল সোণৰ বিস্কুট আৰু এখন মটৰ চাইকেল জব্দ কৰে ৷
জাল নোট আৰু নকল সোণসহ কমলপুৰ আৰক্ষীৰ জালত এজন
কলাজলত জাল নোট আৰু নকল সোণৰ সৈতে আটক এগৰাকী প্ৰৱঞ্চক । কমলপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মৃণাল কুমাৰ দাসৰ নেতৃত্বত যোৱা এটি আৰক্ষী দলে চন্দ্ৰোদয় ধাবাত অভিযান চলায় আটক কৰিবলৈ সক্ষম হয় প্ৰৱঞ্চক গৰাকীক ।
জাল নোট আৰু নকল সোণসহ এজন আটক
আৰক্ষী সূত্ৰই প্ৰকাশ কৰা অনুসৰি কলাজলৰ চন্দ্ৰোদয় ধাবাত প্ৰৱঞ্চক গৰাকীয়ে প্ৰৱঞ্চনা কৰাৰ বাবে খাপ পিটি থকা অৱস্থাত আৰক্ষীয়ে আটক কৰে লোকজনক ৷ ইপিনে জাহিৰ খান নামৰ প্ৰৱঞ্চকগৰাকীয়ে সৰ্থেবাৰী,লখৰা,লালমাটি আদি অঞ্চলত নিগাজীকৈ থাকিবলৈ লৈ প্ৰৱঞ্চনাৰ এক বৃহৎ নেটৱৰ্ক গঢ়ি তোলা বুলিও সদৰি কৰে আৰক্ষীয়ে। আনহাতে ঘটনা সন্দৰ্ভত কমলপুৰ আৰক্ষীয়ে ১৭৮/১৯ নম্বৰত ভাৰতীয় দণ্ডবিধি আইনৰ ৪২০ ধাৰাত এক গোচৰ ৰুজু কৰি অব্যাহত ৰাখিছে তদন্ত প্ৰক্ৰিয়া।