বাইহাটা, ২৬ জানুৱাৰী: সমগ্ৰ দেশৰ লগতে অসমৰ বিভিন্ন প্ৰান্ততো আজি ৭২ সংখ্যক গণৰাজ্য দিৱস উলাহ-মালহৰে উদযাপন কৰা হৈছে । কামৰূপৰ কমলপুৰতো পুৱা ৯ বজাত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে কমলপুৰ ৰাজহ চক্ৰ বিষয়া ড০ অংকিতা শৰ্মাই ।
কমলপুৰত ৭২ সংখ্যক গণৰাজ্য দিৱস উদযাপন - ৰাজহ চক্ৰ বিষয়া ড০ অংকিতা শৰ্মা
আজি দেশজুৰি পালন কৰা হৈছে ৭২ সংখ্যক গণৰাজ্য দিৱস । কমলপুৰতো গণৰাজ্য দিৱস উদযাপন । গণৰাজ্য দিৱসৰ কাৰ্যসূচীত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে কমলপুৰ ৰাজহ চক্ৰ বিষয়া ড০ অংকিতা শৰ্মাই ।
কমলপুৰত ৭২ সংখ্যক গণৰাজ্য দিৱস উদযাপন
শেহতীয়াকৈ ঘোষণা কৰা অসম লোকসেৱা আয়োগৰ পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা কমলপুৰ অঞ্চলৰ ৫ গৰাকী মেধাৱী শিক্ষাৰ্থীক এই অনুষ্ঠানতে সম্বৰ্ধনা জনোৱা হয় । ১৯৫০ চনৰ আজিৰ দিনটোতে ভাৰতৰ সংবিধান বলৱৎ হৈছিল । তেতিয়াৰে পৰা ২৬ জানুৱাৰীৰ দিনটো গণতন্ত্ৰ দিৱস হিচাপে পালন আহিছে ভাৰতবাসীয়ে ।
লগতে পঢ়ক:৭২ সংখ্যক গণৰাজ্য দিৱসৰ দিনাই তিনিচুকীয়াত উৰিল আলফা (স্বা)ৰ পতাকা