কামৰূপ, 27 এপ্ৰিলঃ কামৰূপ জিলা প্ৰশাসনৰ তত্বাৱধানত আবদ্ধ হৈ থকা লোকৰ বাবে ২৩০খন বাছ সাজু কৰি ৰাখিছে। ইতিমধ্যে 600 তকৈ অধিক যাত্ৰী নিজ নিজ ঘৰলৈ ওভতি যাবলৈ আমিনগাঁৱত ভিৰ কৰা পৰিলক্ষিত হৈছে ৷
২৩০ খন বাছ সাজু কামৰূপ জিলা প্ৰশাসনৰ - কামৰূপ জিলা প্ৰশাসন
কামৰূপ জিলা প্ৰশাসনে প্ৰায় ২৩০খন বাছ সাজু কৰি ৰাখিছে। অসমৰ বিভিন্ন ঠাইত যাবলগীয়া যাত্ৰী বৰ্তমানলৈ ৬০০ কৈ অধিক লোক এতিয়াও অপেক্ষাত আছে ৷ সোমবাৰে নিশাৰ ভিতৰত আটাইকে নিজ নিজ গৃহলৈ পঠোৱাৰ ব্যৱস্থা কৰিছে কামৰূপ জিলা প্ৰশাসনে ।
লক ডাউনৰ বাবে ৰাজ্যৰ ভিন্ন প্ৰান্তত আবদ্ধ হৈ থকা অন্য জিলাৰ লোকসকলক গৃহ জিলালৈ উভতি যাবলৈ ৰাজ্য চৰকাৰে ব্যৱস্থা কৰিছে ৷ চৰকাৰে শিথিল কৰা আজি সোমবাৰ তৃতীয়টো দিন। ইতিমধ্যে কামৰূপ জিলা প্ৰশাসনৰ তত্বাৱধানত বিভিন্ন ঠাইত আবদ্ধ হৈ থকা লোকসকল নিজ নিজ ঘৰলৈ ১৫০০ তকৈ অধিক যাত্ৰী উভতি যাবলৈ সক্ষম হৈছে । এপ্ৰিলৰ পৰা ২৭ এপ্ৰিললৈকৈ চলিব লগীয়া বাছৰ সেৱাৰ বাবে কামৰূপ জিলাত প্ৰায় ১৯০০ লোকে Online আবেদন কৰিছিল অসমৰ বিভিন্ন ঠাইত থকা লোকসকলে । ইয়াৰ বাবে কামৰূপ জিলা প্ৰশাসনে প্ৰায় ২৩০খন বাছ সাজু কৰি ৰাখিছে বুলি সদৰি কৰিছে পৰিবহন বিষয়া গৌতম দাসে । তাৰোপৰি কামৰূপত তৃতীয় দিনটোত অসমৰ বিভিন্ন ঠাইলৈ ইতিমধ্যে নগাঁও,ধুবুৰী,গোৱালপাৰা,মাজুলী,গোলাঘাট,যোৰহাট,শিৱসাগৰ,তিনিচুকীয়া, ডিব্ৰুগড়লৈ প্ৰায় সহস্ৰাধিক অধিক লোকক প্ৰেৰণ কৰিছে বুলি জানিবলৈ দিয়ে বিষয়া গৰাকীয়ে ৷ ইয়াৰোপৰি অসমৰ বিভিন্ন ঠাইত যাবলগীয়া যাত্ৰী বৰ্তমানলৈ ৬০০ কৈ অধিক লোক এতিয়াও কামৰূপৰ আমিনগাঁৱত অপেক্ষাত আছে ৷ সোমবাৰে নিশাৰ ভিতৰতে আটাইকে নিজ-নিজ গৃহলৈ পঠাবলৈ ব্যৱস্থা কৰিছে কামৰূপ জিলা প্ৰশাসনে। আনহাতে সকলো যাত্ৰীৰ স্বাস্থ্য পৰীক্ষাৰ পিছতহে নিজ ঘৰলৈ ওভতি যোৱাৰ ব্যৱস্থা কৰে প্ৰশাসনে ৷
লগতে পঢ়ক- লক ডাউনৰ ফলত চৰম ক্ষতিগ্ৰস্ত গোৱালপাৰাৰ উদ্যোগী যুৱক