কামৰূপ, 21 মাৰ্চঃ ৰাজ্যত সঘনাই বৃদ্ধি পাইছে নাৰী নিখোজৰ ঘটনা । এইবাৰ পলাশবাৰী বিধান সভা সমষ্টিৰ বিজয়নগৰ আৰক্ষী চকীৰ অন্তৰ্গত নহিৰা মেলকিপাৰাৰ দুগৰাকী মহিলা একেলগে নিখোজ হোৱা ঘটনাই অঞ্চলটোত সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ ।
পলাশবাৰীৰ পৰা সন্ধানহীন 2 মহিলা মেলকিপাৰাৰ দেৱজিৎ দাসৰ পত্নী তথা এহাল কণমানি লৰা ছোৱালীৰ মাতৃ ৰেখা দাস (৩১) আৰু অজিত দাসৰ পত্নী তথা তিনি কনমাণি কন্যা সন্তানৰ মাতৃ প্ৰণতি দাসে (৩০) যোৱা ১২ মাৰ্চৰ দিনা বজাৰ কৰাৰ বাবে ঘৰৰ পৰা ওলাই গৈছিল । কিন্তু সেই যোৱাৰে পৰা আৰু উভতি অহা নাই । দুয়ো স্বামীয়ে বিজয়নগৰ আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে যদিও আৰক্ষীয়ে গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰে পৰিয়ালকেইটাই ।
পলাশবাৰীৰ পৰা সন্ধানহীন 2 মহিলা আনহাতে, ৰেখা দাস নামৰ মহিলাগৰাকীয়ে কিছুদিন ধৰি এগৰাকী ৰাজস্থানী লোকৰ সৈতে গোপন সম্পৰ্ক ৰক্ষা কৰি অহাৰ সন্ধেহ কৰা বুলিও স্বামী দেৱজিৎ দাসে জানিবলৈ দিছে । তাৰোপৰি অঞ্চলবাসীয়ে কোনো দুষ্ট চক্ৰৰ কৱলত পৰাৰ আশংকা কৰিছে মহিলা দুগৰাকী । এই ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে ।
পলাশবাৰীৰ পৰা সন্ধানহীন 2 মহিলা সন্ধানহীন প্ৰনতি দাসৰ কনমানি কন্যা সন্তানে লিখি উলিয়াইছে এখন চিঠি "মা তুমি যতেই যেনেকে আছা সোনকালে আহা । তুমি নহলে আমি জীয়াই থাকিব নোৱাৰিম ।" স্বামীৰো কান্দি কান্দি অনুৰোধ যতেই আছে সোনকালে আহক পত্নী ।
আৰু পঢ়কঃ যোৰহাট চিকিৎসা মহাবিদ্যালয়ত স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা