অসম

assam

Zubeen garg : লণ্ডনৰ পৰা ভিডিঅ’ শ্বেয়াৰ কৰি খুহুতীয়া ইংৰাজীৰে আমোদ দিলে জুবিন গাৰ্গে, চাওক ভিডিঅ’

By ETV Bharat Assamese Team

Published : Nov 22, 2023, 11:43 AM IST

Updated : Nov 22, 2023, 11:55 AM IST

Zubeen garg London video: ২০২৪ বৰ্ষত ছবিগৃহলৈ আহি আছে "চিকাৰ" । এতিয়া লণ্ডনত চিকাৰৰ শ্বুটিঙত ব্যস্ত জুবিন গাৰ্গকে ধৰি এদল অসমীয়া কলা-কুশলী ।

Zubeen garg shared a video via facebook from shooting location of his upcoming movie Sikar
লণ্ডনত চিকাৰৰ শ্বুটিংত ব্যস্ত হাৰ্টথ্ৰৱ জুবিন গাৰ্গ

গুৱাহাটী, 22 নৱেম্বৰ: সুদূৰ লণ্ডনত "চিকাৰ" ছবিৰ শ্বুটিঙত ব্যস্ত হৈ আছে নৱপ্ৰজন্মৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গ । অসমৰ পৰা আৰম্ভ হোৱা ছবিখনৰ শ্বুটিং সমাপ্ত হ’ব লণ্ডনত ৷ শেহতীয়াকৈ অসুস্থ হৈ পৰিছিল শিল্পীগৰাকী, এতিয়া সুস্থ হৈয়ে অসমৰ পৰা লণ্ডনত শ্বুটিং সমাপন কৰিবলৈ গৈছে জুবিন গাৰ্গ । জুবিন গাৰ্গৰ সৈতে লণ্ডনত ছবিখনৰ শ্বুটিঙত ব্যস্ত হৈ আছে ‘কেকে’ খ্যাত অভিনেতা সিদ্ধাৰ্থ শৰ্মা ৷

এতিয়া সুদূৰ লণ্ডনৰ পৰাই ছ’চিয়েল মিডিয়া যোগে অনুৰাগীৰ সৈতে জড়িত হৈ আছে জুবিন গাৰ্গ ৷ শেহতীয়াকৈ সিদ্ধাৰ্থ শৰ্মাৰ সৈতে নিজৰ ফেচবুক আৰু ইনষ্টাগ্ৰাম একাউন্টত ভিডিঅ’ শ্বেয়াৰ কৰিছে শিল্পীগৰাকীয়ে । লণ্ডনৰ পিক্কাডিলী চাৰ্কাচৰ পৰা ভিডিঅ’ শ্বেয়াৰ কৰিছে জুবিনে । ফেচবুকত শ্বেয়াৰ কৰা ভিডিঅ’টোত লণ্ডনৰ এখন দামী ডিস্ক’ৰ ৰিক্সাও দেখুৱাইছে জুবিন গাৰ্গে ।

ইফালে পূৰ্বৰে পৰা লণ্ডনত ছবিখনৰ শ্বুটিঙত ব্যস্ত হৈ থকা সিদ্ধাৰ্থ শৰ্মাৰ লণ্ডনৰ এটি ভিডিঅ’ যথেষ্ট ভাইৰেল হৈছিল, তাৰ পিচতেই আহিছে আন এটি ভিডিঅ’। য’ত জুবিন গাৰ্গে সহযোগিতা আগবঢ়াইছে অভিনেতাগৰাকীক। কিছুদিন পূৰ্বে অভিনেতা সিদ্ধাৰ্থ শৰ্মাই লণ্ডনৰ পৰা আপলোড কৰিছিল এটা ভিডিঅ’। য’ত দেখা গৈছিল অভিনেতা সিদ্ধাৰ্থ শৰ্মাই "কেকে" চৰিত্ৰটোৰ জৰিয়তে যি দৰে খুহুঁতীয়া ইংৰাজী কৈ দৰ্শকক মনোৰঞ্জন প্ৰদান কৰি আহিছিল ঠিক তেনেদৰে ইংৰাজী ভাষাত চিনেমেট’গ্ৰাফাৰৰ লগত কৰা কথোপকথনৰ এটি ভিডিঅ’ সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছিল । জুবিন গাৰ্গে মঙলবাৰে শ্বেয়াৰ কৰা ভিডিঅ’টোত সিদ্ধাৰ্থ শৰ্মাৰ দৰে এতিয়া জুবিন গাৰ্গেও খুহুতীয়া ইংৰাজী কৈ দৰ্শকক মনোৰঞ্জন দিয়া পৰিলক্ষিত হৈছে ।

লগতে পঢ়ক:লণ্ডনত চলি আছে চিকাৰৰ শ্বুটিং, লণ্ডনৰ পৰাই সিদ্ধাৰ্থ শৰ্মাই শ্বেয়াৰ কৰিলে এটা ভিডিঅ’

উল্লেখযোগ্য যে, বিগ ফিল্মছ মিডিয়া আৰু ডীক্ৰেটিভ ষ্টুডিঅ’ এল এল পি (ইণ্ডিয়া) ৰ বেনাৰত নিৰ্মাণ কৰা "চিকাৰ" ছবিখন ৷ ইতিমধ্যেই অসমত সম্পন্ন হৈছে ছবিখনৰ কিছু শ্বুটিং ৷ এতিয়া ছবিখনৰ ৭০ শতাংশ শ্বুটিং লণ্ডনত চলি আছে । ৰোমাঞ্চ, একচন, থ্ৰীলাৰ ছবিখনৰ কাহিনী চাহ বাগিচাৰ এজন যুৱকৰ আধাৰত নিৰ্মিত । অসমত শ্বুটিং সামৰি লণ্ডনত বাকী ৭০ শতাংশৰ কামত ব্যস্ত এতিয়া অভিনেতা সিদ্ধাৰ্থ শৰ্মাকে ধৰি ছবিখনৰ সৈতে জড়িত আন কলা-কুশলীসকল ।

লগতে পঢ়ক:জুবিন গাৰ্গৰ জন্মদিন উদযাপন অনুৰাগীৰ

Last Updated : Nov 22, 2023, 11:55 AM IST

ABOUT THE AUTHOR

...view details