অসম

assam

ETV Bharat / state

অনুষ্ঠানৰ মাজতে হঠাৎ ঢলি পৰিল জুবিন গাৰ্গ - Zubeen Garg

অনুষ্ঠানৰ শুভ উদ্বোধন কৰিবলৈ গৈ হঠাতে ঢলি পৰে জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গ ৷ স্নায়ুজনিত কাৰনত শিল্পী গৰাকী ঢলি পৰাৰ কথা প্ৰকাশ কৰে চিকিৎসকে ৷

হঠাৎ ঢলি পৰিল জুবিন গাৰ্গ
হঠাৎ ঢলি পৰিল জুবিন গাৰ্গ

By

Published : Feb 28, 2020, 10:18 PM IST

Updated : Feb 28, 2020, 10:38 PM IST

গুৱাহাটী, 28 ফেব্ৰুৱাৰীঃগুৱাহাটী টাউন ক্লাৱৰ এক অনুষ্ঠানৰ শুভ উদ্বোধন কৰিবলৈ গৈ হঠাতে ঢলি পৰে জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গ ৷ততাতৈয়াকৈ মহানগৰীৰ নেমকেয়াৰ হস্পিতালত ভৰ্তি কৰোৱা হয় শিল্পী গৰাকীক ৷ অত্যন্ত কষ্ট আৰু টোপনি ক্ষতিৰ ফলত স্নায়ুজনিত কাৰনত শিল্পী গৰাকী ঢলি পৰাৰ কথা প্ৰকাশ কৰে চিকিৎসকে ৷

নেমকেয়াৰ হস্পিতালত ভৰ্তি কৰোৱা হয় শিল্পী গৰাকী

অসুস্থ হৈ পৰি যোৱাৰ আগমূহুৰ্তত চকু আৰু গাৰ ৰং ৰঙা পৰাৰ লগতে শিল্পীগৰাকী বিৰক্তিকৰ অৱস্থাত থকা বুলি উল্লেখ কৰে অনুষ্ঠানত উপস্থিত থকা সাংবাদিক নিতুমণি শইকীয়াই ৷ডাঃ সুশিভা বৰ্মনৰ তত্বাৱধানত বৰ্তমান স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে জুবিন গাৰ্গ ৷ শিল্পীগৰাকীৰ স্বাস্থ্যৰ খবৰ ল'বলৈ চিকিৎসালয়ত উপস্থিত হয় মন্ত্ৰী নৱ কুমাৰ দলে,পবিত্ৰ মাৰ্ঘেৰিটা,আচুৰ্য বৰপাত্ৰকে ধৰি বহু কলা কুশলী আৰু অনুৰাগী ৷

এক অনুষ্ঠানৰ মাজতে হঠাৎ ঢলি পৰিল জুবিন গাৰ্গ

উল্লেখ্য যে, অসুস্থতাৰ বাবে কাইলৈ তিনিচুকীয়াৰ কাকপথাৰত আয়োজিত বাঁহেৰে নিৰ্মিত জুবিন গাৰ্গ সেতু উদ্ধোধন কাৰ্যসূচীত অংশ ল'ব নোৱাৰে জুবিন গাৰ্গে ৷

কাকপথাৰবাসীৰ ওচৰত ক্ষমা প্ৰাৰ্থনা গৰিমা গাৰ্গৰ

লগতে পঢ়কঃ

ট্ৰাম্পৰ ভাষণৰ পিছত ডি.ডি.এল.জে 2 বনোৱাৰ ইচ্ছা গৌৰী খানৰ

Last Updated : Feb 28, 2020, 10:38 PM IST

ABOUT THE AUTHOR

...view details