ৰঙিয়া, 4 চেপ্টেম্বৰ: ৰঙিয়াত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা ৷ ৰাজ্যৰ বহু যুৱক কামৰ তাড়নাত গৈ বহিঃ ৰাজ্যত সন্ধানহীন হোৱাৰ খৱৰে প্ৰায়ে বাতৰিৰ শিৰোনাম দখল কৰা দেখা যায় ৷ কিন্তু এইবাৰ বহিঃ ৰাজ্যত গৈ নহয়, কাম বিচাৰি গুৱাহাটী মহানগৰীত সন্ধানহীন হৈছে ৰঙিয়াৰ এজন যুৱক (Youth missing in Guwahati) ৷
তথ্য অনুসৰি জানিব পৰা মতে , সন্ধানহীন হোৱা যুৱকজন হৈছে ৰঙিয়াৰ তুলসীবাৰীৰ ৰাহুল কলিতা (২২) । পৰিয়ালটোক আৰ্থিক ভাৱে কিছু সকাহ দিবলৈ ২০ দিন পূৰ্বে নলবাৰীৰ বন্ধু এজনৰ সৈতে গুৱাহাটীৰ বেলতলা তিনিআলিস্থিত লেবৰটৰীত কাম উদ্দেশ্যে ওলাই গৈছিল । কিন্তু যোৱা ছয় দিনে যুৱকজনৰ নাই কোনো সন্ধান ।
গুৱাহাটীত সন্ধানহীন হৈছে ৰঙিয়াৰ যুৱক ঘটনা সন্দৰ্ভত ভুক্তভোগী পৰিয়ালটোৱে তুলসীবাৰী আৰক্ষীৰ কাষ চাপে । কণিষ্ঠ পুত্ৰ ৰাহুল কলিতা আজি ছয় দিন ধৰি সন্ধানহীন হৈ থকাত দুখত ভাগি পৰিছে পিতৃ-মাতৃৰ লগতে আত্মীয় । আৰক্ষীয়েও বৰ্তমানলৈকে কোনো শুংসূত্ৰ লাভ কৰিবলৈ সক্ষম হোৱা নাই । অৱশেষত গুৱাহাটীৰ ৰাজপথত পিতৃ-মাতৃয়ে ব্যৱসায়ী, পথচাৰীসকলক নিৰুদ্দিষ্ট পুত্ৰৰ ফটো দেখুৱাই বিভিন্ন ঠাইত বিচাৰি ফুৰিছে । ইয়াৰ উপৰি আত্মীয় স্বজন আৰু পৰিচিত লোকৰ ঘৰত খা-খবৰ কৰিও কোনো শুংসূত্ৰ উলিয়াবলৈ সক্ষম নহ'ল ।
কোনো দুষ্ট চক্ৰৰ কবলত পৰা বুলি সন্দেহ কৰি চিন্তিত হৈ পৰিছে পৰিয়ালবৰ্গ । কি পৰিস্থিতিত আৰু কেনেকৈ যুৱকজন নিখোজ হ'ল সেয়া ৰহস্যৰ আৱৰ্তত । শীঘ্ৰে যুৱকজনক উদ্ধাৰ কৰিবলৈ আৰক্ষীক দাবী জনাইছে ।
লগতে পঢ়ক:টিংখাঙত একেখন গাঁৱৰে তিনি যুৱতী নিৰুদ্দেশ