অসম

assam

By

Published : Feb 13, 2023, 10:33 PM IST

ETV Bharat / state

World Radio Day 2023: ৰেডিঅ’ আৰু শান্তি‌ বিষয়বস্তুৰে উদযাপন‌ বিশ্ব ৰেডিঅ’ দিৱস

উনবিংশ শতিকাৰ মাজভাগত সমগ্ৰ বিশ্বতে ৰেডিঅ' সম্প্ৰচাৰ আৰম্ভ হৈছিল । শব্দ তৰংগ আৰু সংকেতৰ সহায়ত, বাৰ্তাবোৰ এক নিৰ্দিষ্ট বেণ্ডৱিথৰ ভিতৰত প্ৰেৰণ কৰা আৰম্ভ হয় । তথাকথিত অশিক্ষিত লোকসকলৰ বাবে তথ্য প্ৰচাৰৰ কথা মনত ৰাখি ৰেডিঅ'ৰ প্ৰয়োজনীয়তা অনুভৱ কৰা হয় । এই মাধ্যমৰ জনপ্ৰিয়তা জীয়াই ৰাখিবলৈ আৰু ইয়াৰ ব্যৱহাৰ বিয়পাবলৈ প্ৰতি বছৰে ১৩ ফেব্ৰুৱাৰীত বিশ্ব ৰেডিঅ' দিৱস বিশ্বব্যাপী পালন কৰা হয় (World Radio Day)।

World Radio Day 2023
ৰেডিঅ’ আৰু শান্তি‌ বিষয়বস্তুৰে উদযাপন‌ বিশ্ব ৰেডিঅ’ দিৱস

গুৱাহাটী, ১৩ ফেব্ৰুৱাৰী: ৰেডিঅ' আজি সকলোৰে বাবে এক নষ্টালজিয়া । কিন্তু তাৰে মাজতো এতিয়াও একাংশৰ বাবে ৰেডিঅ’ মনোৰঞ্জনৰ আহিলা হৈ আছে । ৰেডিঅ'ৰ স্বকীয়তা আজি অক্ষত হৈ আছে । তথ্য প্ৰযুক্তিৰ অভূতপূৰ্ব উত্থানৰ সময়ত ৰেডিঅ' এতিয়াও মানুহৰ মাজৰ পৰা হেৰাই যোৱা নাই । ৰেডিঅ'ৰ স্বকীয়তা যাতে হেৰাই নাযায় তাৰবাবে আজিৰ দিনটোত অৰ্থাৎ 13 ফেব্ৰুৱাৰীত সমগ্ৰ বিশ্বতে বিশ্ব ৰেডিঅ’ দিৱস হিচাপে পালন কৰা হয় (World Radio Day 2023) ।

২০১১ৰ পৰাই আজিৰ দিনটো বিশ্ব ৰেডিঅ’ দিৱস হিচাপে পালন কৰা হয় । এসময়ত ৰেডিঅ’ আছিল আভিজাত্যৰ প্ৰতীক । দীৰ্ঘসময় ৰেডিঅ’ যোগাযোগ আৰু মনোৰমধৰ্মী মাধ্যমৰ একছত্ৰী আছিল । কিন্তু এতিয়া কিছু ম্লান পৰিছে ৰেডিঅ’ৰ জনপ্ৰিয়তা । ম'বাইল ইন্টাৰনেট আগ্ৰাসনৰ মাজত ৰেডিঅ’ৰ জনপ্ৰিয়তা বহু পৰিমাণে হ্ৰাস পাইছে । কিন্তু ৰেডিঅ’ নোহোৱা হৈ যোৱা নাই ।

ৰেডিঅ’ আৰু শান্তি‌ বিষয়বস্তুৰে উদযাপন‌ বিশ্ব ৰেডিঅ’ দিৱস

চৰকাৰী ৰেডিঅ' চেনেল অৰ্থাৎ চৰকাৰৰ পৃষ্ঠপোষকতাত থকা আকাশবাণী কেন্দ্ৰৰ কাৰ্যসূচী ৰাইজৰ আশা, প্ৰয়োজনীয়তা পূৰণত লাহে লাহে দুৰ্বল হৈ অহাৰ বাবে ৰেডিঅ'ৰ জনপ্ৰিয়তা বিভিন্ন লোক ম্লান‌ পৰা বুলি মতপোষণ কৰা দেখা যায় । কিন্তু এফ এম ৰেডিঅ'ৰ (FM Radio India) আবিৰ্ভাৱ হোৱাৰ‌ পিচত মানুহৰ মাজত এফ এম ৰেডিঅ' জনপ্ৰিয়তা অৰ্জন কৰা দৈখা যায় । যোৱা কিছু বছৰৰ পৰা শিক্ষানুষ্ঠানসমূহত কেইখনমান বিশ্ববিদ্যালয়ত যেনে গুৱাহাটী বিশ্ববিদ্যালয় আৰু কৃষ্ণকান্ত সন্দিকৈ মুক্ত ৰাজ্যিক বিশ্ববিদ্যালয়ৰ কমিউনিটি ৰেডিঅ'য়ে ৰেডিঅ'ৰ জনপ্ৰিয়তাৰ ক্ষেত্ৰত ভূমিকা লোৱা দেখা গৈছে ।

ৰেডিঅ’ আৰু শান্তি‌ বিষয়বস্তুৰে উদযাপন‌ বিশ্ব ৰেডিঅ’ দিৱস

উল্লেখযোগ্য যে সমগ্ৰ বিশ্বতে বিশ্ব ৰেডিঅ' দিৱসৰ তাৎপৰ্য আছে । ২০১১ চনত বিশ্ব ৰেডিঅ’ দিৱসৰ গুৰুত্ব আৰম্ভ হয় । ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদে বিশ্ব ৰেডিঅ' দিৱসৰ প্ৰৱৰ্তন কৰে আৰু প্ৰতি বছৰে ১৩ ফেব্ৰুৱাৰীত এই দিৱস পালন কৰাৰ‌ বাবে নিৰ্ধাৰণ কৰা হয় । বিশ্বত সংস্কৃতিৰ বুজাবুজিক উৎসাহিত কৰা আৰু শুদ্ধ তথ্যৰ প্ৰচাৰক শক্তিশালী কৰাৰ উদ্দেশ্যেৰে ৰাষ্ট্ৰসংঘই ৰেডিঅ’ৰ গুৰুত্ব বুজি বিশ্ব ৰেডিঅ' দিৱসৰ প্ৰৱৰ্তন কৰিছিল ।

আজিৰ দিনটোত বিশ্ব ৰেডিঅ' দিৱস সমগ্ৰ বিশ্বৰ ৰেডিঅ' ষ্টেচন, সংস্থা আৰু ব্যক্তিসকলে ব্যাপকভাৱে উদযাপন কৰা হয় । প্ৰতিবছৰে এটা বিশেষ বিষয়-বস্তু নিৰ্ধাৰণ কৰি উদযাপন কৰা হয় ৰেডিঅ’ দিৱস । বিশ্ব ৰেডিঅ’ দিৱস ২০২২ ৰ বিষয়-বস্তু আছিল ‘‘ৰেডিঅ’ আৰু বিশ্বাস (Radio and trust)”। এইবাৰ অৰ্থাৎ বিশ্ব ৰেডিঅ’ দিৱস ২০২৩ ৰ বিষয়-বস্তু ‘‘ৰেডিঅ’ আৰু শান্তি‌(Radio and peace)” ।

লগতে পঢ়ক:Aero India 2023 : প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰিলে এৰ' ইণ্ডিয়া ২০২৩

ABOUT THE AUTHOR

...view details