গুৱাহাটী, 10 অক্টোবৰ: আজি বিশ্ব মানসিক স্বাস্থ্য দিৱস ৷ 1992 চনৰে পৰা স্থিৰ কৰা হৈছিল, সমগ্ৰ বিশ্ববাসীৰ মনৰ সুস্থতা কামনাৰে উৎসৰ্গিত এটা দিন ৷ মানসিক স্বাস্থ্যৰ প্ৰতি সকলোকে সজাগ কৰি তোলাৰ উদ্দেশ্য আগত ৰাখি প্ৰত্যেক বছৰে 10 অক্টোবৰৰ দিনটো মানসিক স্বাস্থ্য সম্পৰ্কীয় দিশ সামৰি একোটা নিৰ্দিষ্ট বিষয়ৰে বিশ্ব মানসিক স্বাস্থ্য দিৱস হিচাপে পালন কৰা হয় ৷ 'মানসিক স্বাস্থ্য সকলোৰে বাবে সঠিক বিনিয়োগ, সঠিক লাভালাভ' শীৰ্ষক বিষয়ৰে এই বৰ্ষৰ বিশ্ব মানসিক স্বাস্থ্য দিৱস পালন কৰা হৈছে ৷ মানসিক স্বাস্থ্যক লৈ সকলোকে সজাগ কৰি তোলাৰ উদ্দেশ্যে পালন কৰা এই দিনটোৱে যেন মানৱ সমাজক নিজৰ অস্তিত্বৰ অনুভৱ দিয়ে ৷ প্ৰতিযোগিতামূলক পৃথিৱীখনত নিতৌ নতুন প্ৰত্যাহ্বানৰ সৈতে মুখামুখি হৈ জীৱশ্ৰেষ্ঠৰ খিতাপ লৈ জীয়াই থকা মানুহৰ বাবে যেন 10 অক্টোবৰৰ দিনটো এক আত্মানুসন্ধানৰ দিন ৷ জীৱন জীনাৰ দৌৰত প্ৰতিদিনে অৱতীৰ্ণ হোৱা মানুহ নামৰ প্ৰত্যেকজন প্ৰতিযোগীয়ে নিজৰ বাবে নিজেই নিজক প্ৰশ্ন সোধাৰ এটা দিন ৷ সাধাৰণতে, মানসিক ৰোগৰ চিকাৰ হোৱা বুলি ক'লে এতিয়াও সমাজৰ এক বৃহৎ অংশই বলিয়া বা পগলা অভিধা দিয়া সমাজখনত প্ৰায় সংখ্যক লোকেই নজনাকৈয়ে কেতিয়াবা মানসিক ৰোগৰ চিকাৰ হোৱা পৰিলক্ষিত হয় ৷ আজিৰ এই বিশেষ দিনটোক লৈ মনোৰোগ চিকিৎসক ডাঃ সংগীতা দত্তই কয় যে শাৰীৰিক স্বাস্থ্যৰ সমান্তৰালকৈ মানুহৰ মানসিক স্বাস্থ্য সুস্থ হৈ থকাটো অতি প্ৰয়োজনীয় ৷ সেয়ে মানসিক স্বাস্থ্য দিৱসৰ দিনটোত 'সুস্বাস্থ্য সকলোৰে বাবে' এই সংকল্প লোৱা উচিত বুলি মত প্ৰকাশ কৰি ডাঃ দত্তই লগতে কয় যে মানসিক স্বাস্থ্যৰ ক্ষেত্ৰত যিকোনো সমস্যাৰ সন্মুখীন হ'লে মনোৰোগ বিশেষজ্ঞৰ কাষ চপাটো অতি প্ৰয়োজনীয় ৷
আজি বিশ্ব মানসিক স্বাস্থ্য দিৱস - ক'ৰণা মহামাৰী
আজি বিশ্ব মানসিক স্বাস্থ্য দিৱস ৷ প্ৰত্যেক বছৰে 10 অক্টোবৰত পালন কৰা হয় এই দিন ৷ মানসিক স্বাস্থ্যক লৈ সকলোৰে মাজত সজাগতা সৃষ্টিৰ উদ্দেশ্যে পালন কৰা হয় এই বিশেষ দিন ৷ 'মানসিক স্বাস্থ্য সকলোৰে বাবে সঠিক বিনিয়োগ, সঠিক লাভালাভ' শীৰ্ষক বিষয়ৰে 2020 বৰ্ষৰ বিশ্ব মানসিক স্বাস্থ্য দিৱস পালন ৷
অন্য বছৰবোৰৰ তুলনাত এই বছৰটোৰ এই বিশেষ দিনটোৱে এক বিশেষ তাৎপৰ্য বহন কৰিছে ৷ বিশেষকৈ বিশ্বজুৰি ত্ৰাসৰ সৃষ্টি কৰাৰ লগতে সমগ্ৰ বিশ্বক একেলগে দীৰ্ঘকাললৈ স্তব্ধ কৰি তোলা ক'ৰণা মহামাৰীৰ ফলতবহুলোক মানসিক ভাৱে ভাগি পৰা দেখা গৈছে ৷ কোনোৱে নিজৰ সংস্থাপন হেৰুৱাই ভৱিষ্যতক লৈ সন্দিহান হৈ পৰিছে , আকৌ শিক্ষাৰ্থী সকলৰ শিক্ষাজীৱনক সম্পূৰ্ণৰূপে সলাই পেলোৱাত শিক্ষাৰ্থী সকলৰ সমান্তৰালকৈ অভিভাৱক সকলকো চিন্তিত হৈ পৰা দেখা গৈছে ৷ মুঠৰ ওপৰত বিগত সময়ত ব্যক্তি বিশেষে সন্মুখীন হৈ মানসিক স্বাস্থ্য জনিত সমস্যাৰ উপৰিও এই বছৰৰ এই বিশেষ দিনটোৱে এক সৰ্বাত্মক তাৎপৰ্য বহন কৰিছে ৷
লগতে পঢ়ক:সাংস্কৃতিক জগতৰ পৰা ৰাজনীতিৰ পথাৰলৈ ভোজপুৰী কুইন কল্পনা পাটোৱাৰী