গুৱাহাটী, 26 মাৰ্চঃএইবাৰ নিৰ্বাচনত নৱপ্ৰজন্মৰ ভোটাৰে গ্ৰহণ কৰিব নিৰ্ণায়ক ভূমিকা ৷ দেশৰ সাধাৰণ নিৰ্বাচনত নতুনকৈ ভোটাধিকাৰ লাভ কৰা এইসকল ভোটাৰে ভৱিষ্যতৰ প্ৰতিনিধি নিৰ্বাচনৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব ৷ তথ্য অনুসৰি কেৱল অসমত এইবাৰ প্ৰায়7 লাখ ভোটাৰেনতুনকৈ লাভ কৰিছে ভোটাধিকাৰ ৷ অসমৰ পৰা এইবাৰ ভোটাধিকাৰ সাৱস্ত্য কৰিব লগা 40 বছৰ বয়সৰ তলৰ ভোটাৰৰ সংখ্যা হৈছে প্ৰায় 1 কোটি 20 লাখ ৷
এইবাৰ নিৰ্বাচনত নিৰ্ণায়ক ভূমিকা ল'ব মহিলা ভোটাৰে - woman candidate
সততে মহিলা সৱলীকৰণৰ কথা কোৱা ৰাজনৈকিত দলৰ প্ৰাৰ্থী তালিকাত দেখা পোৱা নগ'ল মহিলা প্ৰাৰ্থীৰ অগ্ৰাধিকাৰ ৷ পাঁচ লোকসভা সমষ্টিত হ'ব লগা প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত প্ৰাৰ্থিত্ব নাপালে এগৰাকীও মহিলা প্ৰাৰ্থীয়ে ৷
নৱপ্ৰজন্মৰ ভোটাৰৰ ক্ষেত্ৰত সকলোৱে গুৰুত্ব আৰোপ কৰিছে যদিও এইক্ষেত্ৰত মহিলা ভোটাৰৰ ভূমিকাও যথেষ্ট গুৰুত্বপূৰ্ণ ৷ যদিও নিৰ্বাচনত মহিলা প্ৰাৰ্থীৰ বাবে 33 শতাংশ আসন সংৰক্ষণৰ ব্যৱস্থা আছে কিন্তু তাৰ তুলনাত মহিলা ভোটাৰৰ সংখ্যা যথেষ্ট বেছি ৷ কিন্তু তাপৰ্যপূৰ্ণ যে, প্ৰথম পৰ্যায়ত অনুষ্ঠিত হ'ব লগা তেজপুৰ, কলিয়াবৰ, যোৰহাট, ডিব্ৰুগড় আৰু লক্ষীমপুৰ লোকসভাৰ সমষ্টিৰ বাবে এইপৰ্যন্ত কোনো এটা প্ৰধান ৰাজনৈতিক দ'লে মহিলা প্ৰাৰ্থীক প্ৰদান নকৰিলে প্ৰাৰ্থীত্ব ৷ ইয়াৰ বিপৰীতে, এইপৰ্যন্ত দ্বিতীয় আৰু তৃতীয় পৰ্যায়ত অনুষ্ঠিত হ'ব লগা নিৰ্বাচনৰ বাবে শিলচৰৰ পৰা কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে সুস্মিতা দেৱ আৰু গুৱাহাটী লোকসভা সমষ্টিৰ পৰা বিজেপিৰ প্ৰাৰ্থী হিচাপে নিশ্চিত হৈছে কুইন ওজাৰ নাম ৷
কিন্তু এতিয়া প্ৰশ্ন হৈছে, মহিলা ভোটাৰৰ বাবে সংৰক্ষিত আসনে প্ৰকৃতাৰ্থত শক্তিশালী কৰিব পাৰিবনে সাধাৰণ মহিলাৰ আৰ্থসামাজিক অৱস্থা ৷ কি বিচাৰে ৰাজ্যৰ মহিলা ভোটাৰে ? এইবাৰ নিৰ্বাচনত কেনেধৰণৰ প্ৰাৰ্থীক জনপ্ৰতিনিধি হিচাপে অগ্ৰাধিকাৰ দিব মহিলা সকলে ৷ চাকৰিয়ালৰ পৰা আৰম্ভ কৰি সাধাৰণ গৃহিনী পৰ্যন্ত সকলোৰে মন পছন্দৰ প্ৰাৰ্থী গৰাকী কেনে হোৱাটো উচিত এইবিষয়ে খবৰ ল'লে আমাৰ সাংবাদিক নুপুৰ বৰুৱাই ৷