গুৱাহাটী,১০ ফেব্ৰুৱাৰী: যি সময়ত ৰাজ্যৰ একাংশ যুৱক যুৱতীয়ে চাকৰি বিচাৰি হাহাকাৰ কৰিব লগা হৈছে, নতুবা কৰ্মসংস্থাপনৰ অভাৱত হীনমন্যতাত ভুগিব লগা হৈছে, তেনে সময়ত এগৰাকী কৰ্মউদ্যমী মহিলাই দেখুৱাইছে কৰ্ম সংস্কৃতিৰ প্ৰকৃত নিদৰ্শন । নুনমাটি,গোপাল নগৰস্থিত নিজ গৃহতেই " দীপালীজ " নামৰ এটা আচাৰ কোম্পানীৰ ব্যৱসায় আৰম্ভ কৰি নিজকে আত্মনিৰ্ভৰশীল কৰি তোলাই নহয় দীপালী শইকীয়াই আনকো দেখুৱাইছে কৰ্ম সংস্কৃতিৰ সূচল বাট(Women are self reliant in pickle business) ।
চৰকাৰৰ আঁচনিৰ প্ৰশিক্ষণ লৈ নিজা মূলধনৰে এবছৰ পূৰ্বে থলুৱা আচাৰৰ ব্যৱসায় আৰম্ভ কৰা দীপালী শইকীয়াই বজাৰত আচাৰ বিক্ৰী কৰিয়েই ৪ গৰাকী কৰ্মচাৰীক দৰমহা দি মাহিলি উপাৰ্জন কৰিছে ৬০ ৰ পৰা ৭০ হাজাৰ টকা । স্নাতকোত্তৰ ডিগ্ৰীধাৰী শইকীয়াই মাজুলীৰ খাটি খৰিয়হ তেলেৰে প্ৰস্তুত কৰা বিভিন্ন প্ৰকাৰৰ আচাৰ এতিয়া অকল অসমতে নহয়, সমদৃত হৈছে দেশ বিদেশতো(Self-reliant in pickle business) ।
বিশেষকৈ গুৱাহাটীৰ মাছখোৱাত চলি থকা 'ব্ৰহ্মপুত্ৰ কাৰ্ণিভেল ফেষ্টিভেল'ত(Brahmaputra Carnival Festival) তেওঁলোকৰ বিপনীৰ পৰা ইজৰাইল আৰু জাপানৰ পৰ্যটকে কাৰ্বি আংলং জিলাৰ ভোট জলকীয়াৰে প্ৰস্তুত কৰা ভোট জলকীয়াৰ আচাৰ ক্ৰয় কৰি সন্তুষ্টি প্ৰকাশ কৰা বুলি জানিবলৈ দিছে । এজন ক্ষুদ্ৰ উদ্যোগী হিচাপে নিজকে সফল বুলি দাবী কৰা দীপালী শইকীয়াই বৰ্ণিহাত, বকোৰ পৰা বাঁহগছ ক্ৰয় কৰি প্ৰস্তুত কৰা বাঁহ গাজৰ আচাৰ, ছিপাঝাৰৰ জলফাইৰে জলফাইৰ আচাৰ, কাৰ্বি আংলং জিলাৰ ভোট জলকীয়াৰ আচাৰ, গুৱাহাটীৰ দুমুনিচকীৰ কৰ্দৈৰ আচাৰৰ বজাৰত যথেষ্ঠ সমাদৰ থকা বুলি শইকীয়াই ব্যক্ত কৰে ।