গুৱাহাটী, ১৫ জানুৱাৰী :ৰাজ্যপাল জগদীশ মুখীৰ পাছত ক'ভিডত আক্ৰান্ত হ'ল পত্নী প্ৰিয়ম মুখী (wife of Prof Jagdish Mukhi tests covid positive) । বুধবাৰে ক'ভিডত আক্ৰান্ত হোৱা ৰাজ্যপাল জগদীশ মুখীক বৃহস্পতিবাৰে গুৱাহাটীৰ এপ’ল’ হাস্পতালত ভৰ্তি কৰোৱা হৈছিল ৷ ইয়াৰ পাছত শনিবাৰে পুৱা ৰাজ্যপালগৰাকীৰ পত্নী প্ৰিয়ম মুখীও ক'ভিডত আক্ৰান্ত (wife of Prof Jagdish Mukhi tests covid positive) হোৱাত একেখন চিকিৎসালয়তে ভৰ্তি কৰোৱা হয় ।
চিকিৎসালয়ৰ সূত্ৰ মতে, দুয়োৰে স্বাস্থ্যৰ অৱস্থা বৰ্তমান সুস্থিৰ ৷ কিন্তু পৰৱৰ্তী তিনিদিন পৰ্যন্ত তেওঁলোক চিকিৎসালয়তে থাকিব লাগিব ।