অসম

assam

By

Published : Nov 12, 2020, 4:01 PM IST

ETV Bharat / state

উজনি আৰু উত্তৰ অসমৰ ৪৯ টা সমষ্টিলৈ বিজেপিৰ চকু কিয় ?

উজনি অসম বুলিলে শদিয়াৰ পৰা বোকাখাতলৈকে থকা বিধানসভা সমষ্টিৰ সংখ্যা হৈছে ২৮ টা । ঠিক তেনেদৰে উত্তৰ অসমত আছে মুঠ ২১ টা সমষ্টি । এই ৪৯ টা সমষ্টিতে প্ৰাৰ্থীৰ ৰাজনৈতিক ভৱিষ্যত নিৰ্ণয় কৰে খিলঞ্জীয়া অসমীয়াই । অৰ্থাৎ বিভিন্ন জাতি জনগোষ্ঠীয় ভোটদাতাই । এই ৪৯ টা সমষ্টিয়েই এতিয়া বিজেপিয়ে বিশেষভাবে লক্ষ্য কৰি লৈছে ।

why bjp targeted upper nort assam seat
উজনি আৰু উত্তৰ অসমৰ ৪৯ টা সমষ্টিলৈ বিজেপিৰ চকু কিয় ?

গুৱাহাটী,12 নৱেম্বৰঃ "মোগল কাৰ্ড" আৰু কংগ্ৰেছ-এ আই ইউ ডি এফৰ মিত্ৰতাৰ পৰিপ্ৰেক্ষিতত শাসক দল বিজেপিয়ে সমগ্ৰ উজনি অসম আৰু উত্তৰ অসমৰ বাবে নতুন নিৰ্বাচনী ৰণনীতি প্ৰস্তুত কৰিছে । কিয়নো কংগ্ৰেছ-এ আই ইউ ডি এফৰ মিত্ৰতাই বিজেপিক নামনি অসম আৰু মধ্য অসমত কিছু পৰিমাণে ক্ষতি কৰিব যদিও উজনি অসমত ইয়াৰ দ্বাৰা বিজেপি ক্ষতিগ্ৰস্ত নহ’ব । উজনি আৰু উত্তৰ অসমত বিজেপি প্ৰত্যাহ্বানৰ মুখামুখি হ’বলগীয়া হ’ব অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলৰ পৰাহে ।

উজনি আৰু উত্তৰ অসমৰ ৪৯ টা সমষ্টিলৈ বিজেপিৰ চকু কিয় ?

উজনি অসম বুলিলে শদিয়াৰ পৰা বোকাখাতলৈকে থকা বিধানসভা সমষ্টিৰ সংখ্যা হৈছে ২৮ টা । ঠিক তেনেদৰে উত্তৰ অসমত আছে মুঠ ২১ টা সমষ্টি । এই ৪৯ টা সমষ্টিতে প্ৰাৰ্থীৰ ৰাজনৈতিক ভৱিষ্যত নিৰ্ণয় কৰে খিলঞ্জীয়া অসমীয়াই । অৰ্থাৎ বিভিন্ন জাতি জনগোষ্ঠীয় ভোটদাতাই । এই ৪৯ টা সমষ্টিয়েই এতিয়া বিজেপিয়ে বিশেষভাবে লক্ষ্য কৰি লৈছে । বিজেপি নেতা মমিনুল আৱালৰ দাবী- এই ৪৯ টাৰ আটাইকেইটা সমষ্টিয়েই এইবাৰ বিজেপিৰ দখললৈ আহিব । আনকি কংগ্ৰেছৰ হাতত থকা তিতাবৰ, মৰিয়নি, গোলাঘাট আদিৰ দৰে সমষ্টিও বিজেপিৰ হাতলৈ আহিব বুলি তেওঁ দাবী কৰে । কিয়নো বিজেপি আছে খিলঞ্জীয়াৰ পক্ষত ৷

ইপিনে নামনি অসমত কংগ্ৰেছ-এ আই ইউ ডি এফৰ মিত্ৰতাৰ বাবে বিজেপি যে ক্ষতিগ্ৰস্ত হব সেই কথা বিজেপিয়েও বুজিছে । সেয়েহে এতিয়া জাতি আৰু খিলঞ্জীয়াৰ কাৰ্ডখন খেলি উত্তৰ অসম আৰু উজনি অসমৰ ৪৯ টা সমষ্টিয়েই নিজৰ দখললৈ অনাৰ ৰাজনৈতিক কৌশল ৰচনা কৰিছে বিজেপিয়ে ।

লগতে পঢ়কঃ সশস্ত্ৰ সংগ্ৰাম ত্যাগ কৰিলে আলফা (স্বা) উপ-মুখ্য সেনাধ্যক্ষ দৃষ্টি ৰাজখােৱাই

ABOUT THE AUTHOR

...view details