অসম

assam

ETV Bharat / state

কেনে অৱস্থাত আছে মহানগৰীৰ নৈ সমূহ ?

গছপুলি ৰোপণেৰেই পৰিৱেশৰ প্ৰদূষণ হ্ৰাস নহয় ৷ প্ৰদূষণ হ্ৰাস কৰিবলৈ গুৰুত্ব দিব লাগিব প্ৰকৃতিৰ আন আন উপাদান সমূহকো ৷ সম্প্ৰতি আশংকা মানৱ সভ্যতালৈ আশংকা নমাই আনিছে বিশুদ্ধ খোৱাপানীৰ অভাৱেও ৷ তেনেস্থলত সুৰক্ষিত অৱস্থাত আছেনে গুৱাহাটী মহানগৰীৰ ভিন্ন নৈ সমূহ ?

By

Published : Jun 5, 2020, 10:33 PM IST

water pollution in the rivers of guwahati city
water pollution in the rivers of guwahati city

গুৱাহাটী, 5 জুনঃ আজি বিশ্ব পৰিৱেশ দিৱস ! জনসাধাৰণক পৰিৱেশৰ প্ৰতি সজাগ কৰি,পৰিৱেশ সংৰক্ষণেৰে পৃথিৱীক সুস্থিৰ কৰি ৰখাৰ উদ্দেশ্যৰে বছৰৰ পিচত বছৰ ধৰি পালন কৰি অহা হৈছে 5 জুনৰ এই বিশেষ দিনটো ৷ পৰিৱেশৰ ভাৰসাম্যতা বৰ্তি নথকাৰ বাবেই সমগ্ৰ বিশ্বতে খাদ্যৰ অভাৱ,প্ৰদূষণ আদিৰ বাবে মৃত্যু হৈ আহিছে হাজাৰ হাজাৰ লোকৰ ৷ আনকি বিশুদ্ধ খোৱাপানীৰ অভাৱেও সম্প্ৰতি আশংকা নমাই আনিছে মানৱ সভ্যতালৈ ৷ তেনেস্থলত সুৰক্ষিত অৱস্থাত আছেনে গুৱাহাটী মহানগৰীৰ ভিন্ন নৈ সমূহ ?

নৈ সমূহৰ কাষে কাষে গঢ় লৈ উঠিছে বাসস্থান

উল্লেখ্য যে গুৱাহাটীত আছে ভৰলু, বাহিনী আৰু বশিষ্ঠকে ধৰি 3 খনকৈ নৈৰ লগতে কেইবাখনো বিল ৷ কিন্তু সময়ৰ গৰাহত সম্প্ৰতি নৈ সমূহ সংকুচিত হৈ পৰিণত হৈছে একো একোটা নলাত ৷ নৈ সমূহৰ কাষে কাষে গঢ় লৈ উঠা বৃহৎ বৃহৎ অট্টালিকাই দখল কৰিছে নৈ সমূহৰ বহু ভূমি ৷ যাৰ ফলত নৈ সমূহত পেলাই অহা জাৱৰৰ লগতে প্লাষ্টিক জাতীয় সামগ্ৰীৰ ফলত সম্পূৰ্ণভাৱে প্ৰদূষিত হৈ পৰিছে মহানগৰীত থকা নৈ সমূহ ৷

মহানগৰীৰ নৈ সমূহৰ পৰিৱেশ

বাৰিষাৰ সময়ত মহানগৰীৰ পানী ভৰলু,বাহিনী আৰু বশিষ্ঠ নৈ হৈ দীপৰ বিল আৰু ব্ৰহ্মপুত্ৰত পৰে ৷ এই তিনিওখন নৈ প্ৰদূষণৰ ফলত বাৰিষাৰ পানী গুৱাহাটী মহানগৰীৰ পৰা সহজে ওলাই যাব নোৱাৰে আৰু তাৰ ফলত সৃষ্টি হয় কৃত্ৰিম বানৰ ৷ গছপুলি ৰোপন কৰি পৰিৱেশ দিৱস পালন কৰাৰ লগতে চৰকাৰক, মহানগৰীত থকা নৈ, খাল-বিল সমূহ বেদখল মুক্ত কৰি পৰিস্কাৰ কৰিবলৈ আহ্বান জনাইছে সচেতন লোকে ৷ চৰকাৰে সামগ্ৰিক পৰিৱেশৰ লগতে মহানগৰীৰ এই নৈ সমূহৰ পৰিৱেশৰ প্ৰতি গুৰুত্ব প্ৰদান কৰিলে, নৈ সমূহ সংকটমুক্ত হ'ব বুলি আশা প্ৰকাশ কৰিছে মহানগৰবাসীয়ে ৷ কিয়নো গছপুলি ৰোপনেৰেই পৰিৱেশৰ প্ৰদূষণ হ্ৰাস নহয় ৷ প্ৰদূষণ হ্ৰাস কৰিবলৈ গুৰুত্ব দিব লাগিব প্ৰকৃতিৰ আন আন উপাদান সমূহকো ৷

লগতে পঢ়কঃবিশ্ব পৰিৱেশ দিৱস: ৰাজস্থানৰ প্ৰদূষণকাৰী উদ্যোগসমূহৰ ফলত শংকা বৃদ্ধি

ABOUT THE AUTHOR

...view details