অসম

assam

ETV Bharat / state

Guwahati pipeline burst: খাৰঘূলিত সংঘটিত হোৱা জলবিস্ফোৰণৰ ঘটনাক লৈ দল সংগঠনৰ ক্ষোভ - খাৰঘূলিত সংঘটিত হোৱা জলবিস্ফোৰণ

খাৰঘূলিত সংঘটিত হোৱা জলবিস্ফোৰণৰ ঘটনাক লৈ দল সংগঠনৰ ক্ষোভ ৷ মৃতকৰ পৰিয়াললৈ দুই লাখ টকা আৰু আহতলৈ ১০ হাজাৰ টকাৰ সাহায্য ঘোষণা (Water pipe explosion) ৷ উচ্চ পৰ্যায়ৰ তদন্তৰ কথা ঘোষণা কৰিছে ৰাজ্য চৰকাৰে ৷

Water pipe explosion
জলবিস্ফোৰণৰ ঘটনা

By

Published : May 26, 2023, 10:14 PM IST

জলবিস্ফোৰণৰ ঘটনা

গুৱাহাটী, ২৬ মে’ : খাৰঘূলিত সংঘটিত হোৱা জলবিস্ফোৰণৰ ঘটনাক লৈ সমগ্ৰ ৰাজ্যত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । বিভিন্ন দল সংগঠনে এই ঘটনাক লৈ ক্ষোভ উজাৰিছে । ঘটনাস্থলী পৰিদৰ্শন কৰি এই কাৰ্যক লৈ দল সংগঠন, বিৰোধী ৰাজনৈতিক দলে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে (Water pipe explosion at Kharghuli Guwahati) ।

ইতিমধ্যে ঘটনাৰ তদন্ত বিচাৰি বিভিন্ন দলে গোচৰ তৰিছে । কংগ্ৰেছ দলৰ সভাপতি ভূপেন বৰাই সমগ্ৰ ঘটনাৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় গুৱাহাটীবাসীক পানী যোগানত ব্যৰ্থ হৈছে মুখ্যমন্ত্ৰী । পৰিস্থিতিৰ বুজ লৈছে কংগ্ৰেছৰ সঁজাতী দলে । সমগ্ৰ ঘটনাৰ ওপৰত দলটোৱে যুগুতোৱা প্ৰতিবেদন ৰাজহুৱা কৰিব ।

গুৱাহাটী উন্নয়ন মন্ত্ৰী অশোক সিংহলে ঘটনাস্থলীত ৮ ঘন্টা পিচত উপস্থিত হোৱাক লৈ কটাক্ষ কৰি কয় অশোক সিংহলৰ গুৱাহাটীত নিৰাপত্তা নোহোৱা হৈছে । ঘটনাস্থলী উপস্থিত নোহোৱাই ভাল আছিল বুলি তেওঁক কটাক্ষ কৰে (Kharghuli water pipe explosion incident) ।

ইপিনে জলবিস্ফোৰণত ক্ষতিগ্ৰস্থসকলৰ বাবে চৰকাৰে সাহায্য ঘোষণা কৰিছে যদিও এই সাহায্যক লৈ সন্তুষ্ট নহয় আছুৰ উপদেষ্টা ড৹ সমুজ্জ্বল ভট্টাচাৰ্য । তেওঁ সংবাদমেলত কয় এই ঘটনাৰ উচিত ক্ষতিপূৰণ দিব লাগে । সমগ্ৰ ঘটনাটো তদন্ত কৰি দোষীক শাস্তি দিব লাগে বুলি মন্তব্য কৰি কয় আমি বেলেগ কথা নুবুজো গুৱাহাটীবাসীক পানী লাগে । গুৱাহাটীবাসীক পানী যোগানত ব্যৰ্থ হৈছে মুখ্যমন্ত্ৰী বুলি তেওঁ মন্তব্য কৰে ।

আনহাতে এই ঘটনাৰ বিৰুদ্ধে শ্বহীদ ন্যাসৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰি মন্ত্ৰী অশোক সিংহলৰ জুমুঠি দাহ কৰে । আনহাতে অৱহেলাৰ বাবে খাৰঘূলিত সংঘটিত হৈছে জলবিস্ফোৰণৰ ঘটনা বুলি মন্তব্য কৰিছে সকলোৱে । যি কোম্পানীয়ে এই কাম কৰাইছে আৰু যি জনে এই কাম কৰিছে তেওঁলোকে অপৰাধমূলক অৱহেলা কৰিছে । কাগজে কলমে পৰীক্ষা কৰিছে কিন্তু সঠিকভাৱে কৰিছেনে নাই সেই কথা তদন্ততহে পোহৰলৈ আহিব এই মন্তব্য কৰে বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ । খাৰঘূলিৰ জয়পুৰত সংঘটিত হোৱা জলবিস্ফোৰণত ক্ষতিগ্ৰস্থ হোৱা পৰিয়ালবোৰৰ পৰিস্থিতিৰ বুজ লৈ সংবাদ মাধ্যমৰ আগত এইদৰে মন্তব্য কৰে তেওঁ (Water pipe explosion incident in Guwahati)।

আনহাতে দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী যোগেন মহনে কয়, এই দুৰ্যোগত মৃত্যু হোৱা লোকৰ পৰিয়ালক দুই লাখ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰা হ’ব । আহতসকলক ১০ হাজাৰ টকাকৈ আৰ্থিক সাহায্য প্ৰদান কৰাৰ লগতে ক্ষতিগ্ৰস্থসকলক কাপোৰ, বাচন বৰ্তন কিনিবলৈ ২২ টা পৰিয়ালক ৫ হাজাৰ টকাকৈ সাহায্য় প্ৰদান কৰা হ’ব বুলি মন্তব্য কৰে তেওঁ ।

শুকুৰবাৰে ঘটনাস্থলীত উপস্থিত হৈ মন্ত্ৰী অতুল বৰা, অসম ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা, বিৰোধী দলপতি দেবব্ৰত শইকীয়া, কংগ্ৰেছ নেত্ৰী ববিতা শৰ্মা, তৃণমূল কংগ্ৰেছৰ নেতৃত্ব, আছুৰ নেতৃত্বই পৰিস্থিতিৰ বুজ লয় ।

লগতে পঢ়ক :Murder in Nagaland : ড্ৰাগছ বেপাৰীৰ প্ৰহাৰত নিহত TASU ৰ অধ্যক্ষ, উত্তেজিত মন জিলা

ABOUT THE AUTHOR

...view details