গুৱাহাটী, 28 অক্টোবৰ :অমৃত কলহ লৈ শনিবাৰে অসমৰ স্বেচ্ছাসেৱকসকল উপস্থিত হ’ল নতুন দিল্লীত ৷ ‘‘মোৰ মাটি মোৰ দেশ’’ শীৰ্ষক অনুষ্ঠানৰ অন্তৰ্গত অমৃত কলহ যাত্ৰাৰ জৰিয়তে অসমৰ বিভিন্ন জিলাৰ পৰা সংগ্ৰহ কৰা হৈছিল মাটি ৷ মাটি ভৰ্তি অমৃত কলহ কঢ়িয়াই ৰে’লেৰে নতুন দিল্লীত উপস্থিত হোৱা স্বেচ্ছাসেৱকসকলক আজি নতুন দিল্লীৰ ৰে’ল ষ্টেচনত অসমৰ মন্ত্রী বিমল বড়াই আদৰণি জনায় ।
উল্লেখ্য যে, 27 অক্টোবৰত গুৱাহাটীৰ পৰা সাতগৰাকী চৰকাৰী বিষয়াৰ তত্বাৱধানত যাত্ৰা কৰা অমৃত কলহৰ যাত্ৰীসকল আজি নতুন দিল্লীত উপস্থিত হোৱাৰ পাচতে মন্ত্রী বিমল বড়াৰ নেতৃত্বত গায়ন-বায়নৰ এটি দল আৰু বিহু নৃত্য শিল্পীৰ এটি দলে আদৰণি জনায় । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নৱ-প্ৰজন্মৰ মাজত ৰাষ্ট্ৰীয়তাবাদৰ ভাৱধাৰা আৰু ৰাষ্ট্ৰীয় একতাৰ ভাৱ জাগৃত কৰাৰ উদ্দেশ্যে সমগ্ৰ দেশৰ পৰা মাটি সংগ্ৰহ কৰি নতুন দিল্লীৰ কৰ্তব্য পথত থকা বীৰভূমিৰ দাঁতিত নিৰ্মাণ কৰিব লগা ‘‘অমৃত উদ্যানত’’ এই মাটি ব্যৱহাৰ কৰা হ'ব ।
সাংস্কৃতিক মন্ত্রী বড়াই তেওঁৰ আদৰণি ভাষণত কয় যে, অনাগত দিনত এই অমৃত উদ্যান নিৰ্মাণ হৈ উঠিলে ইয়াক দৰ্শন কৰি যাতে ইয়াত আমাৰো মাটি আছে বুলি দেশৰ প্ৰতিগৰাকী নাগৰিকে উপলব্ধি কৰিব পাৰে ৷ তাৰ বাবেই ‘‘মোৰ মাটি মোৰ দেশ’’ কাৰ্যসূচীৰ অধীনত অমৃত কলহ যাত্ৰাৰ জৰিয়তে সমগ্র ভাৰতবৰ্ষৰ পৰা মাটি সংগ্ৰহ কৰা হৈছে বুলি উল্লেখ কৰে মন্ত্ৰী বড়াই ৷