অসম

assam

ETV Bharat / state

কিয় আৰক্ষীয়ে দুটা গুলী মাৰিছিল বিশাল চৌধুৰীলৈ; ডিচিপিৰ বৰ্ণনা - Rave party master mind

খাৰঘূলিৰ ৰেভ পাৰ্টীৰ (Rave party) গোচৰৰ অন্যতম মূল অভিযুক্ত বিশাল চৌধুৰীলৈ আৰক্ষীৰ গুলী । আৰক্ষীৰ জিন্মাৰ পৰা পলায় কৰিবলৈ চেষ্টা কৰাৰ সময়তে আৰক্ষীৰ গুলীত আহত হয় বিশাল চৌধুৰী ৷

vishal-injured-in-police-firing-rave-party-master-mind-in-guwahati
খাৰঘূলিৰ ৰেভ পাৰ্টীৰ গোচৰৰ অন্যতম মূল অভিযুক্ত বিশাল চৌধুৰী আৰক্ষীৰ গুলীত আহত

By

Published : Sep 5, 2021, 4:25 PM IST

গুৱাহাটী, 5 ছেপ্তেম্বৰ :আৰক্ষীৰ জিন্মাৰ পৰা পলায় কৰিবলৈ চেষ্টা কৰাৰ সময়তে আৰক্ষীৰ গুলীত আহত হয় খাৰঘূলিৰ ৰেভ পাৰ্টীৰ (Rave party) গোচৰৰ অন্যতম মূল অভিযুক্ত বিশাল চৌধুৰী ।

খাৰঘূলিৰ ৰেভ পাৰ্টীৰ গোচৰৰ অন্যতম মূল অভিযুক্ত বিশাল চৌধুৰী আৰক্ষীৰ গুলীত আহত

কামৰূপ মহানগৰ আৰক্ষীৰ DCP Central ৰাজবীৰে সংবাদ মাধ্যমৰ সমগ্ৰ ঘটনাটোৰ সৰ্ন্দভত কয় যে, বিশাল চৌধুৰীৰ স্বীকাৰ উক্তিৰ ভিত্তিত শনিবাৰে নিশা নুনমাটিত এজন লোকৰ বিৰুদ্ধে নিশা প্ৰায় ১২.৩০ বজাত অভিযান চলাবলৈ গৈছিল ৷

সেইসময়তে মাজবাটত আৰক্ষীৰ গাড়ীখন লাহে লাহে যোৱাৰ সুযোগ লৈ বিশাল চৌধুৰী আৰক্ষীৰ গাড়ীৰ পৰা জপিয়াই পলায়ন কৰিবলৈ চেষ্টা কৰে । তাৰপাচতে আৰক্ষীয়ে বিশালক ৰখিবলৈ কয় যদিও বিশালে আৰক্ষীৰ কথা নুশুনি পলাবলৈ চেষ্টা কৰাত আৰক্ষীয়ে বিশালৰ ভৰিত গুলি মাৰিবলৈ বাধ্য হয় ।

লগতে পঢ়কঃ 44 গৰাকী শিক্ষকক ৰাষ্ট্ৰীয় বঁটা প্ৰদান ৰামনাথ কোবিন্দৰ

আনহাতে আৰক্ষীয়ে বিশাললৈ লক্ষ্যকৰি দুটা গুলী মাৰে যদিও দ্বিতীয় গুলীটোহে বিশালৰ বাওঁ ভৰিত লাগে । বাওঁ ভৰিখন গুলী লগাৰ লগে লগে গুৰতৰভাৱে আহত হয় বিশাল ৷ লগে লগে আৰক্ষীয়ে বিশালক চিকিৎসাৰ বাবে জিএমচিইচত ভৰ্তি কৰায় ৷

কামৰূপ মহানগৰ আৰক্ষীৰ DCP Central ৰাজবীৰে লগতে আৰু কয় যে, বিশালে বিগত দুইবছৰ ধৰি কোকেইন সৰবৰাহত লগত জড়িত হৈ আছিলে বুলি নিজে স্বীকাৰ কৰিছে । বিশালে কুৰিয়াৰ যোগেদি গুৱাহাটীলৈ কোকেইন সৰবৰাহ কৰিছিল ।

ইপিনে বিশাল চৌধুৰীৰ পৰা কোকেইন ক্ৰয় কৰাৰ অভিযোগত লতাশিল আৰক্ষীয়ে শুকুৰবাৰে নিশা নীলিম ৰাণা চৌধাৰী নামৰ এজন ব্যক্তিকো গ্ৰেপ্তাৰ কৰিছে বুলি জানিবলৈ দিয়ে ।

উল্লেখযোগ্য যে, বিগত মাহৰ ১৪ আগষ্টত গুৱাহাটীৰ খাৰঘুলিৰ ৰিভিয়েৰা এপাৰ্টমেন্টত চলা ৰেভ পাৰ্টীৰ ঘটনাৰ লগত জড়িত বৰ্তমানলৈ ২০ জনকৈ লোকক গ্ৰেপ্তাৰ কৰা হৈছে ।

লগতে পঢ়কঃ নতুন চৰকাৰৰ কাৰ্যকালত অৰ্ধ শতাধিক এনকাউণ্টাৰত কুৰিৰো অধিক অভিযুক্ত নিহত

ABOUT THE AUTHOR

...view details