অসম

assam

ETV Bharat / state

মহানগৰীত যান-বাহন আৰক্ষীৰ তালাচী অভিযান - জৰুৰীকালীন সেৱা

দেওবাৰে সাপ্তাহিক লক্ ডাউনৰ দ্বিতীয়টো দিনত মহানগাৰীৰ ভিন্ন প্ৰান্তত তালাচী অভিযান অব্যাহত ৰাখিছে যান-বাহন আৰক্ষীয়ে ৷ তালাচীত ভঙাগড় যান-বাহন আৰক্ষীয়ে বহু যান-বাহন জব্দ কৰাৰ লগতে, আইন উলংঘাকাৰী একাংশ লোকৰ পৰা বিহিছে জৰিমনা ৷

যান-বাহন আৰক্ষীৰ তালাচী অভিযান
যান-বাহন আৰক্ষীৰ তালাচী অভিযান

By

Published : Aug 2, 2020, 1:16 PM IST

গুৱাহাটী, 2 আগষ্ট :ৰাজ্যজুৰি সপ্তাহৰ শনিবাৰ আৰু মঙলবাৰৰ দিন দুটাত চৰকাৰে জাৰি কৰিছে সাপ্তাহিক লক্ ডাউন ৷ এই সাপ্তাহিক লক্ ডাউনৰ সময়ছোৱাত কেৱল জৰুৰীকালীন সেৱাত ন্যস্ত লোকৰ যাতায়াতৰ ক্ষেত্ৰতহে নিষেধাজ্ঞা আৰোপ কৰা নাই চৰকাৰে ৷ কিন্তু জৰুৰীকালীন সেৱাৰ যাতায়াতৰ বাহিৰে অন্য লোক বা যান-বাহনৰ চলাচলৰ ক্ষেত্ৰত আছে নিষেধাজ্ঞা ৷ যাৰ বাবে সাপ্তাহিক লক্ ডাউনৰ দ্বিতীয়টো দিনত মহানগৰ যান-বাহন আৰক্ষীয়ে গুৱাহাটীৰ ভিন্ন প্ৰান্তত অব্যাহত ৰখিছে তালাচী অভিযান ৷

কিন্তু কৰ'ণা মহামাৰীৰ ব্যাপক হাৰৰ সংক্ৰমণৰ পাচতো জাৰি কৰা আইন ভংগ কৰি, মহানগৰীৰ ভিন্ন প্ৰান্তত লক্ ডাউনৰ সময়ছোৱাতো বহু লোক ওলাই অহা পৰিলক্ষিত হ'ল ৷ ভঙাগড় যান-বাহন আৰক্ষীয়ে দেওবাৰে চলোৱা তালাচী অভিযানত বহু যান-বাহন জব্দ কৰাৰ লগতে, আইন উলংঘাকাৰী একাংশ লোকৰ পৰা বিহিছে জৰিমনা ৷

মহানগৰীত যান-বাহন আৰক্ষীৰ তালাচী অভিযান

উল্লেখ্য যে, গুৱাহাটী মহানগৰত এতিয়া ব্যাপক হাৰত প্ৰাদুৰ্ভাৱ ঘটিছে কৰ'ণাৰ গণ সংক্ৰমণৰ ৷ কিন্তু এনে সময়তো একাংশ অসচেতন লোকৰ কাৰ্যকলাপৰ বাবে এনে বিহীত ব্যৱস্থা গ্ৰহণ কৰিবলৈ বাধ্য হয় আৰক্ষী ৷ কিয়নো বিগত 24 ঘণ্টাত অসমত নতুনকৈ মুঠ 1457 গৰাকীকৈ লোকৰ দেহত ধৰা পৰিছে কৰ'ণা ভাইৰাছৰ অৱস্থিতি ৷ ইয়াৰে 275 গৰাকী আক্ৰান্ত লোকেই কামৰূপ মেট্ৰ'ৰ ৷ সমান্তৰালকৈ কৰ'ণাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যাও বৃদ্ধি পালে 101 গৰাকীলৈ ৷

লগতে পঢ়ক:101 লৈ বৃদ্ধি পালে ৰাজ্যত ক’ভিড-19ত মৃত্য়ুৰ সংখ্যা

ABOUT THE AUTHOR

...view details