গুৱাহাটী, ১৯ জুন :গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰ চৌহদৰ কমিউনিটি হ’লত ক'ভিড-১৯ৰ সংক্ৰমণ ৰোধৰ বাবে বৰঝাৰ বিমান বন্দৰ কৰ্তৃপক্ষৰ উদ্যোগত আৰু ৰাষ্ট্রীয় স্বাস্থ্য মিছন অসমৰ সহযোগত ৩ মে'ৰ পৰা আৰম্ভ হোৱা ক'ভিড প্ৰতিষেধক প্ৰদানৰ প্ৰথম পৰ্যায়ৰ শিবিৰৰ সামৰণিৰ পাছত বৰ্তমান দ্বিতীয় পৰ্যায়ৰ শিবিৰ চলি আছে ।
ইতিমধ্যে ৪ জুনত সামৰণি পৰা প্ৰথম পৰ্যায়ৰ শিবিৰত মুঠ ২,৬০০ গৰাকী লোকে প্ৰথম পালি ভেকচিন গ্ৰহণ কৰে । আনহাতে ৪ জুনৰ পৰা চলি থকা দ্বিতীয় পৰ্যায়ৰ শিবিৰত শুকুৰবাৰলৈ ১,৪৮২ গৰাকী লোকে দ্বিতীয় পালি ভেকচিন গ্ৰহণ কৰিছে । ১৮ জুনৰ দিনা ভাৰতীয় বিমান বন্দৰ প্ৰাধিকৰণৰ উত্তৰ পূৱ মণ্ডলৰ ক্ষেত্ৰীয় কাৰ্যবাহী সঞ্চালক ৰবি কান্ত, মহাপ্ৰবন্ধক বি মুৰুলীধৰণ, বৰঝাৰ বিমান বন্দৰৰ সঞ্চালক ৰমেশ কুমাৰ, সহকাৰী মহাপ্ৰবন্ধক বিপুল চন্দ্ৰ দাস উপস্থিত থাকে ৷
একেদৰে সহকাৰী প্ৰবন্ধক ( এ টি চি ) পাৰ্থজ্যোতি গগৈ, এয়াৰপ’ৰ্ট অথৰিটি এম্পলয়িজ ইউনিয়নৰ ( এ এ ই ইউ ) উত্তৰ পূব মণ্ডলৰ ক্ষেত্ৰীয় সম্পাদক পবিত্ৰ দাস, গুৱাহাটী শাখাৰ সম্পাদকদ্বয় সুশীল লাল চৌধুৰী আৰু ৰাজু কুমাৰ দাসে শিবিৰ পৰিদৰ্শন কৰে । পৰিদৰ্শনকালত আটাইকেইজনে স্বাস্থ্যকর্মী আৰু টিকা গ্ৰহণ কৰিবলৈ অহা কেইবাজনো লোকৰ সৈতে মত বিনিময় কৰি দ্বিতীয় পৰ্যায়ৰ টিকাকৰণৰ বুজ লয় ।