অসম

assam

By

Published : May 1, 2021, 7:48 PM IST

ETV Bharat / state

গুৱাহাটী প্ৰেছ ক্লাবৰ উদ্যোগত সাংবাদিক-সংবাদকৰ্মীৰ বাবে কৰ'ণাৰ ভেকচিন

ক'ভিড-১৯ সংক্ৰমণৰ ভয়াৱহতাৰ মাজতো কৰ্তব্যৰ খাতিৰত নিতৌ বিভিন্ন স্থানলৈ যাবলগীয়া হোৱা সাংবাদিক আৰু সংবাদকৰ্মীসকলক প্ৰদান কৰা হয় কৰ'ণাৰ ভেকচিন ৷ গুৱাহাটী প্ৰেছ ক্লাবত শনিবাৰে ৪৫ বছৰৰ পৰা ঊৰ্দ্ধৰ ৭৯ গৰাকী সাংবাদিক আৰু সংবাদকৰ্মীক প্ৰদান কৰা হয় কৰ'ণা ভেকচিন ৷

vaccinated-to-79-journalist-in-guwahati-press-club
গুৱাহাটী প্ৰেছ ক্লাবৰ উদ্যোগত সাংবাদিক-সংবাদকৰ্মীৰ বাবে কৰ'ণাৰ ভেকচিন

গুৱাহাটী,১ মে':ক'ভিড ১৯ ৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি গুৱাহাটী প্ৰেছ ক্লাবত শনিবাৰে ৭৯ গৰাকী সাংবাদিক আৰু সংবাদকৰ্মীক কৰ'ণা ভেকচিন প্ৰদান কৰা হয় । এই মহামাৰীৰ সময়তো নিজৰ কৰ্তব্যৰ খাতিৰত নিতৌ বিভিন্ন স্থানলৈ যাব লগা হয় সাংবাদিক-সংবাদকৰ্মীসকল । সেয়ে ৪৫ বছৰৰ পৰা ঊৰ্দ্ধৰ সাংবাদিক-সংবাদকৰ্মীক প্ৰদান কৰা হয় এই ভেকচিন ।

গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত এই ভেকচিন প্ৰদান শিবিৰত সহযোগিতা কৰে ৰাজ্য চৰকাৰৰ জনস্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগ আৰু ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনে । ইতিমধ্যে ক’ভিড ১৯ ত আক্ৰান্ত হৈ দেশজুৰি কেইবাজনো সাংবাদিকে প্ৰাণ হেৰুৱাবলগা হৈছে । সেইসকল সাংবাদিকৰ আত্মাৰ সদগতি কামনা কৰি ভেকচিন প্ৰদান শিবিৰৰ আৰম্ভণিতে মৌন প্ৰাৰ্থনা জনোৱা হয় ।

লগতে পঢ়ক :ৰাজ্যসমূহলৈ ৮,৮৭৩ কোটি টকা আৱণ্টন কেন্দ্ৰৰ

ABOUT THE AUTHOR

...view details