অসম

assam

ETV Bharat / state

আকৌ গ্ৰেপ্তাৰ হ’ব পাৰে ৰাজকন্যা বৰুৱা !

দিছপুৰ আৰক্ষীৰ নমনীয় স্থিতিৰ বাবেই জামিন লাভ কৰিলে ৰাজকন্যাই ৷ অতি মৰ্মান্তিক, ৰাজকন্যা বৰুৱা মহতিয়াই নিয়া 8 গৰাকীকৈ শ্ৰমিকৰ মাজৰ এগৰাকী অৱস্থাৰ এতিয়াও সংকটজনক ৷

By

Published : Oct 4, 2021, 5:03 PM IST

RA JKOINA BORUA ACCIDENT CASE AT GS ROAD
ৰাজকন্যাৰ ভুলৰ বাবে দুয়োখন ভৰি হেৰুৱালে যোচেফে

গুৱাহাটী, 4 অক্টোবৰ :গুৱাহাটীৰ জি এচ ৰোডত ৰাতি সুৱামত্ত অৱস্থাত ভয়ংকৰ দুৰ্ঘটনা সংঘটিত কৰাৰ ৰাজকন্যা বৰুৱাৰ বিৰুদ্ধে লোৱা স্থিতিৰ বাবে আজিও সন্দেহৰ আৱৰ্তত মহানগৰ আৰক্ষী ৷ দিছপুৰ আৰক্ষীৰ নমনীয় স্থিতিৰ বাবেই জামিন লাভ কৰিলে ৰাজকন্যাই ৷ অতি মৰ্মান্তিক, ৰাজকন্যা বৰুৱা মহতিয়াই নিয়া 8 গৰাকীকৈ শ্ৰমিকৰ মাজৰ এগৰাকী অৱস্থাৰ এতিয়াও সংকটজনক ৷

আকৌ গ্ৰেপ্তাৰ হ’ব পাৰে ৰাজকন্যা বৰুৱা !

শেহতীয়া তথ্য অনুসৰি, ৰাজকন্যা বৰুৱাই সংঘটিত কৰা দুৰ্ঘটনাত পতিত হৈ যোচেফ নামৰ শ্ৰমিকজনে এতিয়া জিএমচিএইচৰ কোঠাত মৃত্যুৰ সৈতে যুঁজিব লগীয়া হৈছে ৷ দুৰ্ঘটনাত গুৰুতৰভাৱে আঘাটপ্ৰাপ্ত যোচেফৰ চিকিৎসাজনিত কাৰণত চিকিৎসকে আনটো ভৰিও কাটি পেলাবলৈ বাধ্য হয় ৷

যোৱা নিশা চিকিৎসকে এক অস্ত্ৰোপচাৰ মাজেৰে যোচেফৰ সোঁ ভৰিখন কাটি পেলায় ৷ উল্লেখ্য যে, দুৰ্ঘটনা সংঘটিত স্থানতে যোচেফৰ বাওঁ ভৰিটো চিঙি গৈছিল ৷ চিকিৎসাধীন হৈ থকা যোচেফৰ এতিয়াও সম্পূৰ্ণ চেতনা ঘূৰি অহা নাই বুলি জানিবলৈ দিছে জিএমচিএইচ কৰ্তৃপক্ষই ৷

লগতে পঢ়ক:ফ্লেট ক্ৰয় কৰোঁতা-নিৰ্মাতাৰ চুক্তি সন্দৰ্ভত কেন্দ্ৰলৈ জাননী উচ্চতম ন্যায়ালয়ৰ

জিএমচিএইচত চিকিৎসাধীন হৈ থকা আন 4 গৰাকী শ্ৰমিকক সোমবাৰে ঘৰলে যাবলৈ দিয়া হ'ব বুলি জিএমচিএইচ কৰ্তপক্ষই জানিবলৈ দিয়ে ৷ তেওঁলোক ক্ৰমে, ইমৰান চৌধুৰী, মফিদুল ইছলাম, চিৰাজ আলী, আতিকুৰ ৰহমান ৷ ইফালে, এই পৰ্যন্ত লাভ কৰা নাই যোচেফৰ ঘৰৰ পৰিচয় তথা পৰিয়ালৰ পৰিচয় ৷

ৰাজকন্যা বৰুৱাৰ জামিনৰ পিছত সমগ্ৰ ঘটনাটোৰ পুনৰ তদন্ত বিচাৰিছে ভুক্তভোগী শ্ৰমিকসকলে ৷ ন্যায় বিচাৰি সোমবাৰে দিছপুৰ থানাত উপস্থিত হয় শ্ৰমিক সকল ৷ তদুপৰি ৰাজকন্যা বৰুৱাই যিখন বাহনত খুন্দা মাৰিছিল সেই বাহনখনৰ গৰাকীৰ পুত্ৰ বুবুল চৌধুৰীয়ে ৰাজকন্যাৰ বিৰুদ্ধে দিছপুৰ থানাত পুনৰ এজাহাৰ দাখিল কৰিছে ৷

এনে এটা ভয়ংকৰ দুৰ্ঘটনা সংঘটিত কৰা ৰাজকন্যাৰ ক্ষেত্ৰত দিছপুৰ আৰক্ষীৰ ভূমিকাই সকলোৰে মাজত প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে ৷ মন কৰিবলগীয়া যে, দিছপুৰ আৰক্ষীয়ে চাৰিটাকৈ গোচৰ ৰুজু কৰাৰ 24 ঘন্টাৰ পাচতে জানিম লাভ ৰাজকন্যাৰ ৷ যুৱতীগৰাকীৰ বিৰুদ্ধে কেইবাটাও অপৰাধৰ গোচৰ আৰক্ষীয়ে ৰহস্যজনকভাৱে ৰুজু নকৰিলে অভিযোগ উত্থাপন কৰিছে একাংশ লোকে ।

লগতে পঢ়ক:সান্ধ্য আইন বলৱৎ থকাৰ সময়তে ৰাজকন্যাই সংঘটিত কৰিছিল দুৰ্ঘটনা, আৰক্ষীলৈ সন্দেহৰ আঙুলি

ইফালে, ৰাজকন্যা বৰুৱাক জামিনৰ সুযোগ দিয়া আৰক্ষী বিষয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি জানিব পৰা গৈছে । ৰাজকন্যা বৰুৱাৰ ঘটনাৰ তদন্ত কৰা দিছপুৰ থানাৰ মহিলা চাব ইন্সপেক্টৰ(UB) আভাৰাণী গগৈ আৰু যান বাহন শাখাৰ ইন্সপেক্টৰ শ্বাহিৰ আলীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিছে চৰকাৰে । তথ্য অনুসৰি দুয়োজন আৰক্ষীৰ বিষয়াৰ ৰিজাভ ক্ল’জ কৰা হৈছে ৷

ৰাজকন্যাৰ জামিন লাভৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীয়ে ৷ ড৹ হিমন্ত বিশ্ব শৰ্মাই কয়, জামিন লাভ কৰিলেই ভাবিব নালাগে যে সকলো শেষ ৷ এই ক্ষেত্ৰত আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰিব ৷ জামিন দিয়া আৰক্ষীৰ বিষয়াৰ ক্ষেত্ৰতো ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি স্পষ্ট কৰি দিয়ে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷

লগতে পঢ়ক:প্ৰদূষণ নিয়ন্ত্ৰণৰ বাবে winter action plan ঘোষণা অৰবিন্দ কেজৰিৱালৰ

ABOUT THE AUTHOR

...view details