গুৱাহাটী, ৩০ এপ্ৰিলঃ লক্ ডাউনৰ মাজত যদিও জনসাধাৰণে নাটনি আৰু অসুবিধাৰ মাজেৰে পাৰ কৰিছে কিন্তু তেনে অৱস্থাতো বৰ্তমান চৰকাৰে তেওঁলোকৰ বিৰুদ্ধে মাত মতাসকলক ভুৱা অভিযোগেৰে অপৰাধী গোচৰ দি কাৰাগাৰত বন্দী কৰিছে বা গোপনভাৱে আটক কৰিছে । এই অভিযোগ উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা উপমন্যু হাজৰিকাৰ ।
চৰকাৰৰ বিৰুদ্ধে মাত মতাসকলৰ বিৰুদ্ধে জাপি দিছে ভুৱা গোচৰ - চৰকাৰৰ বিৰুদ্ধে মাত মতাসকলক জাপি দিছে ভূৱা গোচৰ
উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা উপমন্যু হাজৰিকা অভিযোগ উত্থাপন কৰিছে যে, বৰ্তমান চৰকাৰে তেওঁলোকৰ বিৰুদ্ধে মাত মতাসকলক ভুৱা অভিযোগেৰে অপৰাধী গোচৰ দি কাৰাগাৰত বন্দী কৰিছে বা গোপনভাৱে আটক কৰিছে ।
আজি এক ভিডিঅ' বাৰ্তাত এই অভিযোগ দাঙি ধৰি তেওঁ কয় যে, ডিব্ৰুগড়ৰ পংকজ শইকীয়া আৰু হাৰাংগাজাওৰ সন্তোষ হোজায়ে ফেছবুকত খিলঞ্জীয়াৰ হকে আৰু চৰকাৰৰ খিলঞ্জীয়া বিৰোধী নীতিক লৈ উদাত্ত কণ্ঠৰে মাত মাতি আহিছে । যোৱা ২২ মাৰ্চ নিশা ১০ বজাত অসম চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি হৈ থকা কৰ্কট ৰোগত আক্ৰান্ত পিতৃলৈ দৰৱ আনিব যাওঁতে পংকজ শইকীয়াক ভাৰতীয় সৈন্য বাহিনীয়ে আটক কৰে । ২৩ মাৰ্চত তেওঁক খোৱাং আৰক্ষী থানালৈ প্ৰেৰণ কৰে আৰু ২৪ মাৰ্চত ন্যায়িক আদালতত হাজিৰ কৰে । দুদিন দুৰাতি তেওঁৰ পৰিয়ালক কোনো খবৰ দিয়া নহ'ল । যিটো সংবিধানৰ মূল অধিকাৰ উলংঘন । তেওঁৰ বিৰুদ্ধে ৰাষ্ট্ৰদ্ৰোহৰ অভিযোগ । তাতে লক্ ডাউনৰ বাবে জামিন আবেদন খনৰ শুনানিও পলমকৈ হয় । ২২ এপ্ৰিলত ডিব্ৰুগড় জিলা সত্র ন্যায়াধীশ আদালতে জামিনৰ নিৰ্দেশ দি মন্তব্য দিয়ে যে তেওঁৰ বিৰুদ্ধে কোনো প্ৰমাণ বা তথ্য চৰকাৰী পক্ষই দিব নোৱাৰিলে । কেৱল ৩৬ টা ফেছবুক পোষ্ট প্ৰতিলিপি হিচাপে দিছে যিটো কোনো ধৰণৰ ৰাষ্ট্ৰ দ্ৰোহৰ প্ৰমাণ নহয় ।