গুৱাহাটী, 3 আগষ্ট : ৰাজ্যত প্ৰতিদিনে বৃদ্ধি পাই আহিছে ক'ভিড আক্ৰান্ত লোকৰ সংখ্যা ৷ প্ৰশাসন তথা স্বাস্থ্য বিভাগ সকলো সময়তে সষ্টম হৈ থকাৰ পিচতো ৰোধ কৰিব পৰা নাই সংক্ৰমণ ৷ গুৱাহাটী মহানগৰীতো কৰ'ণা ভাইৰাছ এক প্ৰকাৰ গণ সংক্ৰমণৰ ৰূপ ধাৰণ কৰিছে ৷ মহানগৰীত নিতৌ বৃদ্ধি পোৱা আক্ৰান্তৰ প্ৰতি লক্ষ্য ৰাখি পুনৰ লক ডাউন ঘোষণা কৰিছিল প্ৰশাসনে ৷
সোমবাৰৰ পৰা অসমত পুনৰ আৰম্ভ হৈছে আনলক 3.0 ৷ আনলক 3.0 অনুসৰি, অসমত সপ্তাহত দুদিনকৈ আন্তঃজিলা বাছ সেৱা চলিব ৷ প্ৰতি সোমবাৰ আৰু মঙলবাৰে অসম ৰাজ্যিক পৰিবহন নিগমৰ অধীনত প্ৰায় 40 খন বাছ অসমৰ বিভিন্ন জিলালৈ চলিব ৷ যাৰবাবে যাত্ৰী সকলে অনলাইন টিকট বুকিং প্ৰক্ৰিয়া আৰম্ভ কৰিছে ৷