গুৱাহাটী, ৩০ মার্চ:"বিকাশৰ সংকল্প লৈ বিধানসভা নির্বাচনী যুঁজত নামি পৰা বিজেপিৰ সকলাে কার্যকর্তা আৰু দলীয় প্রার্থীয়ে গৌৰৱ অনুভৱ কৰিছে ৷ কিয়নো প্রধানমন্ত্রী নৰেন্দ্র মােদীৰ নেতৃত্বত অসম তথা সমগ্র দেশতে উন্নয়নৰ যি নতুন ঢৌ সূচনা হৈছে তাৰ বাবে পুনৰবাৰ অসমত বিজেপি চৰকাৰক ক্ষমতালৈ অনাৰ বাবে অসমৰ জনসাধাৰণে সিদ্ধান্ত গ্রহণ কৰিছে"।
গুৱাহাটীৰ খানাপাৰাস্থিত নির্বাচনী সংবাদ কোষৰ কাৰ্যালয়ত মঙলবাৰে অনুষ্ঠিত এখন সংবাদ মেলত এইদৰে মন্তব্য প্ৰকাশ কৰে কেন্দ্রীয় মন্ত্রী স্মৃতি ইৰাণীয়ে । তেওঁ কয়, অসমত বানপানীৰ ফলত ক্ষতিগ্রস্ত অঞ্চলসমূহত জনসাধাৰণে যি প্রত্যাহ্বানৰ সন্মুখীন হৈ আহিছে বিজেপিয়ে মিছন ব্ৰহ্মপুত্ৰৰ জৰিয়তে এই সমস্যা সমাধান কৰাৰ সংকল্প লৈছে । বিজেপিৰ বাবে অসমত বিভিন্ন প্রকল্পই গতি লাভ কৰিছে বুলি উল্লেখ কৰি ইৰাণীয়ে কয় যে, অসমৰ বানপানী নিয়ন্ত্ৰণৰ বাবে কংগ্ৰেছৰ দিনত ২৪০০ কোটি টকাৰ আৱণ্টন দিয়াৰ বিপৰীতে বিজেপি চৰকাৰৰ সময়ত ৯৫০০ কোটিতকৈও অধিক টকা ব্যয় কৰা হৈছে ।
"কংগ্ৰেছে দুখীয়া জনসাধাৰণৰ সুবিধাৰ বাবে বেংক একাউন্ট খােলাৰৰ প্রয়ােজন বােধ কৰা নাছিল । তাৰ বিপৰীতে প্রধানমন্ত্রী নৰেন্দ্ৰ মােদীৰ দূৰদৰ্শী নেতৃত্বৰ ফলত দুখীয়া জনসাধাৰণক, জনধন যােজনাই ক’ভিদ দুযোর্গৰ সময়ত যথেষ্ট সকাহ প্রদাণ কৰিছিল । অৰুণােদয় আঁচনিৰ অধীনত ইতিমধ্যে ২২ লাখ মহিলাক প্রতিমাহে ৮৩০ টকাকৈ প্ৰদান কৰা হৈছে । বিজেপি চৰকাৰ অসমত পুনৰ শাসনলৈ অহাৰ পাচত এই ধনৰাশিৰ পৰিমাণ ৩০০০ টকালৈ বৃদ্ধি কৰা হ'ব ৷" সংবাদমেলত ইৰাণীয়ে কয় ৷