গুৱাহাটী, ৩০ মে' : এতিয়াৰে পৰা ৰাজ্যৰ উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে পিন্ধিব লাগিব ইউনিফৰ্ম । জানিব পৰা মতে, চলিত বৰ্ষত উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষত নামভৰ্তি কৰা ছাত্ৰ-ছাত্ৰী সকলৰ বাবে কটন বিশ্ববিদ্যালয়ে ইউনিফৰ্ম পৰিধান কৰাটো বাধ্যতামূলক কৰিব । কটন বিশ্ববিদ্যালয়ে ছাত্ৰ-ছাত্ৰী সকলে ইউনিফৰ্ম পৰিধান কৰাক লৈ এক আলোচনাত মিলিত হৈ প্ৰথম অৱস্থাত উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষত নতুনকৈ নামভৰ্তি কৰা ছাত্ৰ-ছাত্ৰী সকলৰ বাবে ইউনিফৰ্ম পৰিধান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ।
কটনৰ ছাত্ৰ-ছাত্ৰীয়ে পিন্ধিব লাগিব ইউনিফৰ্ম ! - uniforms_for_cotton_university_students
ৰাজ্যৰ আগশাৰীৰ বিশ্ববিদ্যালয় কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে চলিত বছৰৰ পৰা পৰিধান কৰিব লাগিব ইউনিফৰ্ম ৷
বৰ্তমান কটন বিশ্ববিদ্যালয়ত ছাত্ৰ-ছাত্ৰী সকলে ইউনিফৰ্ম পৰিধান কৰাৰ কোনো নিয়ম নাই যদিও চলিত বছৰৰ পৰা কটনত ছাত্ৰ-ছাত্ৰী সকলৰ বাবে ইউনিফৰ্ম পৰিধান কৰাকলৈ কটন বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষই আলোচনা অব্যাহত ৰাখিছে । অৱশ্যে স্নাতক বা স্নাতকোত্তৰ ছাত্ৰ-ছাত্ৰীৰ বাবে এই ইউনিফৰ্মৰ কথা পাছৰ পৰ্যায়তহে চিন্তা কৰিব বুলি জানিব পৰা গৈছে । এতিয়া কেৱল গৰমৰ বন্ধৰ পিছত অৰ্থাৎ জুলাই মাহৰ পৰা কটন বিশ্ববিদ্যালয়ৰ উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ ছাত্ৰ-ছাত্ৰী সকলে ইউনিফৰ্ম পৰিধান কৰিব লাগিব । কিন্তু তেঁওলোকে কি ৰঙৰ বা কেনেধৰণৰ ইউনফৰ্ম পিন্ধিব লাগিব সেইয়া এই পৰ্যন্ত স্পষ্ট হোৱা নাই ।