অসম

assam

অনিশ্চয়তাত হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা !

By

Published : Jun 16, 2021, 8:57 PM IST

পৰীক্ষা অনুষ্ঠিত কৰা-নকৰাক লৈ চৰকাৰেও বৰ্তমানলৈ কোনো সিদ্ধান্তত উপনীত হ'ব পৰা নাই । কেবিনেটৰ মতে বৰ্তমান পৰীক্ষা অনুষ্ঠিত কৰাটো সম্ভৱ নহয় । ১৮ জুনত সংশ্লিষ্ট পক্ষৰে আলোচনা কৰি সিদ্ধান্ত গ্ৰহণৰ পৰামৰ্শ শিক্ষা বিভাগক ।

uncertainty-high-school-and-higher-secondary-final-examination
অনিশ্চয়তাত হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা‍

গুৱাহাটী, ১৬ জুন :হাইস্কুল শিক্ষান্ত (HSLC) আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা (Higher Secondary Education Council) অনুষ্ঠিত হ'ব নে নাই তাক লৈ চলি থকা উৎকণ্ঠাৰ এতিয়াও অৱসান ঘটা নাই । এতিয়াও অব্যাহত আছে অচলাৱস্থা । পৰীক্ষা অনুষ্ঠিত কৰা-নকৰাক লৈ চৰকাৰেও বৰ্তমানলৈ কোনো সিদ্ধান্তত উপনীত হ'ব পৰা নাই । যাৰ ফলত পৰীক্ষাৰ্থীসকলৰ লগতে অভিভাৱকসকলো উদ্বিগ্ন হৈ আছে । পৰীক্ষাক লৈ চলি থকা এই অচলাৱস্থাৰ মাজতে বুধবাৰে অনুষ্ঠিত হোৱা কেবিনেটে আগবঢ়ায় গুৰুত্বপূৰ্ণ পৰামৰ্শ ।

কেবিনেটৰ বৈঠকৰ পাছত শিক্ষামন্ত্ৰী ৰণোজ পেগু (Education Minister Ranuj Pegu)ৱে এই সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত সদৰি কৰা অনুসৰি, স্বাস্থ্য বিভাগে এই মূহুৰ্তত পৰীক্ষা অনুষ্ঠিত নকৰাৰ পৰামৰ্শ দিছে । কিন্তু ছেবা, কাউঞ্চিলৰ লগতে আছু, এবছু, সাহিত্য সভা আদি সংগঠনৰ সৈতে ১৮ জুনত আলোচনা কৰি চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰা হ’ব । কেবিনেটত পৰীক্ষা সম্পৰ্কীয় দিশটোত বিশদভাৱে আলোচনা কৰা হয় । বৰ্তমানৰ ক'ভিড পৰিস্থিতি আৰু পৰীক্ষাৰ সকলো দিশ সম্পৰ্কত কেবিনেটত স্বাস্থ্য বিভাগ (Health Department) আৰু শিক্ষা বিভাগে (Education Department) সবিশেষ তথ্য দাঙি ধৰে ।

অনিশ্চয়তাত হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা‍

উল্লেখ্য যে, ৰাজ্যত এতিয়াও ক'ভিড (Covid 19) পৰিস্থিতি আশানুৰূপ উন্নত হোৱা নাই । মে' আৰু জুন মাহত ১৮ বছৰ বয়সলৈকে ক'ভিড (Covid 19) আক্ৰান্তৰ হাৰ ১৪.৮ শতাংশ । সেইদৰে ১১ বছৰ বয়সৰ পৰা ১৮ বছৰ বয়সলৈকে আক্ৰান্তৰ হাৰ ১০ শতাংশ । আনহাতে সংখ্যা হিচাপত এই বয়সৰ ২৫ হাজাৰ গৰাকী ক'ভিডত আক্ৰান্ত হৈছে । কেবিনেটত স্বাস্থ্য বিভাগে (Health Department) দাঙি ধৰা এই তথ্যৰ কথা আজি সংবাদমেল যোগে সদৰি কৰে মন্ত্ৰী কেশৱ মহন্ত (Keshab Mahanta)ই । ইফালে শিক্ষা বিভাগে কেবিনেটত দিয়া তথ্য মতে হাইস্কুল শিক্ষান্ত (HSLC) আৰু হাইমাদ্ৰাছা পৰীক্ষা (High Madrasah)ত অৱতীৰ্ণ হ'বলগীয়া পৰীক্ষাৰ্থীৰ সংখ্যা হৈছে ৪.৪০ লাখ আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা (Higher Secondary Education Council)ৰ পৰীক্ষাৰ্থীৰ সংখ্যা হৈছে ২.৫০ লাখ ।

অৰ্থাৎ প্ৰায় সাত লাখ শিক্ষাৰ্থী অৱতীৰ্ণ হ'ব পৰীক্ষাত । এই শিক্ষাৰ্থীসকলৰ লগত এজনকৈ অভিভাৱক আহিলে আৰু শিক্ষক-শিক্ষয়ত্ৰী, নিৰাপত্তাৰ লোককে ধৰি প্ৰায় ২০ লাখ লোকৰ সমাগম হ'ব । তদুপৰি যান-বাহনৰ কথাও আছে । এই দুয়োটা দিশ পৰ্যালোচনা কৰি কেবিনেটে বৰ্তমানৰ ক'ভিড (Covid 19) পৰিস্থিতিত পূৰ্বৰে পৰা চলি অহা সাধাৰণ পৰীক্ষা ব্যৱস্থাৰে এতিয়া পৰীক্ষা অনুষ্ঠিত কৰাটো সম্ভৱ নহ'ব বুলি পৰামৰ্শ আগবঢ়াইছে । কেবিনেটে ১৮ জুনত শিক্ষা ব্যৱস্থাটোৰ লগত জড়িত সংশ্লিষ্ট পক্ষৰ লগত আলোচনা কৰি সিদ্ধান্তত উপনীত হোৱাৰ পৰামৰ্শ আগবঢ়াইছে । শিক্ষা বিভাগ (Education Department) আৰু পৰীক্ষাৰ দায়িত্বত থকা সংশ্লিষ্ট কৰ্তৃপক্ষই বহুলানি আলোচনাত বহিছে যদিও এতিয়াও পৰীক্ষা অনুষ্ঠিত কৰাক লৈ কোনো সমাধানসূত্ৰ ওলোৱা নাই ।

লগতে পঢ়ক :কি কি গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল’লে ৰাজ্য চৰকাৰৰ পঞ্চম কেবিনেটে ?

ABOUT THE AUTHOR

...view details