অসম

assam

ETV Bharat / state

আলফা স্বাধীনৰ ম্যানমাৰৰ শিবিৰত চলোৱা বোমা আক্ৰমণৰ কেতবোৰ ফটো প্ৰকাশ সংগঠনটোৰ - Myanmar camp

Drone attack: আলফা স্বাধীনৰ ম্যানমাৰৰ শিবিৰত ড্ৰোণেৰে চলোৱা বোমা আক্ৰমণৰ ফটো ৰাজহুৱা কৰিছে সংঠনটোৱে ৷ ফটোকেইখনত কেইখনমান ড্ৰোণৰ ভগ্নাৱশেষ দেখা পোৱা গৈছে ৷

Drone attack
ড্ৰোণ আক্ৰমণৰ ফটো প্ৰকাশ

By ETV Bharat Assamese Team

Published : Jan 10, 2024, 3:55 PM IST

গুৱাহাটী, 10 জানুৱাৰী : আলফা স্বাধীনৰ ম্যানমাৰৰ শিবিৰত ড্ৰোণেৰে চলোৱা বোমা আক্ৰমণত ব্যৱহৃত ড্ৰোণৰ ফটো ৰাজহুৱা কৰিছে সংঠনটোৱে ৷ যোৱা দেওবাৰে আলফা স্বাধীনৰ ম্যানমাৰস্থিত শিবিৰত ড্ৰোণ যোগে আকাশমাৰ্গেৰে তিনিটাকৈ আক্ৰমণ হোৱা বুলি দাবী কৰিছিল পৰেশ বৰুৱা নেতৃত্বাধীন সংগঠনটোৱে ৷ সংঘটিত হোৱা ড্ৰোণ আক্ৰমণৰ ফটো আজি সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰিছে সংগঠনটোৰ প্ৰচাৰ বিভাগৰ সদস্য ৰুমেল অসমে ৷

আলফা স্বাধীনৰ শিবিৰত আক্ৰমণ

উল্লেখ্য যে 7 জানুৱাৰীত অৰ্থাৎ দেওবাৰে ম্যানমাৰস্থিত আলফা স্বাধীনৰ শিবিৰত তিনিটাকৈ বোমা ড্ৰোণেৰে নিক্ষেপ কৰে ৷ এই ঘটনাত দুগৰাকী আলফা স্বাধীনৰ সদস্য আঘাতপ্ৰাপ্ত হোৱা বুলি সংগঠনটোৱে পূৰ্বে দাবী কৰিছিল ৷ বিশেষ সূত্ৰৰ পৰা লাভ কৰা খবৰ অনুসৰি শিবিৰৰ এটা ঘৰো ধ্বংস হয় এই আক্ৰমণত ৷ ভাৰতৰ দিশৰ পৰা এই তিনিটা বোমা ড্ৰোণেৰে নিক্ষেপ কৰিছিল বুলি ভাৰত চৰকাৰলৈ আঙুলি টোৱাঁইছিল সংগঠনটোৱে ৷

আলফা স্বাধীনৰ ম্যানমাৰৰ শিবিৰত আক্ৰমণ

উল্লেখ্য যে, ভাৰতীয় সেনাই আলফা স্বাধীনৰ শিবিৰত যে আকস্মিক আক্ৰমণৰ পৰিকল্পনা কৰিছে সেই কথা পূৰ্বৰে জ্ঞাত আছিল বুলি দাবী কৰিছে সংগঠনটোৱে ৷ যাৰ বাবে এই আক্ৰমণ প্ৰতিৰোধৰ বাবে সাজু হৈ আছিল বুলিও দাবী কৰিছে সংগঠনটোৱে ৷ মনকৰিবলগীয়া যে, আলফা স্বাধীনৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাই একত্ৰিত অসমৰ ঐতিহাসিক ৰাজনৈতিক অধিকাৰৰ ওপৰত আলোচনা কৰাৰ বাবে ভাৰত চৰকাৰলৈ প্ৰস্তাৱ আগবঢ়াইছিল শেহতীয়াভাৱে ৷ এনে সময়তে ড্ৰোণ যোগে চলোৱা এই বোমা আক্ৰমণে বিশেষ তাৎপৰ্য বহন কৰিছে ৷

আলফা স্বাধীনৰ ম্যানমাৰৰ শিবিৰত ড্ৰোণ আক্ৰমণ

ৰুমেল অসমে পঠিওৱা ফটোকেইখনত কেইখনমান ড্ৰোণৰ ভগ্নাৱশেষ দেখা পোৱা গৈছে ৷ ড্ৰোণৰ কাষতে এখন ফটোত ৰাইফল জাতীয় এটা আগ্নেয়াস্ত্ৰ দেখা গৈছে ৷ অৱশ্যে ফটো কেইখনত কেৱল ভগ্ন ড্ৰোণ কেইখনহে দেখা পোৱা গৈছে ৷ স্থান বা আন একোৰে উমান পোৱা নাযায় ৷

লগতে পঢ়ক :নিৰাপত্তাৰক্ষী প্ৰত্যাহাৰ: অজান আশংকাত পৰেশ বৰুৱাৰ পৰিয়াল

ABOUT THE AUTHOR

...view details