অসম

assam

ETV Bharat / state

12 বছৰজোৰা এক প্ৰক্ৰিয়া সফল সমাপ্তিৰ দিশে; 29 ডিচেম্বৰত স্বাক্ষৰিত হ’ব আলফা-ভাৰত চৰকাৰৰ মাজত শান্তি চুক্তি

ULFA Govt peace agreement : প্ৰায় 12 বছৰজোৰা এক প্ৰচেষ্টাৰ অন্ত পৰিব চলিত বৰ্ষৰ 29 ডিচেম্বৰৰ দিনা ৷ কিয়নো 29 ডিচেম্বৰত স্বাক্ষৰিত হ’ব আলফা আৰু ভাৰত চৰকাৰৰ মাজত শান্তি চুক্তি ৷ এই কথা সদৰী কৰিছে আলফাৰ সাধাৰণ সম্পাদক অনুপ চেতিয়াই ৷

ULFA Govt peace agreement
প্ৰায় 12 বছৰজোৰা এক প্ৰচেষ্টাৰ অন্ত হোৱাৰ দিশে

By ETV Bharat Assamese Team

Published : Dec 26, 2023, 3:11 PM IST

Updated : Dec 26, 2023, 5:19 PM IST

নিউজ ডেস্ক, 26 ডিচেম্বৰ :29 ডিচেম্বৰত স্বাক্ষৰিত হ’ব আলফা আৰু ভাৰত চৰকাৰৰ মাজত শান্তি চুক্তি ৷ নতুন দিল্লীৰ নৰ্থ ব্লকত 29 ডিচেম্বৰৰ দিনা বহুচৰ্চিত এই চুক্তি স্বাক্ষৰিত হ’ব ৷ আজি অৰ্থাৎ মঙলবাৰে দুপৰীয়া নতুন দিল্লীৰ পৰা ফোনযোগে ইটিভি ভাৰতক এই কথা নিশ্চিত কৰিছে আলফাৰ সাধাৰণ সম্পাদক অনুপ চেতিয়াই ৷

চেতিয়াই আৰু কয় যে ইতিমধ্যে এই চুক্তিৰ খচৰা চূড়ান্ত হৈছে আৰু 29 ডিচেম্বৰত কেন্দ্ৰীয় চৰকাৰৰ গৃহ মন্ত্ৰণালয়, অসম চৰকাৰৰ গৃহ বিভাগ আৰু আলফাৰ শীৰ্ষ নেতৃত্বৰ মাজত ত্ৰিপাক্ষিক চুক্তি স্বাক্ষৰিত হ’ব ৷ চুক্তি স্বাক্ষৰ অনুষ্ঠানত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ কেবাগৰাকীও মন্ত্ৰী, শীৰ্ষ স্তৰীয় আমোলাৰ লগতে অসমৰ বহু কেইবাগৰাকী বিশিষ্ট ব্যক্তিও উপস্থিত থাকিব ৷ ফোনযোগে এই কথা সদৰী কৰিছে আলফাৰ সাধাৰণ সম্পাদক চেতিয়াই ৷

চেতিয়াই কয়, 29 ডিচেম্বৰৰ দিনা আবেলি 5 বজাত স্বাক্ষৰিত হ’ব এই শান্তি চুক্তি ৷ গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত নতুন দিল্লীৰ নৰ্থ ব্লকত আলফা আৰু ভাৰত চৰকাৰৰ মাজত স্বাক্ষৰিত হ’ব শান্তি চুক্তি ৷ এই শান্তি চুক্তি অনুষ্ঠানত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাও উপস্থিত থাকিব বুলি জানিব পৰা গৈছে ৷

উল্লেখ্য যে, 2011 চনৰ পৰাই এই চুক্তিৰ বাবে প্ৰচেষ্টা চলাই থকা হৈছিল ৷ প্ৰায় 12 বছৰজোৰা এই প্ৰচেষ্টাৰ অন্ত পৰিব চলিত বৰ্ষৰ 29 ডিচেম্বৰৰ দিনা ৷ ইতিমধ্যে চুক্তিৰ প্ৰাৰম্ভিক বিষয়সমূহ চূড়ান্ত কৰিবলৈ সোমবাৰে সন্ধিয়া দিল্লীত উপস্থিত হৈছিল আলফাৰ সাধাৰণ সম্পাদক অনুপ চেতিয়া আৰু বৈদেশিক সচিব শশধৰ চৌধুৰী ৷ সমান্তৰালভাৱে অসম চৰকাৰৰ গৃহ বিভাগৰ শীৰ্ষ আমোলাৰ দল এটাও সোমবাৰে দিল্লীত উপস্থিত হৈছিল ৷

ইতিমধ্যে সকলোৰে জ্ঞাত যে বিগত সময়ছোৱাত আলফা আৰু কেন্দ্ৰীয় চৰকাৰৰ মাজত শান্তি চুক্তিৰ প্ৰসংগত কেবালানিও বৈঠক অনুষ্ঠিত হৈছিল ৷ নিশ্চিতভাৱে সেই দাবী চনদত উল্লেখ থকা বিষয়সমূহেই মূলতঃ প্ৰতিফলিত হ’ব আগন্তুক শান্তি চুক্তিত ৷

লগতে পঢ়ক :শান্তিচুক্তিৰ সময় সমাগত: আলফাৰ প্ৰতিনিধিৰ লগতে গৃহ বিভাগৰ শীৰ্ষ আমোলাৰ দলো উপস্থিত দিল্লীত

Last Updated : Dec 26, 2023, 5:19 PM IST

ABOUT THE AUTHOR

...view details