গুৱাহাটী, ১৪ ডিচেম্বৰ :ৰাকেশ পালৰ ছত্ৰছাঁয়াত APSC ত বক্ৰপথেৰে চাকৰি লোৱা বুলি তথ্য-প্ৰমাণ লাভ কৰা একাংশ ৰাজপত্ৰিত বিষয়াৰ লাহে লাহে যেন জেলৰ ভাত খোৱাৰ সময় মুকলি হৈছে । IPS মুন্না প্ৰসাদ গুপ্তাৰ নেতৃত্বত গঠিত SIT য়ে তলব কৰিছে এজনৰ পাছত আন এজন ৰাজপত্ৰিত বিষয়াক ।
বৃহস্পতিবাৰে SIT য়ে তলব কৰি জেৰা কৰে আন দুই ৰাজপত্ৰিত বিষয়াক ৷ APS নিতুমনি দাস আৰু APS ঋতুৰাজ দলে নামৰ দুয়োগৰাকী বিষয়া তলব অনুসৰি গুৱাহাটীৰ উলুবাৰীস্থিত CIDৰ কাৰ্যালয়ত হাজিৰ হয় ।
ইয়াৰে নিতুমণি দাসে বঙাইগাঁৱত আৰু ঋতুৰাজ দলেই গোৱালপাৰাত অতিৰিক্ত আৰক্ষী অধীক্ষকৰূপে কৰ্মৰত আছিল । বঙাইগাঁৱৰ অতিৰিক্ত আৰক্ষী অধীক্ষক হিচাবে নিযুক্ত হৈ থকা অৱৱস্থাতে নিতুমণি দাসক ইতিমধ্যে নিলম্বন কৰা হৈছে । দুয়োজনৰ বিৰুদ্ধে আছে বক্ৰপথেৰে APSCৰ চাকৰি লোৱাৰ অভিযোগ । তথ্য-প্ৰমাণৰ ভিত্তিত দুয়োজনকে বিশেষ তদন্তকাৰী দলে তলব কৰে জেৰাৰ বাবে । উল্লেখযোগ্য যে, ৰাজ্য চৰকাৰে গঠন কৰি দিয়া এছ আই টিয়ে চলাই আছে এ পি এছ চি কেলেংকাৰীৰ তদন্ত ৷ ইতিমধ্যে অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ শৰ্মা আয়োগৰ প্ৰতিবেদনৰ ভিত্তিত কেবাগৰাকী ৰাজপত্ৰিত বিষয়াক জেৰা চলাই গ্ৰেপ্তাৰ কৰাৰ লগতে বহুকেইগৰাকীক নিলম্বন কৰিছে ।
বিশেষ তদন্তকাৰী দলটোৱে দুই এ পি এছ বিষয়া ক্ৰমে নিতুমণি দাস আৰু ঋতুৰাজ দলেক চি আই ডিৰ কাৰ্যালয়ত আজি হাজিৰ হোৱাৰ বাবে জাননী জাৰি কৰিছিল ৷ এছআইটিয়ে জাৰি কৰা চমন অনুসৰি বৃহস্পতিবাৰে পুৱাবেলাত দুয়ো হাজিৰ হয় SITৰ সন্মুখত । ইয়াৰ পাছতে অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ শৰ্মা আয়োগৰ প্ৰতিবেদনৰ ভিত্তিত দুয়োগৰাকী বিষয়াৰ বিৰুদ্ধে নম্বৰ বৃদ্ধিৰ অভিযোগত জেৰা চলোৱা হৈছে ৷
কিমান নম্বৰ বৃদ্ধি হৈছিল নিতুমণি আৰু ঋতুৰাজৰ ? দুৰ্নীতিৰ সম্ৰাট বুলি ইতিমধ্যে আখ্যা পোৱা APSC কেলেংকাৰীৰ খলনায়ক ৰাকেশ পালৰ জোলোঙাৰ এই দুইগৰাকী উচ্চপদস্থ আৰক্ষী বিষয়া হৈছিল । তথ্য অনুসৰি লিখিত পৰীক্ষাত ইংৰাজী বিষয়ত নিতুমণি দাসে লাভ কৰিছিল মাত্ৰ ৪৮ নম্বৰ, কিন্তু ৰাকেশ পালৰ ছত্ৰছাঁয়াত এই নম্বৰ বঢ়াই ১৪৮ কৰি দিয়া হয় । ঠিক তেনেদৰে শিক্ষা বিষয়ৰ পৰীক্ষাত দাসে লাভ কৰিছিল ৪৯ নম্বৰ ৷ ১০০ নম্বৰ বৃদ্ধি কৰি সেয়া কৰা হৈছিল ১৪৯ ৷