গুৱাহাটী, 28 ফেব্ৰুৱাৰী:ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পিচত এইবাৰ নামনি অসমক পুনৰ পাকিস্তানৰ লগত তুলনা কৰিলে বিজেপি নেতা তথা ৰাজ্যিক মুখপাত্ৰ ৰূপম গোস্বামীয়ে (BJP spokesperson Rupam Goswami controversial comment) ৷ সোমবাৰে অৰ্থাৎ 27 ফেব্ৰুৱাৰীত এক টেলিভিছন চেনেলৰ টক শ্ব'ত বিজেপি নেতা তথা ৰাজ্যিক মুখপাত্ৰ ৰূপম গোস্বামীয়ে "নামনি অসমলৈ গ'লে পাকিস্তান পাকিস্তান লাগে" বুলি কৰা মন্তব্যৰ পিচতে ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷
মঙলবাৰে মহানগৰীত এই মন্তব্যৰ বিৰোধিতা কৰি অসম তৃণমূল যুৱ কংগ্ৰেছৰ সভাপতি বন্দীপ দত্তই (Trinamool Youth Congress President Bandip Dutta) এক সংবাদমেলৰ আয়োজন কৰে (Trinamool Youth Congress reaction)৷ এই সংবাদমেলত বন্দীপ দত্তই কয় যে, ৰূপম গোস্বামীৰ মন্তব্যক কটাক্ষ কৰি কয় যে যোৱা সোমবাৰে এক টেলিভিছন চেনেলৰ টক শ্ব'ত বিজেপি নেতা ৰূপম গোস্বামীয়ে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই 'নামনি অসমলৈ গ'লে পাকিস্তান পাকিস্তান লাগে' বুলি কৰা মন্তব্যৰ সমৰ্থন কৰে ৷ ৰূপম গোস্বামীয়ে মুখ্যমন্ত্ৰীৰ কথাত হয়ভৰ দি তেওঁৰো নামনি অসমলৈ পাকিস্তান পাকিস্তান লাগে বুলি বিতৰ্কিত মন্তব্য প্ৰকাশ কৰিছিল ৷ এই মন্তব্যৰে বিজেপিৰ নেতাজনে সমগ্ৰ নামনি অসমক অপমান কৰিছে ।