পুৱা 9 বজাৰ শীৰ্ষ দহটা বাতৰি-
1. প্ৰতিবাদী কৃষকক টোমৰৰ পত্ৰ পঢ়িবলৈ আহ্বান প্ৰধানমন্ত্ৰী মোডীৰ
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বৃহস্পতিবাৰে কেন্দ্ৰীয় কৃষি মন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰক প্ৰশংসা আগবঢ়ায় ৷ এখন মুকলি পত্ৰৰ জৰিয়তে কৃষকসকলৰ সৈতে বাৰ্তালাপ কৰিবলৈ চেষ্টা কৰা টোমৰক প্ৰশংসা কৰি মোডীয়ে এই পত্ৰ কৃষকসকলক পঢ়িবলৈ আহ্বান জনায় ৷
2. ক'ভিড-19 প্ৰতিষেধকৰ উপলব্ধতা নিশ্চিত কৰাৰ বাবে ভাৰত সুৰক্ষিত অৱস্থাত আছে
ইটিভি ভাৰতৰ সৈতে হোৱা এক সাক্ষাৎকাৰত মৌলানা আজাদ চিকিৎসা মহাবিদ্যালয়ৰ ডাইৰেক্টৰ জেনেৰেল ড৹ শীতল গাৰ্গে কয় যে, দেশত প্ৰস্তুত কৰা বহুকেইটা ক'ভিড প্ৰতিষেধকৰ প্ৰস্তুতি যথেষ্ট আগবাঢ়ি আছে আৰু সেই অনুসৰি দেশত এই প্ৰতিষেধকৰ উপলব্ধতা সুনিশ্চিত কৰাৰ বাবে ভাৰত সুৰক্ষিত অৱস্থাত আছে ৷
3. COVID-19ত আক্ৰান্ত হাৰিয়ানাৰ স্বাস্থ্য মন্ত্ৰী অনিল ভিজৰ অৱস্থা সুস্থিৰ
COVID-19ত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ থকা হাৰিয়ানাৰ স্বাস্থ্য মন্ত্ৰী অনিল ভিজৰ অৱস্থা বৰ্তমান সুস্থিৰ ৷ আম্বালাৰ এখন চিকিৎসালয়ত ভাৰত বায়'টেকৰ COVID-19 ভেকচিন পৰীক্ষণ টিকা গ্ৰহণৰ পাচতে ৫ ডিচেম্বৰত COVID-19ত আক্ৰান্ত হৈছিল স্বাস্থ্য মন্ত্ৰী গৰাকী ৷
4.জম্মু-কাশ্মীৰৰ ডাল হ্ৰদত উপলব্ধ হ’ব নাও এম্বুলেন্স সেৱা
পোনপ্ৰথমবাৰৰ বাবে জম্মু-কাশ্মীৰৰ ডাল হ্ৰদত মুকলি হ’ব নাও এম্বুলেন্স সেৱা ৷ তাৰিক আহমেদ পাট্লো নামৰ লোকজনৰ তত্বাৱধানত নিৰ্মাণ কৰি উলিওৱা হৈছে এই এম্বুলেন্সখন ৷ এম্বুলেন্সখনে জৰুৰীকালীন অৱস্থাত ৰোগীসকলক চিকিৎসা সেৱা আগবঢ়াব ৷
5. বিজেপি কৰ্মীও এতিয়া নামি পৰিছে সুৰাৰ অবৈধ ব্যৱসায়ত !
বৃহস্পতিবাৰে নগাঁও আৱকাৰী বিভাগে আটক কৰে এগৰাকী বিজেপি কৰ্মীক ৷ ড্ৰাই ডে'ত অবৈধভাৱে বিলাতী সুৰা বিক্ৰী কৰিছিল শেনচোৱা গাঁও পঞ্চায়তৰ ৬ নং ৱাৰ্ডৰ মেম্বাৰ তুলন দাসে ৷