অসম

assam

ETV Bharat / state

পুৱা 9 বজাৰ শীৰ্ষ দহটা বাতৰি - দহটা বাতৰি

পুৱা 9 বজাৰ শীৰ্ষ দহটা বাতৰি

দহটা বাতৰি
দহটা বাতৰি

By

Published : Dec 17, 2020, 9:00 AM IST

পুৱা 9 বজাৰ শীৰ্ষ দহটা বাতৰি-

1. সিংঘু সীমান্তত আত্মহত্যা কৃষকৰ

বুধবাৰে সিংঘু সীমান্তত এজন কৃষকে আত্মহত্যা কৰে ৷ ৰামসিং নামৰ কৃষকজনে শৰীৰত গুলীয়াই আত্মহত্যা কৰে ৷ আনকি, কৃষকজনে মৃত্যুৰ সময়ত এখন আত্মহত্যাৰ টোকাত মৃত্যুৰ কাৰণো স্পষ্টকৈ উল্লেখ কৰি গৈছে ৷

2.শীতৰ বাবেই ৰন্ধন গেছৰ মূল্য বৃদ্ধি হৈছে : কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান

সমগ্ৰ দেশতে পুনৰ বৃদ্ধি কৰা হৈছে ৰন্ধন গেছৰ মূল্য । ১৪.২ কিলোগ্ৰামৰ ৰন্ধন গেছ ছিলিণ্ডাৰৰ মূল্য ৫০ টকাকৈ বৃদ্ধি কৰা হৈছে । কিন্তু ইয়াৰ পিচতেই কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে শীতৰ বাবেই ৰন্ধন গেছৰ মূল্য বৃদ্ধি হোৱা বুলি এক হাস্যকৰ মন্তব্য প্ৰদান কৰিছে ।

3.ন্যায়ালয়ে বিদেশী ঘোষণা কৰা 104 বছৰীয়া চন্দ্রধৰ দাসৰ মৃত্যু

কাছাৰ জিলাৰ ধলাই সমষ্টিৰ বাসিন্দা চন্দ্ৰধৰ দাসে শাক-পাচলি বিক্ৰী কৰি পৰিয়ালটোৰ পোহপাল দি আহিছিল ৷ কিন্তু তাৰমাজতে 2018 চনৰ মাৰ্চ মাহত শিলচৰৰ বিদেশী চিনাক্তকৰণ ন্যায়াধীশৰ আদালতে 104 বছৰীয় বৃদ্ধ চন্দ্ৰধৰ দাসক বিদেশী বুলি ঘোষণা কৰিছিল ৷

4. জনতাৰ দৃষ্টি এতিয়া বি টি আৰ চুক্তিৰ ৰূপায়ণ পৰ্বত

প্ৰাক্তন এবছু নেতা প্ৰমোদ বড়োক মুখ্য কাৰ্যবাহী সদস্যৰ আসনত বহুৱাই ইউ পি পি এল, গণ সুৰক্ষা পাৰ্টী আৰু বিজেপিয়ে বিটিচিত যি পৰিষদ গঠন কৰি উন্নয়নৰ সপোন দেখুৱাইছে সেই সপোন, আশা-আকাংক্ষাৰ আধাৰ হ'ল বিটিআৰ চুক্তি ।

5.টীয়কৰ কাকজানত পথ দুৰ্ঘটনা: নিহত এজন

৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা ৷ ঘাইপথৰ কাষতে ৰখাই থোৱা এখন ডাম্পাৰত খুন্দিওৱাৰ ফলতে দুৰ্ঘটনাটো সংঘটিত হয় ৷ পথ দুৰ্ঘটনাত থিতাতে নিহত হয় এজন যুৱক ৷

6. কৰিমগঞ্জত বিজেপিৰ কাৰ্যনিৰ্বাহক সভা আয়োজনক লৈ সৰৱ কংগ্ৰেছ

কৰিমগঞ্জ জিলা ক্ৰীড়া সংস্থাৰ খেল পথাৰত ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত কৰাৰ লৈ বুধবাৰে জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কংগ্ৰেছৰ ৷ জিলা ক্ৰীড়া সন্থাই আয়োজন কৰা ক্ৰিকেট টুৰ্ণামেণ্টৰ বাবে উক্ত সময়ত সভা অনুষ্ঠিত কৰিবলৈ অনুমতি প্ৰদান কৰা নাছিল যদিও জিলা উপায়ুক্তই এই খেল পথাৰখন সভাৰ বাবে অধিগ্ৰহণ কৰে ।

7. পুনৰ ড্ৰাগছ বিৰোধী অভিযান জালুকবাৰী আৰক্ষীৰ

মাৰাত্মক ড্ৰাগছৰ বিৰুদ্ধে পুণৰ জালুকবাৰী আৰক্ষীয়ে বিভিন্ন স্থানত অভিযান চলায় । এই অভিযান কালত বৃহৎ পৰিমাণৰ ড্ৰাগছসহ তিনি সৰবৰাহকাৰী সহ এগৰাকী মহিলাক আটক কৰিবলৈ সক্ষম হয় জালুকবাৰী আৰক্ষী ।

8. আজমল ফাউণ্ডেচন বিতৰ্কঃ মুখ্যমন্ত্ৰীক সাক্ষাৎ বদৰুদ্দিন আজমলৰ

শাসকীয় দল বিজেপিয়ে আজমল ফাউণ্ডেচনলৈ সন্ত্ৰাসবাদী সংগঠনৰে সম্পৰ্ক থকা সংস্থাৰ পৰা ধন অহাৰ অভিযোগ উত্থাপন কৰি সাংসদ মৌলানা বদৰুদ্দিন আজমলক সমালোচনাৰে থকা সৰকা কৰে ৷ তাৰ পাচতে শংকিত হৈ বুধবাৰে সাংসদগৰাকীয়ে সাক্ষাৎ কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক ৷

9.ৰাজগড় শাখা সাহিত্য সভাৰ গুৰুত্বপূৰ্ণ কাৰ্যনিৰ্বাহ সভা

ৰাজগড় শাখা সাহিত্য সভাৰ সভাপতি চিন্ময়জ্যোতি হাজৰিকাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা কাৰ্যনিৰ্বাহ সভাত ৰাজগড় শাখা সাহিত্য সভাৰ অধিৱেশনখন অনুষ্ঠিত কৰাৰ সন্দৰ্ভত আলোচনা কৰা হয় ৷

10. বকোত পথ দুৰ্ঘটনাত পতিত স্কুটি আৰোহী

বকো জাৰাপাৰাৰ 17 নং ৰাষ্ট্ৰীয় ঘাইপথত পথ দুৰ্ঘটনা ৷ ঘটনাৰ ফলত মূৰত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত যুৱকজন ৷

ABOUT THE AUTHOR

...view details