পুৱা 9 বজাৰ শীৰ্ষ দহটা বাতৰি-
1. মৰিগাঁৱত তিৱা স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনৰ প্ৰস্তুতি তুংগত
তিৱা স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনক লৈ মৰিগাঁৱত বলিছে ৰাজনৈতিক গৰম বতাহ ৷ সকলো দলৰ নেতাই নিজ নিজ কাৰ্যসূচীৰে প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে ৷
2.হাতে হাতে খালী কলহ লৈ খোৱা পানী বিচাৰি শিলচৰত পথ অৱৰোধ
খোৱা পানী বিচাৰি হাহাকাৰ শিলচৰবাসীৰ ৷ খোৱা পানী যোগানৰ দাবীত শিলচৰৰ বদৰপুৰত পথ অৱৰোধ ৷ হাতে হাতে খালী কহল লৈ পানী বিচাৰি প্ৰতিবাদ ৰাইজৰ ৷ বিগত 30 বছৰে খোৱা পানীৰ সমস্যাত ভুগি অহাৰ অভিযোগ প্ৰতিবাদকাৰীৰ ৷
3. জে পি নাড্ডাৰ আশু আৰোগ্য কামনা মন্ত্ৰী ৰঞ্জিত দত্তৰ
ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় সভাপতি জগত প্ৰকাশ নাড্ডা ক’ভিড-১৯ত আক্ৰান্ত হোৱাৰ পাচত তেওঁৰ আশু আৰোগ্যৰ লগতে সোনকালে সুস্থ হোৱাৰ কামনা কৰিছে বিহালী সমষ্টিৰ বিধায়ক তথা কেবিনেট মন্ত্ৰী ৰঞ্জিত দত্তই ৷
4. বিশ্বনাথৰ বাঘমাৰী চাহ বাগিচাত বিজেপি চাহ মৰ্চাৰ সমিতি গঠন
দেওবাৰে বিশ্বনাথ জিলাৰ বাঘমাৰী চাহ বাগিচাত গঠন হয় এখন শক্তিশালী লাইন সমিতি ৷ ভাৰতীয় জনতা পাৰ্টিৰ চাহ মৰ্চা বাঘমৰা মণ্ডল সমিতিৰ উদ্যোগত গঠন কৰা হয় 51 জনীয়া শক্তিশালী সমিতি গঠন ৷
5.বিশ্বনাথত কা আন্দোলনৰ পঞ্চ শ্বহীদক শ্ৰদ্ধাঞ্জলি
নাগৰিকত্ব সংশোধনী বিধেয়ক নাগৰিকত্ব সংশোধনী আইনত পৰিণত হোৱাৰ এবছৰ সম্পূৰ্ণ ৷ এনএছইউআই গোটৰ উদ্যোগত বিশ্বনাথ মহাবিদ্যালয় প্ৰাংগনত 'কা' আন্দোলনত প্ৰাণ হেৰুওৱা পঞ্চ শ্বহীদক শ্ৰদ্ধাঞ্জলি ৷