1. ৰাজেন গোঁহাইক লগত লৈ মনোনয়ন দাখিল কৰিলে ৰূপক শৰ্মাই
নগাঁও বিধানসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী ৰূপক শৰ্মাই বুধবাৰে দাখিল কৰে মনোনয়ন । মনোনয়ন দাখিল কৰাৰ সময়ত প্ৰাৰ্থী গৰাকীক সংগ দিয়ে জ্যেষ্ঠ বিজেপি নেতা ৰাজেন গোঁহাই আৰু মন্ত্ৰী পীযুষ হাজৰিকাই ৷
2. বাঘবৰত এআইইউডিএফৰ প্ৰাৰ্থী ৰাজীৱ আহমেদক বিপুল আদৰণি
বৰপেটা জিলাৰ ৪৫ নং বাঘবৰ বিধানসভা সমষ্টিৰ এআইইউডিএফৰ প্ৰাৰ্থী ৰাজীৱ আহমেদ গুৱাহাটীৰ পৰা গৈ সমষ্টিত উপস্থিত হোৱাৰ পিছত বিপুল আদৰণি জনাই তেওঁৰ সমৰ্থকসকলে ।
3.পদুলিয়ে পদুলিয়ে নহয় ৰাইজৰ হৃদয়লৈ যাব বিজেপি: হিমন্ত বিশ্ব শৰ্মা
পদুলিয়ে পদুলিয়ে নহয় ৰাইজৰ হৃদয়লৈ যাব বিজেপি ৷ বিজেপিয়ে ৰাইজৰ পদুলি শুঙি নুফুৰে বুলি কৈ এটা নৱগঠিত আঞ্চলিক দলক তীব্ৰ সমালোচনা কৰে হিমন্ত বিশ্ব শৰ্মাই ৷ কমলপুৰ বিধানসভা সমষ্টিৰ মিত্ৰজোটৰ প্ৰাৰ্থী দিগন্ত কলিতাৰ মনোনয়ন দাখিলৰ প্ৰাকক্ষণত হিমন্ত বিশ্ব শৰ্মাৰ বিশাল শোভাযাত্ৰা ।
4.গৃহ সমষ্টিত ৰণজিৎ দাসক উষ্ম আদৰণি
প্ৰাৰ্থিত্ব লাভৰ পিছত প্ৰথমবাৰৰ বাবে ৰণজিৎ দাস উপস্থিত গৃহ সমষ্টিত । টিহুৰ সমীপৰ নাথকুছিৰ শিৱ মন্দিৰত সেৱা জনাই দাসে এক ৰেলীত অংশ লয় ।
5.২০২১ ৰ বিধানসভা নিৰ্বাচন হ'ব অস্তিত্ব ৰক্ষাৰ শেষ সংগ্ৰাম: পীযুষ হাজৰিকা
সাংবাদিকে মন্ত্ৰী পীযুষ হাজৰিকাক প্ৰাৰ্থিত্বকেন্দ্ৰিক সংঘাতৰ বিষয়ে প্ৰশ্ন কৰাত বিজেপিত বৰ বেছি সংঘাত হোৱা নাই বুলি সদৰী কৰে ৷ একেদৰে কংগ্ৰেছতহে অফিচ ভঙা-ভঙি হৈছে বুলি পীযুষ হাজৰিকাই কয় ।