অসম

assam

By

Published : Mar 12, 2021, 5:03 PM IST

ETV Bharat / state

বিয়লি 5 বজাৰ দহটা মুখ্য সংবাদ

বিয়লি 5 বজাৰ দহটা মুখ্য সংবাদ...

top10
মুখ্য সংবাদ

বিয়লি 5 বজাৰ দহটা মুখ্য সংবাদ-

1. মাজুলীৰ ৰাজনীতিৰ নতুন সমীকৰণ...

মাজুলীত নিৰ্দলীয় প্ৰাৰ্থী প্ৰাক্তন মন্ত্ৰী পদ্মেশ্বৰ দলেৰ মনোনয়ন প্ৰত্যাহাৰ । অগপ চৰকাৰৰ কাৰ্যকালত কাৰাগাৰ আৰু কৃষি মন্ত্ৰী আছিল দলে । শুকুৰবাৰে মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰি বিজেপি দলত যোগদান কৰে প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে । মুখ্যমন্ত্ৰীৰ উন্নয়নৰ ধাৰাৰ প্ৰতি সমৰ্থন জনাই বিজেপিত যোগদান কৰিছে বুলি পদ্মেশ্বৰ দলে ইতিমধ্যে জানিবলৈ দিছে ।

2.কোনেও প্ৰক্ষেপ কৰা নাই 'মুখ্যমন্ত্ৰী' পদৰ প্ৰাৰ্থী

এইবাৰ বিজেপিয়ে আগতীয়াকৈ মুখ্যমন্ত্রী পদৰ প্ৰাৰ্থীৰ নাম ঘোষণা নকৰে। কংগ্ৰছৰ নেতৃত্বৰ মহাজোঁটত মুখ্যমন্ত্রী পদৰ প্ৰাৰ্থী হিচাপে দাবীদাৰ বহুজন। এজেপি আৰু ৰাইজৰ দলৰ সভাপতি দুজনৰ নাম চৰ্চিত।

3.শিৱসাগৰত ৰাইজৰ দলৰ সংবাদমেল

শিৱসাগৰত ৰাইজৰ দলৰ সংবাদমেল ৷ মুকলি কৰিলে সমষ্টিবাসীলৈ অখিলে প্ৰদান কৰা দহ প্ৰতিশ্ৰুতি ৷

4. মনোনয়ন দাখিল কৰিলে কংগ্ৰেছ প্ৰাৰ্থী কুলদ্বীপ বৰুৱাই

আজি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ মনোনয়ন দাখিলৰ অন্তিম দিন । ৬৬ নং ছিপাঝাৰ সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী কুলদ্বীপ বৰুৱাই আজি শতাধিক সমৰ্থকক লগত লৈ মঙলদৈ জিলা উপায়ুক্তৰ কাৰ্যালয়ত মনোনয়ন দাখিল কৰে । মনোনয়ন দাখিলৰ পূৰ্বে তেওঁক ছিপাঝাৰ সমষ্টিৰ শতাধিক সমৰ্থকে সমদল কৰি আদৰণি জনায়।

5.তেজপুৰৰ বিধায়ক বৃন্দাবন গোস্বামীৰ মনোনয়ন পত্ৰ প্ৰত্যাহাৰ

শুকুৰবাৰে দুপৰীয়া জিলা উপায়ুক্তৰ কাৰ্যালয়ত সতীৰ্থ কৰ্মীসকলৰ লগত উপস্থিত হৈ তেজপুৰত অগপৰ বিধায়ক বৃন্দাবন গোস্বামীয়ে নিৰ্বাচনী বিষয়াৰ পৰা মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰে ।

6.নিৰ্বাচনক লৈ তৎপৰ হৈছে বিশ্বনাথ জিলা প্ৰশাসন

এই উপলক্ষে বিশ্বনাথ জিলা নিৰ্বাচনী বিষয়াই জিলাখনৰ সমষ্টি কেইটাৰ কাম-কাজ যাতে ভালদৰে চোৱা-চিতা কৰিব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি জিলা প্ৰশাসনে জিলাখনত তিনিটাকৈ মুঠ ছয়টা ফ্লাইং স্কোৱাড আৰু দুটাকৈ মুঠ চাৰিটা স্থিৰ নিৰীক্ষণকাৰী দল গঠন কৰিছে ৷

7.তেজপুৰৰ বিধায়ক বৃন্দাবন গোস্বামীৰ মনোনয়ন পত্ৰ প্ৰত্যাহাৰ

শুকুৰবাৰে দুপৰীয়া জিলা উপায়ুক্তৰ কাৰ্যালয়ত সতীৰ্থ কৰ্মীসকলৰ লগত উপস্থিত হৈ তেজপুৰত অগপৰ বিধায়ক বৃন্দাবন গোস্বামীয়ে নিৰ্বাচনী বিষয়াৰ পৰা মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰে ।

8. ফেক্টৰ শিলাদিত্য দেৱ...

বিজেপিৰ পৰা টিকট বঞ্চিত হৈ নিৰ্দলীয়ভাৱে নিৰ্বাচন খেলাৰ সিদ্ধান্ত লৈছিল শিলাদিত্য দেৱে ৷ শুকুৰবাৰে হিমন্ত বিশ্ব শৰ্মাৰে আলোচনাত মিলিত হোৱাৰ পিছত এই স্থিতি গ্ৰহণ কৰে দলৰ পৰা পদত্যাগ কৰিব বিচৰা শিলাদিত্য দেৱে।

9.নগাঁৱৰ কঠীয়াতলীত ১ লাখ ৮৫ হাজাৰ টকা জব্দ

গাঁৱৰ কঠীয়াতলীৰ ৰেংবেঙত নিৰ্বাচনী বিধি উলংঘা । কঠীয়াতলী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াৰ নেতৃত্বত যোৱা এটা দলৰ সহযোগত নগাঁৱৰ পৰা অহা ফ্লাইং স্কোৱাডৰ এটা দলে চলোৱা অভিযানত জব্দ হয় ধনখিনি ।

10.ৰূপহীহাট সমষ্টিৰ অসম জাতীয় পৰিষদৰ প্ৰাৰ্থীৰ বিৰুদ্ধে অপপ্ৰচাৰ

ৰূপহীহাট সমষ্টিৰ অসম জাতীয় পৰিষদ দলৰ মনোনীত প্ৰাৰ্থী ডা:ছফিকুল ইছলামৰ বিৰুদ্ধে ভূৱা প্ৰচাৰ ৷ সমষ্টিবাসীক অপ প্ৰচাৰত ভুল নাযাবলৈ আহ্বান প্ৰাৰ্থীগৰাকীৰ ৷

For All Latest Updates

ABOUT THE AUTHOR

...view details