দিনৰ 11 বজাৰ শীৰ্ষ দহটা বাতৰি-
1. আগ্ৰাৰ ৰাজপথত দিনতে অধিবক্তাক গুলিয়াই হত্যা
আৰক্ষীয়ে ব্যক্তিগত শত্ৰুতাৰ ফলত কোনো লোকে অধিবক্তাজনক হত্যা কৰোৱাৰ সন্দেহ কৰিছে ।
2.পানীৰ যুঁৱলিত ওপঙি থকা অৱস্থাত উদ্ধাৰ এটি নৱজাতক
নতুন দিল্লীৰ পাটপৰগঞ্জৰ এটা নলাৰ পানীৰ যুঁৱলিত ওপঙি থকা অৱস্থাত উদ্ধাৰ এটি নৱজাতক ৷ বৰ্তমান চিকিৎসাধীন হৈ থকা শিশুটোৰ অৱস্থা সুস্থিৰ বুলি জানিব পৰা গৈছে ।
3.নিৰ্বাচনমুখী পাঁচ ৰাজ্যলৈ নিৰ্বাচনী আয়োগৰ পৰামৰ্শ জাৰি
নিৰ্বাচনমুখী পাঁচ ৰাজ্যৰ মুখ্য সচিব আৰু মুখ্য নিৰ্বাচনী বিষয়ালৈ ভাৰতৰ নিৰ্বাচনী আয়োগৰ পৰামৰ্শ ৷ নিৰ্বাচন প্ৰক্ৰিয়াৰ সৈতে জড়িত বিষয়া কৰ্মচাৰীৰ বদলি তথা নিয়োগ সন্দৰ্ভত নিৰ্বাচনী আয়োগৰ পৰামৰ্শ ৷ নিজ গৃহ জিলা বা দীৰ্ঘদিন সেৱা আগবঢ়োৱা ঠাইত নিয়োগ কৰা নহয় বিষয়া কৰ্মচাৰীক ৷
4.25 ডিচেম্বৰত কৃষকৰ সৈতে মোডীৰ বাৰ্তালাপ
উত্তৰ প্ৰদেশৰ 2500 ৰো অধিক ঠাইত কৃষক সম্বাদ আয়োজন কৰাৰ বাবে সাজু হৈছে বিজেপি ৷ 25 ডিচেম্বৰত কৃষকৰ সৈতে বাৰ্তালাপ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷ ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী প্ৰয়াত অটল বিহাৰী বাজপেয়ীৰ জন্ম বাৰ্ষিকী উপলক্ষে বিজেপিৰ এই আয়োজন ৷
5.2021 চনৰ নিৰ্বাচনত কংগ্ৰেছ নি:শেষ হৈ যাব অসমত:পীয়ূষ হাজৰিকা
তিৱা স্বায়ত্ব শাসিত পৰিষদৰ 36 টাকৈ পৰিষদীয় সমষ্টিত শাসকীয় দল বিজেপিয়ে ৩৩ খন পৰিষদীয় আসনত বিজয়ী হোৱাৰ পাচতে নিজৰ নিজৰ মন্তব্য আগবঢ়াইছে ৰাজনৈতিক নেতাসকলে ৷ অসম চৰকাৰৰ ৰাজ্যিক মন্ত্ৰী পীয়ূষ হাজৰিকাই গুৰুত্বপূৰ্ণ মন্তব্য কৰি কয় যে, আগন্তুক 2021 চনৰ নিৰ্বাচনত কংগ্ৰেছ নি:শেষ হৈ যাব ৷