দিনৰ 11 বজাৰ শীৰ্ষ দহটা বাতৰি-
1. মন্ত্ৰী সন্তোষ মোহন দেবে বৰাকত সাম্প্ৰদায়িকতাৰ ৰাজনীতি কৰিছিল : আমিনুল হক লস্কৰ
বৰাকৰ প্ৰয়াত প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী সন্তোষ মোহন দেবক সমালোচনা বিধায়ক আমিনুল হক লস্কৰৰ ৷ 80ৰ দশকত প্ৰয়াত দেবে বৰাক উপত্যকাত সাম্প্রদায়িকতাৰ ৰাজনীতি কৰা বুলি অভিযোগ উত্থাপন কৰে বিধায়ক আমিনুল হক লস্কৰে ৷
2.বৰমাত পথ দুৰ্ঘটনাত নিহত দুই বাইক আৰোহী
বৰমাত পথ দুৰ্ঘটনাত নিহত দুই বাইক আৰোহী ৷ সংকটজনক অৱস্থাত আনজনক ভৰ্তি নলবাৰী শ্বহীদ মকুন্দ কাকতি অসামৰিক চিকিৎসালয়ত ৷
3.ধেমাজিত ই-ৰিক্সাৰ বেটাৰী লৈ উধাও চোৰ
ধেমাজিৰ তুলসীবাৰীত পুৱতি নিশা এঘৰ দৰিদ্ৰ মানুহৰ দুটাকৈ ই-ৰিক্সাৰ বেটাৰী চুৰি কৰে বাইকেৰে অহা চোৰে ৷ ঘটনা সন্দৰ্ভত দৰিদ্ৰ পৰিয়ালটোৱে ধেমাজি সদৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰাৰ কথা উল্লেখ কৰে ৷
4.কলিতা জনগোষ্ঠীক অৱহেলা কৰাৰ অভিযোগেৰে ডুমডুমাত ৰাজহুৱা সভা
দেওবাৰে ডুমডুমা নাট্যমন্দিৰ প্ৰাংগণত কলিতা জনগোষ্ঠীৰ জনগোষ্ঠীয় জাগৰণমূলক ৰাজহুৱা সভাৰ আয়োজন ৷ সভাত কলিতাসকলক চৰকাৰে কৰি অহা অৱহেলা তথা প্ৰৱঞ্চনাৰ বিৰুদ্ধে থিয় হোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷
উদ্বোধন কৰা হ'ল বহু প্ৰত্যাশিত পাথাৰকান্দি বাইপাছ ৷ 72 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মিত এই পথ উদ্বোধন বিজেপিৰ বিধায়ক কৃশেন্দু পালৰ ৷