অসম

assam

ETV Bharat / state

দুপৰীয়া 1 বজাৰ শীৰ্ষ দহটা বাতৰি - top10 news

দুপৰীয়া 1 বজাৰ শীৰ্ষ দহটা বাতৰি

top10 news
দহটা বাতৰি

By

Published : Dec 23, 2020, 1:05 PM IST

দুপৰীয়া 1 বজাৰ শীৰ্ষ দহটা বাতৰি-

1. বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহকঃ ওলোটা পতাকা উত্তোলন কৰিলে ৰঞ্জিত দাসে

কৰিমগঞ্জত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হৈছে বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সভা ৷ সভাৰ উদ্বোধনী অনুষ্ঠানত দলৰ পতাকা ওলোটাকৈ উত্তোলন কৰে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে ৷

2.ক্ষুদ্ৰতম সিংহাসন নিৰ্মাণৰ অভিলেখ ইণ্ডিয়া বুক অফ ৰেকৰ্ডছত

থুজা কাঠেৰে 1ফুট বৰ্গাকাৰ আৰু 1ফুট 2 ইঞ্চি উচ্চতাৰ সাতখলপীয়া ক্ষুদ্ৰতম সিংহাসন নিৰ্মাণেৰে চামগুৰিৰ কুমাৰগাঁৱৰ বিপুল কুমাৰ বৰাই নিজৰ নাম সন্নিবিষ্ট কৰিলে ইণ্ডিয়া বুক অফ ৰেকৰ্ডত ৷ সিংহাসনখনত 4টা কাছ,28 টা হাতী আৰু 28 টা নামসিংহ অতি ক্ষুদ্ৰ ক্ষুদ্ৰকৈ কাঠত কাটি সংলগ্ন কৰাত সিংহাসনখনে বিশেষ চৰ্চা লাভ কৰিছিল ৷

3.হাগ্ৰামাই অযথা চেষ্টা কৰি লাভ নাই,বিটিচি প্ৰধান প্ৰমোদ বড়োৱে হ'ব: বিশ্বজিৎ দৈমাৰী

কৰিমগঞ্জত দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হোৱা বিজেপিৰ কাৰ্যনিৰ্বাহক সভাত প্ৰাক্তন বিপিএফৰ সাংসদ বিশ্বজিৎ দৈমাৰী উপস্থিত হৈ বিটিচি নিৰ্বাচন প্ৰসংগত কেতবোৰ মন্তব্য কৰে ৷

4.আৰক্ষীৰ জালত ৰহিংগীয়া শৰণাৰ্থীৰ এটা বৃহৎ দল

মঙলবাৰৰ নিশা আগৰতলা পৰা গুৱাহাটী অভিমুখী এখন নৈশ বাছত আহি থকা অৱস্থাত চূড়াইবাৰী আৰক্ষীয়ে আটক কৰে ৰহিংগীয়া 13 জনীয়া এটা দল ৷ গোপন সূত্ৰ পম খেদি নৈশ বাচ খনত তালাচী চলোৱা হৈছিল বুলি সদৰি কৰিছে আৰক্ষীৰ সুত্ৰটোৱে ৷

5.বন বিভাগৰ চত্ৰছায়াত বালি খননৰ অভিযোগ

বৰপেটাৰ কলগাছিয়াৰ বলাইপথাৰৰ সমীপেৰে বৈ যোৱা বেকী নৈৰ বুকুত চলিছে অবৈধ খনন ৷ এই খনন বন বিভাগৰ আশীৰ্বাদত চলাৰ বিৰুদ্ধে উত্থাপিত হৈছে অভিযোগ ৷ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷

6.কৰিমগঞ্জত অচিনাক্ত দুৰ্বৃত্তই ফালিলে বিজেপিৰ পতাকা আৰু বেনাৰ

মঙলবাৰে নিশা কৰিমগঞ্জ চহৰৰ মাজমজিয়াত আঁৰি থোৱা বিজেপিৰ বেনাৰ আৰু পতাকা সমূহ ফালি পেলায় অচিনাক্ত দুৰ্বৃত্তই ৷ ইয়াৰ পিচতে এই ফালি দিয়া বেনাৰ আৰু পতাকা সমূহ মাটিত পৰি থকা অৱস্থাত প্ৰত্যক্ষ কৰে একাংশ লোকে ৷

7. ২৬ ডিচেন্বৰত পাঁচ লাখ টকাৰ বিনামূলীয়া স্বাস্থ্য আঁচনি শুভাৰম্ভণি কৰিব মোডীয়ে

জন্মু-কাশ্মীৰত পাঁচ লাখ টকাৰ বিনামূলীয়া স্বাস্থ্য আঁচনিৰ শুভাৰম্ভণি কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ।

8. তেলেগু ভাষাক পশ্চিমবংগৰ চৰকাৰী ভাষাৰ তালিকাত অন্তৰ্ভুক্ত

মঙলবাৰে তেলেগু ভাষাক ৰাজ্যখনৰ চৰকাৰী ভাষা হিচাপে ঘোষণা ৷ মঙলবাৰে কেবিনেট সভাত এই ঘোষণা কৰে পশ্চিমবংগ চৰকাৰে ৷ লগতে তেলেগু সম্প্ৰদায়ক ভাষা-সংখ্যালঘু স্থিতি হিচাপে ঘোষণা কৰাৰ প্ৰস্তাৱ গ্ৰহণ ৰাজ্য চৰকাৰৰ ৷

9. ভূটানত 7 দিনীয়া লকডাউন জাৰি প্ৰধানমন্ত্ৰী লোতায় শ্বেৰিঙৰ

ভূটানত বৃদ্ধি পোৱা নতুন ক’ভিড-19 সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি মঙলবাৰৰ পৰা 7 দিনীয়াকৈ লকডাউন জাৰি ভূটান চৰকাৰৰ ৷ এই লকডাউনে ভাইৰাছ সংক্ৰমণৰ মাত্ৰা হ্ৰাস কৰিব বুলি ভূটানৰ প্ৰধানমন্ত্ৰী লোতায় শ্বেৰিঙে সদৰি কৰে ৷

10. ধেমাজিত সৰিয়হ খেতিৰে স্বাৱলম্বী বহুজন

হালধীয়া সৰিয়হৰ অভূতপূৰ্ব নান্দনিক দৃশ্যই মুগ্ধ কৰিছে এতিয়া ৰাজ্যৰ ভিন্ন প্ৰান্ত ৷ ধেমাজিৰ সৰিয়হ উৎপাদনৰ বাবে খ্যাত বৃহত্তৰ বঙালমাৰী পথাৰৰ শ শ হেক্টৰ ভূমি সৰিয়হ খেতিৰে এতিয়া নদন-বদন হৈ পৰিছে ৷ পূৰ্বৰ তুলনাত এইবাৰ উদ্যমী কৃষকৰ সংখ্যাও বাঢ়িছে ৷

ABOUT THE AUTHOR

...view details