অসম

assam

ETV Bharat / state

দুপৰীয়া 1 বজাৰ শীৰ্ষ দহটা বাতৰি - top10 news

দুপৰীয়া 1 বজাৰ শীৰ্ষ দহটা বাতৰি

top10 news
দহটা বাতৰি

By

Published : Dec 18, 2020, 1:00 PM IST

দুপৰীয়া 1 বজাৰ শীৰ্ষ দহটা বাতৰি-

1. কৃষি আইন সাময়িকভাৱে স্থগিত ৰাখিবলৈ উচ্চতম ন্যায়ালয়ৰ পৰামৰ্শ

কৃষি আইন সাময়িকভাৱে স্থগিত ৰাখিবলৈ কেন্দ্ৰীয় চৰকাৰলৈ উচ্চতম ন্যায়ালয়ৰ পৰামৰ্শ ৷ এছ এ ববডেৰ নেতৃত্ব গঠিত এক বিচাৰক মণ্ডলীয়ে কৃষি আইন সম্পৰ্কত বহুকেইটা পৰামৰ্শ আগবঢ়াই কেন্দ্ৰীয় চৰকাৰক ৷

2.৩০০ উদ্যোগীক ৪৫,০০০ টকা মূল্যৰ সঁজুলি বিতৰণ

ৰেইক কমিউনিটি হলত অনুষ্ঠিত এক অনুষ্ঠানত মন্ত্ৰীজনে কৃষক,দৰ্জী আৰু উদ্যোগপতিসকলক সমৰ্থন কৰাৰ বাবে, বিশেষকৈ কোভিড ১৯ ৰ সময়ত উদ্যোগটোৱে লোৱা পদক্ষেপক প্ৰশংসা কৰে ।

3. ৰঙিয়াত পকী দলং নিৰ্মাণত অনিয়ম, তিনি বছৰে সম্পূৰ্ণ নহ'ল পকী দলং

জয়ন্তীপুৰ-নোনাপাৰ সংযোগী পথটোত তিনি বছৰ পূৰ্বে নিৰ্মাণ কৰা দলং বৰ্তমানেও নহ'ল সম্পূৰ্ণ । ৰঙিয়া সমষ্টিৰ বিধায়ক তথা জলসিঞ্চন মন্ত্ৰী ভবেশ কলিতাৰ ঘনিষ্ঠ ঠিকাদাৰী সংস্থাই নিজ ময়মতালিৰে দলং নিৰ্মাণৰ কাম এবছৰৰ পৰা বন্ধ কৰি ৰখাত ক্ষুদ্ধ হৈ পৰে স্থানীয় ৰাইজ ৷

4.মুম্বাই আৰক্ষীৰ ‘ঔপনিৱেশিক আইন’ক প্ৰত্যাহ্বান ৰিপাব্লিক টিভিৰ স্বত্বাধিকাৰীৰ

বাক্ স্বাধীনতা সন্দৰ্ভত মুম্বাই আৰক্ষীয়ে ব্যৱহাৰ কৰা ঔপনিৱেশিক আইনক ৰিপাব্লিক টিভিৰ স্বত্বাধিকাৰী ARG Outlier Media Private Ltdৰ প্ৰত্যাহ্বান ৷ এই সন্দৰ্ভত বোম্বে উচ্চ ন্যায়ালয়ৰ কাষ চাপিবলৈ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ ৷

5. ডিব্ৰুগড়ৰ উপায়ুক্ত কাৰ্যালয়ত ভূমি আৱন্তন সম্পৰ্কত গুৰুত্বপূৰ্ণ সভা

ডিব্ৰুগড়ত জিলা উপায়ুক্ত কাৰ্যালয়ত মহকুমা ভূমি উপদেষ্টা সমিতিৰ গুৰুত্বপূৰ্ণ সভা । ভূমি আবণ্টন সন্দৰ্ভত আলোচনা । পানীতোলা শিশু উন্নয়ন বিষয়াৰ কাৰ্যালয়ৰ বাবে ভূমি আবণ্টনৰ এটা প্ৰস্তাৱত অনুমোদন ।

6. কৃষি বিদ্ৰোহৰ 23 দিন : জ্যেষ্ঠ উকীলৰ সৈতে আলোচনা কৃষক নেতাৰ

নতুন কৃষি আইন প্ৰত্যাহাৰৰ দাবীৰে দিল্লীত অৱস্থান কৰা কৃষকৰ বিদ্ৰোহে আজি 23 দিন পাৰ কৰিলে ৷ 23 দিন জোৰা প্ৰতিবাদৰ পাছতো চৰকাৰৰ সৈতে আলোচনাত বহি পাৰস্পৰিক বুজাপৰালৈ আহিব পৰা নাই চৰকাৰ কিম্বা কৃষক ৷ ইয়াৰ পাছৰ পৰ্যায়ৰ কাৰ্যসূচীৰ বিষয়ে সিদ্ধান্ত ল'বলৈ জ্যেষ্ঠ উকীলৰ সৈতে আলোচনাত বহিব কৃষক নেতা সকল ৷

7. শিৰোনামেৰে প্ৰধানমন্ত্ৰী সাহাৰ্য পুঁজিক সমালোচনা ৰাহুল গান্ধীৰ

সুৰজেৱালাই টুইট কৰি ভাৰতীয় দূতাবাসসমূহে প্ৰধানমন্ত্ৰীৰ সাহাৰ্য পুঁজিৰ প্ৰচাৰ কৰা আৰু বৰঙণি দিয়াৰ লগতে নিষিদ্ধ চীনা এপত ফাণ্ডৰ বিজ্ঞাপন দিয়া সন্দৰ্ভত প্ৰধানমন্ত্ৰীলৈ প্ৰশ্ন উত্থাপন কৰে ।

8.ষ্টাৰ্ক, কামিনছৰ প্ৰদৰ্শনেৰে ভাৰতক 244 ৰাণত সীমাবদ্ধ অষ্ট্ৰেলিয়াৰ

ষ্টাৰ্ক, কামিনছৰ প্ৰদৰ্শনেৰে ভাৰতক 244 ৰাণত সীমাবদ্ধ অষ্ট্ৰেলিয়া দলৰ ৷ দ্বিতীয় দিনা কেৱল 11 ৰাণ কৰি অন্তিম চাৰিটা উইকেট হেৰুৱাই ভাৰতে ৷

9. বন্ধুৰ ঘৰত চিপ লোৱা অৱস্থাত উদ্ধাৰ আৰক্ষী অধীক্ষক

আৰক্ষী অধীক্ষকগৰাকীয়ে হায়দৰাবাদৰ ব্যক্তিগত কোম্পানীৰ কৰ্মচাৰী নবীনক বিয়া কৰাইছিল আৰু দম্পত্তিহালে বিগত দুবছৰ ধৰি পাৰিবাৰিক সমস্যাত ভুগি আছিল ।

10.নৱাজ শ্বৰীফৰ মাতৃৰ মৃত্যুত সমবেদনা জ্ঞাপন নৰেন্দ্ৰ মোডীৰ

নৱাজ শ্বৰীফৰ মাতৃৰ মৃত্যুত এক পত্ৰ যোগে সমবেদনা জ্ঞাপন কৰিলে দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷ মোডীয়ে লিখিছে, 'আপোনাৰ মাতৃৰ মৃত্যুত মই গভীৰ শোক প্ৰকাশ কৰিছো ৷'

ABOUT THE AUTHOR

...view details