অসম

assam

ETV Bharat / state

দুপৰীয়া 1 বজাৰ দহটা মুখ্য বাতৰি - মুখ্য বাতৰি

দুপৰীয়া 1 বজাৰ দহটা মুখ্য বাতৰি

Top10 news
মুখ্য বাতৰি

By

Published : Nov 18, 2020, 1:03 PM IST

দুপৰীয়া 1 বজাৰ দহটা মুখ্য বাতৰি-

1. পহিলা আঘোণৰ শিলাবৃষ্টিয়ে তচনচ কৰিলে চহা কৃষকৰ সপোন

যোৰহাট জিলাৰ বৃহত্তৰ টীয়ক অঞ্চলত মঙলবাৰে হোৱা প্ৰচণ্ড ধুমুহা আৰু শিলাবৃষ্টিয়ে বহু কৃষকৰ সোণোৱালী সপোন ভাঙি চাৰ-খাৰ কৰে ৷ পকা ধান চপোৱাৰ সময়তে অহা শিলাবৃষ্টি, ধুমুহাৰ ফলত তচনচ ধাননি পথাৰ । বিপাঙত পৰিছে টীয়কবাসী ।

2. জম্মু-কাশ্মীৰৰ হিমস্খলনত এজন সেনা জোৱান নিহত হোৱাৰ লগতে আহত 2জন

মঙলবাৰে নিশা উত্তৰ কাশ্মীৰৰ কুপৱাৰা জিলাৰ টাংধাৰ চেক্টৰস্থিত 7 RR ভাৰতীয় সেনা চাউনীত হিমস্খলনৰ ফলত এজন সেনা জোৱান নিহত হোৱাৰ লগতে আন দুজন গুৰুতৰভাৱে আহত হয় ৷ সম্প্ৰতি চিকিৎসাধীন হৈ আছে আহত সেনা দুজন ৷

3.আমগুৰিত যোগ শিক্ষাৰ অনুশীলনত ব্যস্ত এদল প্ৰশিক্ষাৰ্থী

আমগুৰিৰ উত্তৰ ঘৰফলীয়াৰ যুৱক বৰুণ জ্যোতি গোঁহাই নামৰ যোগ শিক্ষক তথা যুৱকজনে এনেদৰে নিজ গৃহতে এটি প্ৰশিক্ষণ কেন্দ্ৰ স্থাপন কৰি যোগ শিক্ষা প্ৰদান কৰি আহিছে। যোৱা এটা বছৰ ধৰি উচ্চ শিক্ষাৰে শিক্ষিত যুৱক বৰুণ জ্যোতি গোঁহাইয়ে নিজা গৃহতে প্ৰশিক্ষণ কেন্দ্ৰ স্থাপন কৰি চৈধ্যৰ জনকৈ কিশোৰ-কিশোৰীক যোগ শিক্ষা প্ৰদান কৰি আহিছে ।

4. বিটিচিলৈ কেন্দ্ৰই পঠোৱা কোটি কোটি টকা কি কৰিলে হাগ্ৰামাইঃ প্ৰশ্ন হিমন্তৰ

মঙলবাৰে চিৰাঙ জিলাৰ বিজনীৰ বিদ্যাপীঠ খেলপথাৰত বিজেপিৰ বিশাল জনসভাত অশংগ্ৰহণ কৰি ড৹ হিমন্ত বিশ্ব শৰ্মাই আক্ৰমণৰ লক্ষ্য কৰি লয় বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰী আৰু মন্ত্ৰী চন্দন ব্ৰহ্মক ৷ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মিত্ৰ দল বিপিএফক আক্ৰমণ কৰি কয় যে, আমি বিগত সময়ছোৱাত বিটিচিৰ উন্নয়নৰ বাবে সকলো প্ৰকাৰেই সহায় সহযোগিতা কৰিলো । প্ৰতিবছৰে কোটি কোটি টকা দিয়া হ’ল বিটিচিলৈ। কিন্ত সেই অনুসৰি ক’ত কি উন্নয়ন হ’ল বুলি প্ৰশ্ন কৰে হাগ্ৰামাক ।

5. মৰাণ সমষ্টিত কংগ্ৰেছ দলৰ ব্যাপক খহনীয়া

মঙলবাৰে খোৱাং মাধকলি আৰু খোৱাং ব্লক গাৱঁৰ দুই শতাধিক সংখ্যালঘু আৰু চাহ জনজাতিৰ লোকে কংগ্ৰেছ ত্যাগ কৰি বিজেপি দলত যোগদান কৰে। যোগদান অনুষ্ঠানত মৰাণৰ বিধায়ক চক্ৰধৰ গগৈৰ লগতে দলীয় বহু কেইজন জ্যেষ্ঠ কৰ্মী উপস্থিত আছিল ।

6. দৰঙত আলোচনা পন্থী আলফা নেতাৰ বিৰুদ্ধে খিলিঞ্জীয়া অসমীয়াৰ ভূমি বেদখলৰ অভিযোগ

1986 চনৰ পৰাই গুৱাহাটী উচ্চতম ন্যায়ালয়ৰ পৰা যাৱতীয় অনুমতি গ্ৰহণ কৰি বিগত 34 বছৰে খেতি কৰি আহিছিল ব্ৰহ্মপুত্ৰ চৰ চাপৰিৰ মোৱামাৰী গাঁৱত। সমবায় ভিত্তিত বহু বিঘা ভূমিত কৰা এই কৃষি কাৰ্যই নিশ্চিতৰূপে বাধা দি আদিছিল সন্দেহজনক নাগৰিকৰ অগ্ৰাসনক।

7. অবৈধ গৰু সৰবৰাহত জড়িত বিএছএফৰ কামাণ্ডেট আটক

কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থা চমুকৈ চিবিআইয়ে আটক কৰিছে গৰুৰ অবৈধ সৰবৰাহত জড়িত বিএছএফৰ এগৰাকী প্ৰাক্তন কামাণ্ডেটক ৷ এই সৰবৰাহত জড়িত থকাৰ ক্ষেত্ৰত কামাণ্ডেটগৰাকীৰ সৈতে 36 জন বেটেলিয়ন, সীমা সুৰক্ষা বাহিনীৰ জোৱান আৰু কেইবাজনো ভিন্ন ক্ষেত্ৰৰ কৰ্মচাৰীৰ নাম সাঙোৰ খাইছিল ৷

8.মহামাৰী আৰু আন্তৰিক সহযোগিতা লৈ বাইডেনৰ সৈতে মোডীৰ বৈঠক

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আমেৰিকাৰ নিৰ্বাচিত ৰাষ্ট্ৰপতি জ' বাইডেনৰ সৈতে বাৰ্তালাপত মিলিত হয় ৷ দুয়োগৰাকী নেতাই দুয়োখন দেশৰ মাজৰ সামৰিক সহযোগিতা, মহামাৰীৰ সৈতে মোকাবিলা, জৈৱ বৈচিত্ৰ্য আৰু ভাৰত-প্ৰশান্ত অঞ্চলৰ সহযোগিতা সন্দৰ্ভত বাৰ্তালাপ কৰে ৷ প্ৰধানমন্ত্ৰীয়ে উপ-ৰাষ্ট্ৰপতি নিৰ্বাচিত কমলা হেৰিছকো শুভেচ্ছা জ্ঞাপন কৰে ৷

9. জাৰ্মানীক পৰাস্ত কৰি নেশ্যনছ লীগৰ ছেমিত স্পেইন

UEFA নেশ্যনছ লীগৰ ছেমি ফাইনেলত স্থান সুনিশ্চিত স্পেইনৰ ৷ জাৰ্মান দলক 6-0 ব্যৱধানত পৰাস্ত স্পেইনৰ ৷

10.প্ৰাক্তন ভাৰতীয় পেচাৰ সুদীপ ত্যাগীৰ অৱসৰ ঘোষণা

ত্যাগীয়ে 41 খন প্ৰথম শ্ৰেণীৰ মেচত অংশগ্ৰহণ কৰি 109 টা উইকেট দখল কৰিছিল ৷ তেওঁ 2009 আৰু 2010 বৰ্ষৰ আইপিএল ছিজনত অংশগ্ৰহণ কৰিছিল ৷

ABOUT THE AUTHOR

...view details