কপিলীৰ বানত জলমগ্ন হোজাইৰ বিস্তীৰ্ণ অঞ্চল
হোজাইত অপৰিৱৰ্তিত বান পৰিস্থিতি ৷ জিলাখনত কপিলী নৈৰ বাঢ়নী পানীয়ে নতুনকৈ বিভিন্ন অঞ্চল বুৰাই পেলোৱাৰ ফলত সৃষ্টি হৈছে অবৰ্ণনীয় পৰিস্থিতি ৷ জিলাখনৰ ঠেপলাগুৰি, কোমোৰাকটা, ৰাইকাটা, নোভাঙা, হাতিমৰা আদি অঞ্চল কপিলীৰ বানে বুৰাই পেলাইছে ৷
ক্ৰমাৎ শোচনীয় হৈছে কমলপুৰৰ বান পৰিস্থিতি
কামৰূপ(গ্ৰাম্য) জিলাৰ ভিন্ন প্ৰান্তত তাণ্ডৱ সৃষ্টি কৰিছে বাঢ়নী পানীয়ে ৷ জিলাখনৰ মাজেৰে বৈ যোৱা পুঠিমাৰী নদীৰ বাঢ়নী পানীয়ে প্ৰতিবছৰে সংহাৰী ৰূপ ধাৰণ কৰাৰ ফলত বিপদৰ সন্মুখীন হয় জন সাধাৰণৰ লগতে পশুধনসমূহ ৷
দিখৌমুখত বানৰ সংহাৰী ৰূপঃ জলমগ্ন 10 খনৰো অধিক গাওঁ
আমগুৰি সমষ্টিৰ আলিমূৰ,বৰগাঁও,পুৰণিগুডাম, তেলিয়াডোঙা, ৰূপহীমুখ মিছিং গাঁও,ৰূপহীমুখ কুমাৰ গাঁও,স'ৰাগুৰি চাপৰিৰ বিস্তীৰ্ণ অঞ্চল ইতিমধ্যে বানৰ কবলত ৷ ইয়াৰ মাজতে, শিৱসাগৰ জিলা সদৌ অসম ছাত্ৰ সন্থাৰ এটি দলে বানবিধ্বস্ত অঞ্চলসমূহ পৰিদৰ্শন কৰে ৷
অখিল, ধৈৰ্য আৰু বিতুৰ আশুআৰোগ্য কামনাৰে ৰাইজৰ প্ৰাৰ্থনা
টিংখাঙৰ লেঙেৰীত সংগ্ৰামী নেতা অখিল গগৈ সহিত ধৈৰ্য কোঁৱৰ, বিতু সোণোৱালৰ উন্নত চিকিৎসা আৰু মুক্তিৰ দাবীত নামঘৰত প্ৰাৰ্থনাৰ লগতে ভাগৱত পাঠ কৰে ৰাইজে ৷
চিকিৎসকৰ ঘৰত হোম কোৱাৰেণ্টাইন ষ্টিকাৰ লগাবলৈ যোৱা আশা কৰ্মীক দুৰ্ব্যৱহাৰ
মৰিয়নীত চিকিৎসকৰ বাসগৃহত হোম কোৱাৰেণ্টাইনৰ ষ্টিকাৰ লগাবলৈ গৈ চিকিৎসক আৰু তেওঁৰ আত্মীয়ৰ পৰা ভাবুকি লাভ কৰে এগৰাকী আশা কৰ্মীয়ে ৷ চিকিৎসক গৰাকীৰ ভাবুকি আৰু নিৰ্দেশ অনুসাৰে আশা কৰ্মী গৰাকীয়ে তেওঁৰ হোম কোৱাৰেণ্টাইনৰ সময় নিৰ্ধাৰিত সময়তলৈ হ্ৰাস কৰে ৷