অসম

assam

ETV Bharat / state

9 বজাৰ শীৰ্ষ দহটা বাতৰি... - top ten at 9 am

9 বজাৰ শীৰ্ষ দহটা বাতৰি...

TOP 10 AT 9AM
9 বজাৰ শীৰ্ষ দহটা বাতৰি

By

Published : Jul 1, 2021, 9:15 AM IST

পুনৰ অসমবাসী লৈ কাৰাৰুদ্ধ অখিল গগৈৰ চিঠি

কাৰাৰুদ্ধ অখিল গগৈয়ে অসমবাসীক উদ্দেশ্যি বুধবাৰে এখন চিঠি প্ৰেৰণ কৰিছে । বুধবাৰে মহানগৰীৰ মঠঘৰীয়াস্থিত ৰাইজৰ দলৰ মুখ্য কাৰ্যালয়ত এক সংবাদমেল সম্বােধন কৰি ৰাইজৰ দলৰ কাৰ্যকৰী সভাপতি ভাস্কো ডি শইকীয়া আৰু সাধাৰণ সম্পাদক কমল কুমাৰ মেধিয়ে সংবাদমেলত অখিল গগৈৰ চিঠিখন প্ৰকাশ কৰে ।

নিবনুৱাৰ নাম পঞ্জীয়নৰ বাবে Online Portal আৰম্ভ কৰাৰ নিৰ্দেশ মুখ্যমন্ত্রীৰ

দক্ষতা, নিয়োগ আৰু উদ্যমিতা বিভাগ তথা নিয়োগ আৰু কাৰিকৰী প্ৰশিক্ষণ সঞ্চালকালয়ৰ কাম-কাজৰ পৰ্যালোচনা মুখ্যমন্ত্রীৰ । অৰ্ধনিৰ্মিত অৱস্থাত থকা ছখন আই টি আই শীঘ্ৰে কাৰ্যক্ষম কৰাৰ নিৰ্দেশ । অসম দক্ষতা বিকাশ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য নিযুক্তিৰ দিশত শীঘ্ৰে পদক্ষেপ ল'বলৈ নিৰ্দেশ ।

APSC ৰ নিযুক্তি কেলেংকাৰী: বুধবাৰে পুনৰ ৯ বিষয়ালৈ জাননী

২০১৩ বৰ্ষত লোকসেৱা আয়োগ(APSC) ৰ চাকৰি লাভ কৰা ৯ গৰাকী সন্দেহজনক বিষয়ালৈ বুধবাৰে পুনৰ জাননী জাৰি কৰিছে ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা আয়োগে । ১৫ দিনৰ ভিতৰত তেওঁলোকক আয়োগৰ ওচৰত হাজিৰ হোৱাৰ নিৰ্দেশ । মঙলবাৰে জাননী জাৰি কৰা হৈছিল ১০ জন বিষয়ালৈ ।

ৰাজ্যজুৰি নিমককেল কনজুগেট টীকাকৰণ প্ৰক্ৰিয়া আৰম্ভ

এবছৰৰ তলৰ বয়সৰ শিশুৰ বাবে বুধবাৰৰে পৰা ৰাজ্যৰ প্ৰান্তে প্ৰান্তে সাৰ্বজনীন টীকাকৰণ অভিযানৰ অধীনত নিমককেল কনজুগেট টীকাকৰণ(Pneumococcal conjugate vaccination) কাৰ্য আৰম্ভ হৈছে ৷ সমগ্ৰ ৰাজ্যৰ লগতে শোণিতপুৰ , নগাঁও আৰু ডিব্ৰুগড়তো দেখা গ’ল পিচিভিৰ টীকাকৰণ কাৰ্যসূচী ৷

গুৱাহাটী মহানগৰীৰ জাৱৰৰ বোজা নলয় চন্দ্ৰপুৰবাসীয়ে

গুৱাহাটীৰ জাৱৰ পেলাব নোৱাৰে চন্দ্ৰপুৰত ৷ পঞ্চম দিনলৈ চন্দ্ৰপুৰত অব্যাহত ধাৰাবাহিক প্ৰতিবাদ ৷ ডাম্পিং গ্ৰাউণ্ড(dumping ground) স্থাপনৰ বিৰুদ্ধে প্ৰতিবাদ চন্দ্ৰপুৰবাসীৰ ৷

বিধায়ক ৰকিবুল হুছেইনক ফোনযোগে প্ৰাণ নাশৰ ভাবুকি

নিশা ১২ বজাত প্ৰাণ নাশৰ ভাবুকি এগৰাকী প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰীক । কংগ্ৰেছৰ তিনিটা কাৰ্যকালত মন্ত্ৰী হৈ থকাৰ উপৰিও পঞ্চমবাৰলৈ বিধানসভালৈ নিৰ্বাচিত হৈ বিৰোধী দলৰ উপ দলপতি হোৱা ৰকিবুল হুছেইনক এনেদৰে ভাবুকি প্ৰদানৰ অভিযোগ উত্থাপন হৈছে ।

জে পি নাড্ডাক ইতিহাস অধ্যয়ন কৰাৰ পৰামৰ্শ ৰিপুন বৰাৰ

বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই কংগ্ৰেছ নেতাক 'ৰাজনৈতিক পৰ্যটক' আখ্যা দিয়াক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে প্ৰদেশ কংগ্ৰেছে । উল্লেখ যে মঙলবাৰে প্ৰদেশ বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সভাত দিল্লীৰ পৰা ভিডিঅ' কনফাৰেঞ্চ যোগে অংশ গ্ৰহণ কৰি দলৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই কংগ্ৰেছ দলক কঠোৰ ভাৱে সমালোচনা কৰাৰ লগতে কংগ্ৰেছৰ নেতাক ৰাজনৈতিক পৰ্যটক আখ্যা দিছিল ।

পুতলাৰ ভিতৰত ওলাল 12 কেজি গাঞ্জা

কৰিমগঞ্জৰ বদৰপুৰ ৰে’ল ষ্টেচনত পুতলাৰ ভিতৰত গাঞ্জা সৰবৰাহ কৰি আৰক্ষীৰ জালত পৰিল দুজন ৷ ৰে’ল আৰক্ষীয়ে অভিযান চলাই ১২ কেজি গাঞ্জাসহ আটক কৰিলে দুই সৰবৰাহকাৰীক ৷

মমতা চৰকাৰৰ বিমান অধিগ্ৰহণৰ সিদ্ধান্তক সমালোচনা সুভেন্দু অধিকাৰীৰ

মমতা বেনাৰ্জী চৰকাৰক বুধবাৰে তীব্ৰ ভাষাৰে সমালোচনা কৰে বিৰোধী দলৰ নেতা সুভেন্দু অধিকাৰীয়ে । মুখ্যমন্ত্ৰীক সমালোচনা কৰি সুভেন্দু অধিকাৰীয়ে কয় যে, এজন ভুৱা বিষয়াই চলোৱা ভুৱা টীকাকৰণৰ ফলত ক্ষতিগ্ৰস্ত ৰাজ্যৰ মুৰব্বীয়ে এতিয়া ভ্ৰান্ত বিমান চলাব বিচাৰে ।

৬.২৯ লাখ কোটি টকাৰ সাহায্য পেকেজত অনুমোদন কেন্দ্ৰীয় কেবিনেটৰ

ক'ভিড-১৯ মহামাৰীয়ে কোঙা কৰা অৰ্থনীতি পুনৰুজ্জীৱিত কৰাৰ বাবে ৬.২৯ লাখ কোটি টকাৰ সাহায্য পেকেজত অনুমোদন জনালে কেন্দ্ৰীয় কেবিনেটে । চলিত সপ্তাহৰ আৰম্ভণিতে মহামাৰীয়ে প্ৰভাৱিত কৰা বিভিন্ন খণ্ডৰ বাবে এই আৰ্থিক সাহায্য পুঁজি ঘোষণা কৰিছিল কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে ।

ABOUT THE AUTHOR

...view details