সাত বজাৰ শীৰ্ষ দহটা বাতৰি...
অসম চৰকাৰ আৰু আলফাৰ সেনাধ্যক্ষ পৰেশ বৰুৱাৰ মাজত শান্তি আলোচনাকলৈ ৰাজ্যত বিশেষ চৰ্চা অব্যাহত আছে । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ আহ্বানক ইতিমধ্যে সঁহাৰি জনাই যুদ্ধবিৰতি পালন কৰি আলফাই । পিছে শান্তি আলোচনা কেতিয়া আৰম্ভ হ'ব ? ইটিভি ভাৰতৰ হাতত পৰিছে এক বিশেষ খবৰ ।
ড৹ হিমন্ত বিশ্ব শৰ্মাই অসমত কাশ্মীৰৰ নিচিনা পৰিস্থিতি হ'ব, ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ সদস্য সকলে অসমক ৰক্ষা কৰিব লাগিব বুলি কৰা মন্তব্যৰ বিৰুদ্ধে বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়াই তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ।
ফণী তালুকদাৰ মাটিৰ উকীল নে মাটিৰ দালাল ? শাসকীয় পক্ষৰ লগত হলি গলি কৰি থকা মাটিৰ দালালকো ধৰিবলৈ আহ্বান জনালে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই ৷
‘‘পুলিছে এনকাউন্টাৰ কৰাৰ কাৰণ সন্দৰ্ভত যি পৰিৱেশৰ বৰ্ণনা দিয়ে তাত সন্দেহৰ অৱকাশ আছে । ইচ্ছ্যু সলনি কৰি মানুহক ব্যস্ত ৰখাৰ বাবে দালালক লৈ ১৫-২০ দিন চলিব। এনে দৰে চৰকাৰ খনে দিন সমূহ পাৰ কৰিছে ৷’’ এই বিস্ফোৰক অভিযোগ সাংসদ ৰিপুন বৰা ৷
অসম সাহিত্য সভাৰ সভাপতি ড৹ কুলধৰ শইকীয়ালৈ ড৹ ময়িদুল ইছলাম বড়া সাহিত্য বঁটা প্ৰদান কৰিছে অৰুণোদয় সাহিত্য সভা আৰু ড৹ ময়িদুল ইছলাম বড়া স্মৃতিৰক্ষা সমিতিয়ে ৷ ড৹ ময়িদুল ইছলাম বড়া অসমৰ প্ৰথম গৰাকী ডক্টৰেট হোৱাৰ লগতে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি আছিল ।
বুধবাৰৰ পৰা দুদিনীয়াকৈ উত্তৰ গুৱাহাটীত বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হৈছে ৷ কাৰ্যসূচী মতে, ১০ বজাত বিষয় ববীয়া সভা, ১ বজাত পঞ্জীয়ন, ২ বজাত পতাকা উত্তোলন, বৃক্ষ ৰোপন, প্ৰদৰ্শনী উন্মোচন, ২-৩০ বজাত কাৰ্যনিৰ্বাহক সভা, নিশা ১০-৩০ বজাত ধন্যবাদ সূচক ভাষণ ।
নুনমাটিত বুধবাৰে পুৱাই সংঘটিত হ’ল এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা । চাহৰ দোকানত গ্ৰাহকৰ বাবে চাহ বনাই থকাৰ সময়তে ছিলিণ্ডাৰ লিকেজ হৈ আকস্মিকভাৱে অগ্নিৰ সূত্ৰপাত হয় ৷ ইয়াৰ কিছু সময়ৰ পাচতে ছিলিণ্ডাৰটো বিস্ফোৰণ হৈ বহু দূৰলৈ চিটিকি যায় । অৱশ্যে এই অগ্নিকাণ্ডৰ ঘটনাত কোনো লোকৰ হতাহতি হোৱা নাই যদিও ব্যৱসায়িক প্ৰতিষ্ঠানখন জুইত সম্পূৰ্ণৰূপে জাহ যায় ।
হিংসাত্মক ঘটনা তথা উত্তেজনা প্ৰতিহত কৰাৰ উদ্দেশ্যে ৰাজ্যখনত কোনো ধৰণৰ ৰাজনৈতিক সমদলৰ অনুমতি নিদিয়াৰ সিদ্ধান্ত ত্ৰিপুৰাৰ চৰকাৰৰ ৷ চৰকাৰৰ এই সিদ্ধান্তত হস্তক্ষেপ কৰিবলৈ অস্বীকাৰ কৰি ৰেলী অনুষ্ঠিত কৰাৰ বাবে তৃণমূল কংগ্ৰেছক অনুমতি প্ৰদানত অস্বীকাৰ ত্ৰিপুৰাৰ উচ্চ ন্যায়ালয়ৰ ৷
২৫ কোটি টকাৰ হেৰ'ইন কঢ়িয়াই অনা দুগৰাকী বিদেশী মহিলা আটক ৷ মহিলা দুগৰাকীক আৰক্ষীয়ে আটক কৰে মুম্বাই বিমানবন্দৰত ৷
অভিনেতা অৰ্জুন বিজলানীৰ শিৰত ষ্টাণ্ট আধাৰিত ৰিয়েলিটি শ্ব' Khatron Ke Khiladi 11 ৰ খিতাপ ৷ দিব্যাংকা ত্ৰিপাঠী(Divyanka Tripathi), শ্বেতা তিৱাৰী(Shweta Tiwari), বৰুণ সুড(Varun Sood), বিশাল আদিত্য সিং(Vishal Aditya Singh) আৰু ৰাহুল বৈদ্য(Rahul Vaidya)ক পৰাস্ত কৰি অৰ্জুনে লাভ কৰিছে এই খিতাপ ৷ 25 আৰু 26 ছেপ্টেম্বৰত Colors TV যোগে সম্প্ৰচাৰিত হ'ব অনুষ্ঠানটোৰ অন্তিম খণ্ড ৷