অসম

assam

ETV Bharat / state

5 বজাৰ দহটা শীৰ্ষ বাতৰি - TOP 10 AT 5PM

5 বজাৰ দহটা শীৰ্ষ বাতৰি

top ten news at 5pm
5 বজাৰ দহটা শীৰ্ষ বাতৰি

By

Published : Mar 7, 2021, 5:09 PM IST

দলীয় টিকটক কেন্দ্ৰ কৰি বিজেপি-ইউপিপিএলৰ টনা-আঁজোৰা

চিৰাঙৰ বিজনী বিধানসভা সমষ্টিক লৈ বিজেপি-ইউপিপিএলৰ মাজত টনা-আঁজোৰা । প্ৰাৰ্থিত্ব বিচাৰি ইউপিপিএল-ৰ কৰ্মী সকলৰ প্ৰতিবাদ ।

বিজেপি-এজেপিৰ মাজতে মূল ভোট যুদ্ধ হ'ব নেকি ধেমাজিত !

বিজেপি দলৰ প্ৰাৰ্থীক প্ৰত্যাহ্বান জনাবলৈ টঙালি বান্ধিছে অসম জাতীয় পৰিষদে ৷ আন আন সমষ্টি সমূহৰ লগতে ১১৩নং ধেমাজি সমষ্টিটো বিজেপি দলৰ প্ৰাৰ্থী হিচাপে ডা° ৰণোজ পেগুক মনোনীত কৰাৰ পাচতে অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী হিচাপে দলটোৱে মনোনীত কৰিছে চিত্তৰঞ্জন বসুমতাৰীক ৷

বিশ্বনাথত কংগ্ৰেছৰ পৰা প্ৰতিদ্বন্দিতা কৰিব অঞ্জন বৰাই

শনিবাৰে কংগ্ৰেছে ঘোষণা কৰিলে প্ৰথম প্ৰৰ্যায়ৰ 40 টা সমষ্টিৰ প্ৰাৰ্থীৰ তালিকা ৷ বিশ্বনাথ বিধানসভা সমষ্টিত এইবেলি কংগ্ৰেছ দলে প্ৰাৰ্থিত্ব প্ৰদান কৰিছে অঞ্জন বৰাক ৷

লাহোৱাল সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থী মনোজ ধানোৱাৰক লৈ ৰাইজৰ মাজত আনন্দৰ বন্যা

লাহোৱাল বিধান সভা সমষ্টিৰ বাবে কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে যুৱনেতা মনোজ ধানোৱাৰ নাম ঘোষণা কৰা লগে লগে সমষ্টিবাসীৰ মাজত বৈছে আনন্দৰ বন্যা । এসময়ৰ কংগ্ৰেছৰ দূৰ্গ হিচাপে খ্যাত লাহোৱাল সমষ্টিটো স্বাধীনতা পাচৰে পৰা দুবাৰ AGPৰ দখললৈ যোৱাৰ পৰিৱৰ্তে দীৰ্ঘ সময় ধৰি কংগ্ৰেছৰ দখলত আছিল ৷

বিজেপি প্ৰাৰ্থী প্ৰদানৰ দাবীত উত্তাল হাইলাকান্দি

সংখ্যালঘু প্ৰাৰ্থীক প্ৰাৰ্থীত্ব প্ৰদানৰ দাবীত উত্তাল হাইলাকান্দি জিলা কালাছড়া পথ ৷ ইকবাল হুছেইন মজুমদাৰক টিকট প্ৰদান নকৰিলে, হাইলাকান্দি সমষ্টিত বিজেপিয়ে নিজৰ স্থান হেৰুৱাব ৷

দীপ্তেশ্বৰী দেৱালয়ত আশীষ ল’লে ভৱেশ কলিতাই

টিকট লাভৰ পিচতেই ৰঙিয়াৰ ঐতিহ্যমণ্ডিত দীপ্তেশ্বৰী দেৱালয়ত উপস্থিত মন্ত্ৰী ভৱেশ কলিতা ৷

আমগুৰিত উন্মোচন অঞ্জন দত্তৰ প্ৰতিমূৰ্তি

আমগুৰিৰ গৌৰীসাগৰত উন্মোচন কৰা হয় প্ৰাক্তন মন্ত্ৰী তথা অসম প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি প্ৰয়াত অঞ্জন দত্তৰ প্ৰতিমূৰ্তি । প্ৰতিমূৰ্তি উন্মোচন কৰে বিশিষ্ট শিক্ষাবিদ প্ৰফুল্ল কুমাৰ বৰুৱাই ।

এম বাথা সন্দৰ্ভত বি ছাউৰাইগ্ৰাৰ প্ৰতিক্ৰিয়া

প্ৰাক্তন এনডিএফবি কেডাৰ এম বাথা পুনৰ উগ্ৰপন্থী সংগঠনলৈ যোৱাৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে এনডিএফবিৰ প্ৰাক্তন সভাপতি তথা বিপিএফৰ পাৰিষদ ছাইকং বসুমতাৰী ওৰফে বি ছাউৰাইগ্ৰাই ৷

সন্মুখত ত্ৰিপুৰা পৰিষদৰ নিৰ্বাচন: বাওঁপন্থী দলৰ প্ৰাৰ্থী তালিকা প্ৰকাশ

প্ৰতিটো ৰাজনৈতিক দল ব্যস্ত ত্ৰিপুৰা জনজাতি অঞ্চল স্বায়ত্বশাসিত পৰিষদ নিৰ্বাচনৰ ৰণকৌশল প্ৰস্তুত কৰাত । শনিবাৰে বাওঁপন্থী মিত্ৰজোঁট দলে প্ৰথমে প্ৰকাশ কৰিলে প্ৰথমখন নিৰ্বাচনী তালিকা । ২৮ জনীয়া তালিকাত ১৭ গৰাকী নতুন প্ৰাৰ্থী আৰু সৰহ সংখ্যকৰে বয়স ৫০ বছৰৰ তলৰ ।

জলবায়ুৰ প্ৰতি লক্ষ্য ৰাখি বুলেট ৰেলৰ পৰিৱৰ্তন

জাপানৰ বুলেট ৰেলৰ তুলনাত, দেশৰ উচ্চ উষ্ণতা আৰু জলবায়ুৰ পৰিস্থিতিৰ ওপৰত গুৰুত্ব আৰোপ কৰি উচ্চ গতিৰ ৰেল বা বুলেট ৰেলৰ ক্ষেত্ৰত ভাৰততো শক্তিশালী বায়ু নিয়ন্ত্ৰণ প্ৰণালীৰ লগতে দেশৰ জলবায়ুৰ পৰিস্থিতিৰ সৈতে খাপ খোৱাৰ উদ্দেশ্যে পৰিবৰ্তন কৰাৰ সিদ্ধান্ত নেশ্যনেল হাই-স্পীড কৰ্পৰেচনৰ । মহাৰাষ্ট্ৰ আৰু গুজৰাটৰ ৰাজধানীসমূহক সংযোগ কৰাৰ উদ্দেশ্যে নেশ্যনেল হাই-স্পীড কৰ্পৰেচনে এই প্ৰকল্পৰ কাম পূৰ্ণগতিত আৰম্ভ কৰিছে ।

For All Latest Updates

ABOUT THE AUTHOR

...view details