তিনি বজাৰ শীৰ্ষ দহটা বাতৰি...
বিগত 6 বছৰত ৰাজ্যবাসীৰ ওপৰত বৃদ্ধি পোৱা ঋণৰ বোজাৰ বিৱৰণ...
কেন্দ্ৰীয় পৰিসংখ্যা আৰু প্ৰকল্প ৰূপায়ণ মন্ত্ৰালয়ৰ ‘সৰ্বভাৰতীয় ঋণ আৰু বিনিয়োগ জৰীপ’(All India Debt and Investment Survey) শীর্ষক প্ৰতিবেদন অনুসৰি, ৰাজ্যত বৃদ্ধি পাইছে ঋণৰ বোজা । ক’ভিড(Covid)ৰ সময়চোৱাত জনসাধাৰণ অধিক ঋণগ্ৰস্ত হোৱাৰ আশংকা কৰা হৈছে । অসমৰ ৰাইজে লোৱা মুঠ ঋণৰ 12 শতাংশই হৈছে অপ্ৰতিষ্ঠানিক ঋণ ।
নিমাতীঘাটৰ নাও ট্ৰেজেডী : অভিযুক্তৰ জামিন লাভ
নিমাতীঘাট নাও ট্ৰেজেডীৰ অভিযুক্তৰ জামিন লাভ ৷ যোৰহাট সত্ৰ ন্যায়াধীশ আদালতে নিমাতীঘাট ফেৰী দুৰ্ঘটনাত অভিযুক্তসকলৰ জামিন মঞ্জুৰ কৰিছে ৷
বিটিআৰৰ সাম্প্ৰতিক পৰিস্থিতি সন্দৰ্ভত ৰুদ্ধদ্বাৰ বৈঠক
আইন-শৃংখলা পৰিস্থিতিৰ অৱনতি, বিটিআৰ(BTR)ৰ বৰ্তমান পৰিস্থিতি সন্দৰ্ভত চিৰাঙত উচ্চ পৰ্যায়ৰ বৈঠক । কোকৰাঝাৰ লোকনিৰ্মাণ বিভাগ(PWD Department)ৰ কাৰ্যালয়ত সংঘটিত হোৱা ঘটনাৰ বাবে ধমকি দিয়া হৈছে বাথাক ৷
তিনিটাকৈ দালালৰ বাসগৃহত তালাচী অভিযান বৰপেটা আৰক্ষীৰ
এইবাৰ ভূ-মাফিয়া তথা মাটিৰ দালাল(Land Broker)ৰ বাসগৃহত তালাচী অভিযান বৰপেটা আৰক্ষী(Barpeta Police)ৰ ৷ বৰপেটা সদৰ থানাৰ আৰক্ষীয়ে চহৰখনৰ তিনিটাকৈ মাটিৰ দালালৰ বাসগৃহত চলাইছে তালাচী অভিযান ৷ চহৰখনৰ দালাল ৰমেন দাস, ধ্ৰুৱ দাস আৰু গোবিন্দ দাসৰ বাসগৃহত চলোৱা এই তালাচী অভিযানত মাটিৰ দলিলকে ধৰি কেতবোৰ গুৰুত্বপূৰ্ণ নথি-পত্ৰ উদ্ধাৰ হয় ৷