অ’এনজিচিৰ দুই কৰ্মচাৰীক উদ্ধাৰ
নাগালেণ্ডৰ মন জিলাৰ পৰা উদ্ধাৰ কৰা হৈছে অ’এনজিচিত কৰ্মৰত অপহৃত দুই কৰ্মচাৰী মোহিনী মোহন গগৈ আৰু অলকেশ শইকীয়াক ৷ বিগত ২১ এপ্ৰিলৰ নিশাৰ পৰাই সন্ধানহীন হৈ আছিল অ'এনজিচিত কৰ্মৰত তিনি গৰাকী কৰ্মচাৰী ক্ৰমে- মোহিনী মোহন গগৈ, অলকেশ শইকীয়া আৰু ৰিতুল শইকীয়া ৷
বৰপেটাত 320 গৰাকীলৈ বৃদ্ধি কৰ’ণা আক্ৰান্তৰ সংখ্যা
বৰপেটাত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে কৰ’ণাত আক্ৰান্তৰ সংখ্যা ৷ শুকুৰবাৰৰ দিনটোত নতুনকৈ 68 গৰাকীকৈ ব্যক্তি কৰ’ণাত আক্ৰান্ত হৈছে ৷ আক্ৰান্তসকলৰ ভিতৰত 40 গৰাকীৰ আৰোগ্য লাভ ৷
ক'ভিডৰ ভয়াৱহ সংক্ৰমণ: তৎপৰ মন্ত্রী হিমন্ত বিশ্ব শৰ্মা
খানাপাৰাত ৭৫০খন বিচনাযুক্ত অস্থায়ী ক'ভিড হাস্পতালৰ ব্যৱস্থা। সৰুসজাইত ৪০০ বিচনাযুক্ত ক'ভিড কেয়াৰ চেণ্টাৰ। কাঁহিকুছি'ত ২৫৫খন বিচনাযুক্ত ক'ভিড সেৱা কেন্দ্ৰ স্থাপন ব্যৱস্থা গ্ৰহণ কৰিছে স্বাস্থ্য বিভাগে ।
শিক্ষাৰ্থী ক’ভিড আক্ৰান্ত হোৱাৰ পিছত পৰীক্ষা বাতিল ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ
ছাত্র ছাত্ৰীৰ দেহত ক'ভিডৰ অৱস্থিতি পোৱাৰ পিছত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰশাসনে অনিদিৰ্ষ্ট কাললৈ বাতিল কৰিছে বিশ্ববিদ্যালয়খনৰ অধ্যয়ন কেন্দ্ৰ আৰু বিভাগৰ সমূহৰ পৰীক্ষা । উল্লেখযোগ্য় যে, বিশ্ববিদ্যালয়খনৰ কেইবাখনো ছাত্ৰী নিৱাসক প্ৰশাসনৰ দ্বাৰা ইতিমধ্য়ে ঘোষণা কৰা হৈছে কণ্টেইনমেন্ট জ'ন ।
কাছাৰৰ লায়লাপুৰত গুলীচালনা: আহত বনকৰ্মী
শুকুৰবাৰে নিশা লায়লাপুৰত গুলীচালনাৰ ঘটনা ৷ চোৰাং চেগুন কাঠ ভৰ্তি ট্ৰাক জব্দ কৰাৰ সময়তে বনকৰ্মীক আঘাত কৰে বন মাফিয়াই ৷ ফলত গুলীচালনা কৰে লায়লাপুৰ ফৰেষ্ট বিটৰ বনকৰ্মীসকলে ৷