ৰাহুল আৰু কংগ্ৰেছ হৈছে ফাঁকিবাজ : শিৱৰাজ সিং চৌহান
বিজেপি অসম প্ৰদেশৰ খানাপাৰাস্থিত নিৰ্বাচনী সংবাদ কোষৰ কাৰ্যালয়ত বৃহস্পতিবাৰে আয়োজন কৰা হয় এক সংবাদমেলৰ ৷ এই সংবাদমেল সম্বোধন কৰে মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰী তথা বিজেপিৰ ৰাষ্ট্ৰীয় নেতা শিৱৰাজ সিং চৌহানে ৷ এই সংবাদমেলৰ পৰাই কংগ্ৰছ নেতা ৰাহুল গান্ধীৰ লগতে কংগ্ৰছ দলক তীব্ৰ ভাষাৰে সমালোচনা কৰে ৰাষ্ট্ৰীয় নেতা গৰাকীয়ে ৷
আজি কমলপুৰত ৰণ ডংকা বজাব অমিত শ্বাহে
কমলপুৰত এক যুদ্ধ সদৃশ পৰিৱেশ ৷ কমলপুৰ সমষ্টিৰ দিগুণপাৰ বৰঙ্গাবাৰী সমন্বয় ক্ষেত্ৰত ব্যস্ত এতিয়া সকলো । কিয়নো শুকুৰবাৰে কমলপুৰ সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী দিগন্ত কলিতাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহিব কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ ৷
কৌশিক ৰয়ৰ হৈ নিৰ্বাচনী প্ৰচাৰ মণিপুৰৰ মুখ্যমন্ত্ৰী এন বিৰেন সিঙৰ
লক্ষীপুৰৰ বিজেপি প্ৰাৰ্থী কৌশিক ৰয়ৰ হৈ নিৰ্বাচনী প্ৰচাৰত উপস্থিত হয় মণিপুৰৰ মুখ্য়মন্ত্ৰী এন বিৰেন সিং ৷ মনিপুৰী সম্প্ৰদায়ৰ ৰাইজক বিজেপিক ভোট প্ৰদান কৰিবলৈ আহ্বান ৷
মছজিদ নিৰ্মাণক লৈ ভাৰত-বাংলাদেশ সীমান্তত সেনা বাহিনীৰ মাজত উত্তেজনা
দুশ বছৰ পুৰণি মছজিদ পুনৰ নিৰ্মাণক কেন্দ্ৰ কৰি ভাৰত-বাংলাদেশৰ সীমান্তত দুই দেশৰ সেনা বাহিনীৰ মাজত উত্তেজনা বৃদ্ধি পাইছে ৷ বাংলাদেশৰ মছজিদ নিৰ্মাণত বিএছএফে বাধা প্ৰদান কৰাত কৰিমগঞ্জ জিলাৰ ভাৰত-বাংলাদেশৰ বিয়ানীবজাৰ লাফাশাইলত উত্তেজনা ক্ৰমাৎ বৃদ্ধি পাইছে ৷
শিৱসাগৰত সাংসদ কামাখ্যা প্ৰসাদ তাছাৰ সংবাদমেল
শিৱসাগৰত বিজেপি নেতা তথা সাংসদ কামাখ্যা প্ৰসাদ তাছাৰ সংবাদমেল ৷ সংবাদমেলত বিজেপি সাংসদ গৰাকীয়ে আত্মনিৰ্ভৰ অসমৰ বাবে 10 টা সংকল্পৰ বিষয়ে অৱগত কৰে ৷ ৰাইজ তথা সমাজৰ উন্নতি সাধন কৰিবলৈ হ'লে বিজেপি চৰকাৰৰ প্ৰয়োজনীয়তা অত্যন্ত প্ৰয়োজন বুলি মন্তব্য কামাখ্যা প্ৰসাদ তাছাৰ ৷