অসম

assam

ETV Bharat / state

11 বজাৰ শীৰ্ষ দহটা বাতৰি... - top ten news at 11 am

11 বজাৰ শীৰ্ষ দহটা বাতৰি...

top ten news at 11 am
11 বজাৰ শীৰ্ষ দহটা বাতৰি

By

Published : Mar 25, 2021, 11:09 AM IST

পাটোৱাৰী উদ্ধাৰ অভিযানৰ বাবে শুকুৰবাৰে আহি আছে গাডকাৰী

আজি বিয়লি অন্ত পৰিব প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰ অভিযান ৷ শুকুৰবাৰে নিৰ্বাচনী প্ৰচাৰ চলাবলৈ অসমলৈ আহিব কেন্দ্ৰীয় পথ পৰিবহন মন্ত্ৰী নীতিন গাডকাৰী ৷ চামতা আৰু ধৰ্মপুৰত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ হৈ দুখনকৈ নিৰ্বাচনী সভাত ভাগ ল'ব গাডকাৰীয়ে ৷

বিজেপিয়ে তৰল সাম্প্ৰদায়িক কথাৰে ৰাইজৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি কৰিছে : লুৰিণ

বুধবাৰে দুলীয়াজানৰ এক নিৰ্বাচনী সভাত অংশ লৈ বিজেপি দলে চৰকাৰ পুনৰ গঠন কৰিলে অসমত 'কা' আইন ৰূপায়ণ কৰা হ'ব বুলি মন্তব্য কৰাত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি লুৰিণ জ্যোতি গগৈয়ে কয়, "অসম জাতীয় পৰিষদৰ চৰকাৰ গঠন হ'লে কেতিয়াও 'কা' অসমত বলৱৎ হ'বলৈ নিদিওঁ ।

বিজেপি নেতাৰ পৰিয়ালেও এইবাৰ কংগ্ৰেছক ভোট দিব : ৰকিবুল হুছেইন

শদিয়া সমষ্টিৰ তালাপত কংগ্ৰেছৰ নিৰ্বাচনী প্ৰচাৰ সভাত উপস্থিত প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন ৷ বিজেপিয়ে বিগত পাঁচটা বছৰে অসমবাসী ৰাইজক প্ৰতাৰণা কৰাৰ অভিযোগ উত্থাপন কৰি হুছেইনে কয় যে, এইবাৰ বিজেপি নেতাৰ পত্নী আৰু ল'ৰা ছোৱালীয়েও কংগ্ৰেছকহে ভোট দিব ৷

মহাজোঁটৰ চৰকাৰ হ’লে বিজেপি চৰকাৰক ব্ৰহ্মপুত্ৰত নিক্ষেপ কৰা হ’বঃআব্দুল খালেক

বুধবাৰে কলগাছিয়াত উদ্বোধন কৰা হয় এ আই ইউ ডি এফ প্ৰাৰ্থী ড৹ হাফিজ ৰফিকুল ইছলামৰ কেন্দ্ৰীয় নিৰ্বাচনী কাৰ্যালয় ৷ এই কাৰ্যালয় উদ্বোধন কৰে সাংসদ আব্দুল খালেকে ৷

উন্নয়নৰ ধাৰা অব্যাহত ৰাখিবলৈ বিজেপিক ভোট দিয়ক:মন্ত্ৰী যোগেন মোহন

প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰাকক্ষণত বুধবাৰে ৰাজহ আৰু ৰাজ্যিক গড়কাপ্তানী বিভাগৰ মন্ত্ৰী যোগেন মহনে জাতি-জনগোষ্ঠী সকলোকে লৈ উন্নয়নৰ কাম কৰা চৰকাৰক ভোট দিবলৈ অসমৰ ৰাইজক আহ্বান জনাইছে ।

ভূপেশ বাঘেলৰ সৈতে কংগ্ৰেছী প্ৰাৰ্থী ৰাজকুমাৰ নেওঁগৰ বিশাল ৰেলী

ডিব্ৰুগড়ত কংগ্ৰেছৰ প্ৰাৰ্থী ৰাজকুমাৰ নীলনেত্ৰ নেওঁগৰ হৈ বৃহৎ ৰেলীত অংশগ্ৰহণ ছত্তিশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেলৰ ৷ ৰেলীত অংশগ্ৰহণ কৰি বিজেপিৰ ৰাষ্ট্ৰীয় উপ সভাপতি ড0 ৰমন সিঙক তীব্ৰ সমালোচনা কৰে বাঘেলে ৷

লাহোৱালত থাকিব দুজন বিধায়ক : হিমন্ত বিশ্ব শৰ্মা

বুধবাৰে ডিব্ৰুগড়ত নিৰ্বাচনী ৰণডংকা বজালে মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ লাহোৱাল সমষ্টিৰ বিজেপি প্ৰাৰ্থী বিনোদ হাজৰিকাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলালে নেডাৰ আহ্বায়ক মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।

মৰাণৰ সমীপৰ নিতাইপুখুৰী চিতলীয়াত উদ্ধাৰ বনৰীয়া হাতী

বুধবাৰে সন্ধিয়াৰ ভাগত মৰাণৰ সমীপৰ ডিমৌ খণ্ড বন বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত চিতলীয়া বৰদলনিত পৰিত্যক্ত অৱস্থাত উদ্ধাৰ হৈছে এটা বনৰীয়া হাতী ৷ আৰক্ষী সূত্ৰই জনোৱা মতে, কোনো জীৱশ্ৰেষ্ঠই অতি নৃশংসভাৱে হত্যা কৰে বনৰীয়া হাতীটোক ৷

ত্ৰিপুৰা জিলা পৰিষদৰ নিৰ্বাচন: ৰাজনৈতিক দলৰ নিৰ্বাচনী প্ৰস্তুতি তুংগত

সমাগত ত্ৰিপুৰাৰ জনজাতীয় অঞ্চল স্বায়ত্ব শাসিত জিলা পৰিষদৰ নিৰ্বাচন । ত্ৰিপুৰাত নিৰ্বাচনী প্ৰচাৰ তীব্ৰতৰ কৰি তুলিছে ৰাজনৈতিক দলসমূহে । নিজৰ দলৰ লগতে মিত্ৰজোঁট সমৰ্থিত প্ৰাৰ্থীৰ হৈ প্ৰচাৰ অভিযান চলাইছে বিজেপি আৰু আইপিএফটিয়ে । ৰাজ্যখনৰ ভিন্ন স্থানত নিৰ্বাচনী প্ৰচাৰ সভা অনুষ্ঠিত কৰিছে টিআইপিআৰএ-ও ।

কোন হ'ব পৰৱৰ্তী মুখ্য ন্যায়াধীশ ? পৰামৰ্শ আগবঢ়ালে এছ এ ববডেই

এনভি ৰমনক পৰৱৰ্তী মুখ্য ন্যায়াধীশ হিচাপে নিয়োজিত কৰাৰ পৰামৰ্শ ভাৰতৰ মুখ্য ন্যায়াধীশ এছ এ ববডেৰ । এই পৰমৰ্শৰ বিষয়ে উল্লেখ কৰি কেন্দ্ৰীয় চৰকাৰলৈ এখন পত্ৰ প্ৰেৰণ কৰিছে বৰ্তমানৰ মুখ্য ন্যায়াধীশগৰাকীয়ে ।

ABOUT THE AUTHOR

...view details