তামুলপুৰত 44 টা চোৰাং চিকাৰীৰ আত্মসমৰ্পন
তামুলপুৰত বুধবাৰে সন্ধিয়া অস্ত্ৰসহ 44 টাকৈ চোৰাং চিকাৰী(Poacher)ৰ আনুষ্ঠানিকভাৱে আত্মসমৰ্পন(Surrender) ৷ তামুলপুৰৰ ভিন্ন প্ৰান্তৰ পৰা অহা চোৰাং চিকাৰীকেইটাই বাক্সা জিলাৰ আৰক্ষী অধীক্ষক, তামুলপুৰ মহকুমা আৰক্ষী বিষয়াসহ বহুকেইগৰাকী শীৰ্ষ আৰক্ষী বিষয়াৰ উপস্থিতিত আত্মসমৰ্পন কৰে ৷
মমতা বেনাৰ্জীসহ পশ্চিমবংগৰ তিনি নৱ-নিৰ্বাচিত বিধায়কৰ শপত গ্ৰহণ
পশ্চিমবংগৰ উপ-নিৰ্বাচনত শেহতীয়াকৈ নিৰ্বাচিত হোৱা তিনিগৰাকী বিধায়কে বৃহস্পতিবাৰে শপত গ্ৰহণ কৰিব । ৰাজ্যপালৰ উপস্থিতিত শপত ল'ব মমতা বেনাৰ্জীসহ তিনিওগৰাকী বিধায়কে ।
কেবিনেটৰ সিদ্ধান্ত : ২০২২ ত চৰকাৰী বন্ধ হ'ব ৩৪ দিন
২০২২ বৰ্ষত সৰ্বমুঠ চৰকাৰী বন্ধৰ দিন হ'ব ৩৪ দিন । বুধবাৰে নিশা জনতা ভৱনত অনুষ্ঠিত ৰাজ্যিক কেবিনেট বৈঠকে এই সিদ্ধান্তত অনুমোদন জনায় । মুখ্যমন্ত্ৰী ড৹ হিমন্তবিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকৰ অন্তত সংবাদ মাধ্যমৰ আগত কেবিনেটৰ সিদ্ধান্ত সমূহ অৱগত কৰে মন্ত্ৰী কেশৱ মহন্তই ।
উচ্চতম ন্যায়ালয়ত লখিমপুৰ খেৰীৰ হিংসাত্মক ঘটনাৰ শুনানি
উত্তৰপ্ৰদেশৰ লখিমপুৰ খেৰীৰ ঘটনাই ইতিমধ্যে সমগ্ৰ দেশতে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । ভুক্তভোগীৰ পৰিয়ালৰ কাষত থিয় দিছে বহু নেতা আৰু দল সংগঠনে । ইফালে বৃহস্পতিবাৰে মুখ্য ন্যায়াধীশ এন ভি ৰমনাৰ নেতৃত্বত গঠিত এক বিচাৰপীঠে গোচৰটোৰ শুনানি গ্ৰহণ কৰিব ।
নাগপুৰৰ ‘বাহুবলী ফুচকা’ৰ নাম শুনিছেনে ?
নাগপুৰৰ এবিধ বিশেষ ফুচকা(Fuska), যি ফুচকা দেখিলে আপুনিও ক’ব ইয়াৰ আকৃতিৰ কথা ৷ এইবিধ ফুচকা দেশৰ ভিতৰত আটাইতকৈ বৃহৎ ফুচকা বুলি একাংশৰ মাজত প্ৰচলিত ৷