অসম

assam

ETV Bharat / state

এক বজাৰ শীৰ্ষ দহটা বাতৰি...

এক বজাৰ শীৰ্ষ দহটা বাতৰি...

top ten news at 1 pm
এক বজাৰ শীৰ্ষ দহটা বাতৰি

By

Published : Sep 25, 2021, 1:03 PM IST

এক বজাৰ শীৰ্ষ দহটা বাতৰি...

অন্তিমটো দিনৰ কাৰ্যসূচীৰে নিউয়ৰ্কত উপস্থিত প্ৰধানমন্ত্ৰী মোডী

মাৰ্কিন ৰাষ্ট্ৰপতি জ’ বাইডেন আৰু উপ ৰাষ্ট্ৰপতি কমলা হেৰিছক সাক্ষাতৰ পিছতে ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাত অংশগ্ৰহণৰ বাবে নিউয়ৰ্কত উপস্থিত হয় প্ৰধানমন্ত্ৰী মোডী ৷

থাওৰাত কংগ্ৰেছ-বিজেপিৰ দুৰ্নীতিৰ তদন্ত কৰা হ'ব : অখিল গগৈ

থাওৰা দখলৰ লক্ষ্যৰে নিৰ্বাচনী প্ৰচাৰত ব্যস্ত ৰাইজৰ দলৰ সভাপতি অখিল গগৈ ৷ ৰাইজৰ দলৰ প্ৰাৰ্থী ধৈৰ্য কোঁৱৰক লগত লৈ প্ৰতিদিনে সমষ্টিটোত কেইবাখনো প্ৰচাৰ সভাত অংশ লৈছে অখিল গগৈয়ে ৷

UPSCত 283 স্থান হাইলাকান্দিৰ হাছানুজ্জামান চৌধুৰীৰ

শুকুৰবাৰে ঘোষিত ভাৰতীয় লোকসেৱা আয়োগৰ 2020 বৰ্ষৰ চূড়ান্ত ফলাফলত 283 তম স্থান লাভ কৰিছে হাইলাকান্দিৰ হাছানুজ্জামান চৌধুৰীয়ে ৷ ইয়াৰ উপৰিও 97 তম স্থান লাভ কৰিছে অসম আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধান জি পি সিঙৰ কন্যা ঐশ্বৰ্যই ৷

মধ্যাহ্ন ভোজন ৰন্ধন কৰ্মী-অংগনবাদী কৰ্মীৰ প্ৰতিবাদ

কেন্দ্ৰীয় ট্ৰেড ইউনিয়নসমূহৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই শুকুৰবাৰে সমগ্ৰ দেশতে পালন কৰা আঁচনিভুক্ত কৰ্মচাৰীসকলৰ ধৰ্মঘটে অসমতো ব্যাপক প্ৰভাৱ পেলোৱা পৰিলক্ষিত হয় । আঁচনিভুক্ত কৰ্মচাৰী অৰ্থাৎ অংগনবাদী কৰ্মী-সহায়িকা, আশাকৰ্মী আৰু ৰন্ধন কৰ্মচাৰীসকলে ধৰ্মঘট পালন কৰি প্ৰতিবাদ সাব্যস্ত কৰে ।

উচ্ছেদ হ’বই, কংগ্ৰেছে কাপোৰ ফালিলে মই ভয় কৰা বিধৰ নহয় : মুখ্যমন্ত্ৰী

উচ্ছেদ বন্ধ নহয়, চলি থাকিব । এই ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ । ছিপাঝাৰৰ গৰুখুটিৰ ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি শুকুৰবাৰে সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰীয়ে কয়, এটা দিনৰ বাবে স্তব্ধ থাকিল ধলপুৰৰ উচ্ছেদস্থলী ৷ এই উচ্ছেদ বন্ধ নহয় আৰু চলিব ৷ এয়া খন্তেক জিৰণী ।

পদ্ম হাজৰিকাক গ্ৰেপ্তাৰৰ দাবী বিটিচি ধৰ্মীয় সংখ্যালঘু পৰিষদৰ

ছিপাঝাৰ কাণ্ডৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সদৌ বিটিচি ধৰ্মীয় সংখ্যালঘু পৰিষদৰ সভাপতি আব্দুল আৱাল মণ্ডলে । চিৰাঙৰ কাজলগাঁৱত বিটিচি ধৰ্মীয় সংখ্যালঘু পৰিষদৰ সভাপতিগৰাকীয়ে এই ঘটনাৰ সন্দৰ্ভত বিধায়ক পদ্ম হাজৰিকাক গ্ৰেপ্তাৰৰ দাবী জনায় ।

আশাকৰ্মীক চৰকাৰী কৰ্মচাৰীৰ মৰ্যদা প্ৰদানৰ দাবী

শুকুৰবাৰে প্ৰতিবাদত উত্তাল হ’ল ৰাজপথ ৷ ৰাজ্যৰ আশাকৰ্মীসকলক চৰকাৰী কৰ্মচাৰী হিচাপে নিয়োজিত কৰাৰ দাবীত প্ৰতিবাদত উত্তাল হ’ল ডিব্ৰুগড় ৷ সদৌ অসম আশা কৰ্মী সন্থাৰ কৰ্মীসকলৰ দাবী, আঁচনিভুক্ত শ্ৰমিকক প্ৰদান কৰক মাহিলী ২১ হাজাৰ টকাকৈ দৰমহা ৷

গৰুখুটিত উচ্ছেদ : মুখ্যমন্ত্ৰীৰ পুত্তলিকা দাহ কৰি ৰাজ্যজুৰি আমছুৰ প্ৰতিবাদ

প্ৰসংগ গৰুখুটি কাণ্ড, ৰাজ্যৰ চৌদিশে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন আমছুৰ ৷ দাহ কৰিলে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ পুত্তলিকা ৷ অমানৱীয়ভাৱে গুলিবর্ষণ কৰি তিনিজনক হত্যাৰ অভিযোগ তুলি আমছুৰ প্ৰতিবাদ ৷ পুনৰ সংস্থাপন অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী জনাইছে আমছুৱে ৷

পেঙেৰীত 200 কাৰ্টন অৰুণাচলী সুৰা জব্দ, আটক 5

আৰক্ষীৰ নিৰন্তৰ অভিযানৰ মাজতো ৰাজ্যত প্ৰতিদিনে চলিয়েই আছে নিচাজাতীয় সামগ্ৰীৰ সৰবৰাহ ৷ ইয়াৰ মাজতে পেঙেৰীত আৰক্ষীৰ অভিযানত জব্দ হয় প্ৰায় 200 কাৰ্টন অৰুণাচলী সুৰা ৷

বিদ্ৰোহৰ ফলত বঞ্চিত লোকৰ বাবে ত্ৰিপুৰা চৰকাৰে গঠন কৰিব বিশেষ আয়োগ

ত্ৰিপুৰা বিধানসভাত উত্থাপন হৈছে দশকজোৰা বিদ্ৰোহৰ প্ৰসংগ । শাসকীয় দলৰ এগৰাকী বিধায়কে উত্থাপন কৰিছে বিষয়টো । বিধায়কৰ প্ৰতি সঁহাৰি জনাই মুখ্যমন্ত্ৰীয়েও বিশেষ ঘোষণা কৰিলে । যি ঘোষণাই কিছু পৰিমাণে আনন্দিত কৰি তুলিছে ত্ৰিপুৰাবাসীক । পিছে মুখ্যমন্ত্ৰীয়ে কি ঘোষণা কৰিলে সদনৰ মজিয়াত ?

ABOUT THE AUTHOR

...view details